Logo
image

পিছুৱালে ৰাজস্থান নিৰ্বাচনৰ ভোটঃ কেতিয়া ঘোষণা হ'ব ফলাফল?

ডিজিটেল ডেস্কঃ সলনি কৰা হৈছে ৰাজস্থান বিধানসভা নিৰ্বাচনৰ দিন। ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজস্থান বিধানসভা নিৰ্বাচন ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ সলনি কৰিছে। 

উল্লেখ্য যে নিৰ্বাচন আয়োগে ২৩ নৱেম্বৰত বিবাহ আৰু উৎসৱৰ ব্যস্ততাৰ কথা বিবেচনা কৰি নিৰ্বাচনৰ সময়সূচী সলনি কৰিছে। 

শেহতীয়াকৈ নিৰ্বাচনী আয়োগে ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে৷ সেই অনুসৰি মধ্য প্ৰদেশত ১৭ নৱেম্বৰত, ছত্তীশগড়ত দুটা পৰ্যায়ত ৭ আৰু ১৭ নৱেম্বৰত, মিজোৰামত ৭ নৱেম্বৰত আৰু তেলেংগানাত ৩০ নৱেম্বৰত ভোটগ্ৰহণৰ দিন ঘোষণা কৰিছে৷ ৰাজস্থানত পূৰ্বতে ২৩ নৱেম্বৰত ভোটগ্ৰহণৰ দিন ঘোষণা কৰিছিল যদিও বৰ্তমান ভোটগ্ৰহণৰ দিন ২৫ নৱেম্বৰলৈ পিছুওৱা হৈছে৷  আটাইকেইখন ৰাজ্যৰে ভোটগণনা ৩ ডিচেম্বৰত অনুষ্ঠিত হ'ব।