Logo
image

মন্দিয়াত বায়ুসেনাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণঃ ৰাইজৰ মাজত হুৱা-দুৱা

ডিজিটেল সংবাদ, মন্দিয়াঃ বৰপেটা জিলাৰ মন্দিয়া ছিধুনী কান্দাপাৰাৰ পথাৰত বুধবাৰে ভাৰতীয় বায়ুসেনাৰ এখন হেলিকপ্টাৰ জৰুৰীভাৱে অৱতৰণ কৰাত ৰাইজৰ মাজত হুৱা-দুৱা লাগে। জানিব পৰা মতে বিয়লি ৪:৩০ বজাত উক্ত অঞ্চলৰ হঠাতে ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰখন অৱতৰণ কৰিবলগীয়া হয়। বায়ুসেনাৰ বিষয়াই জনোৱা অনুসৰি যান্ত্ৰিক বিজুতিৰ বাবে জৰুৰীভাৱে হেলিকপ্টাৰখন অৱতৰণ কৰোৱা হয়। অৱশ্যে হেলিকপ্টাৰখনত থকা বায়ুসেনাৰ জোৱানসকলৰ কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।