Logo
image

এছপি লীনাসহ ১৭ আৰক্ষীক চমন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ অক্টোবৰঃ অভিযুক্তৰ ঘৰত বুলড’জাৰ চলাই বিপদত এইবাৰ অসম আৰক্ষী! বটদ্ৰৱা থানা জ্বলোৱা কাণ্ডৰ প্ৰতিশোধ হিচাপে নগাঁও আৰক্ষীয়ে একেৰাতিৰ ভিতৰতে অভিযুক্তৰ ঘৰ বুলড’জাৰে উচ্ছেদ চলোৱাৰ পৰিণতি হিচাপে অসম আৰক্ষীৰ সংশ্লিষ্ট বিষয়াসকলে শাস্তিৰ সন্মুখীন হোৱাৰ  সম্ভাৱনা নিশ্চিত হৈ পৰিছে৷ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুৰ গোচৰত নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেয়ে চি বি আইৰ জেৰাৰ সন্মুখীন হোৱাৰ পাছত এইবাৰ বটদ্ৰৱাত অভিযুক্তৰ বাসগৃহ বুলড’জাৰেৰে উচ্ছেদ চলোৱা ঘটনাত ৰাজ্য চৰকাৰৰ এজনীয়া তদন্ত আয়োগে জেৰাৰ বাবে চমন জাৰি কৰিছে লীনা দলেক৷ বুলড’জাৰ-কাণ্ডত এছ পি লীনা দলেৰ লগতে নগাঁৱৰ তদানীন্তন ১৭ জন আৰক্ষী বিষয়াক আজি জেৰা কৰিব অসম চৰকাৰৰ অভিযুক্ত মুখ্য সচিব অবিনাশ পি দাস যোশীৰ নেতৃত্বাধীন এজনীয়া তদন্ত কমিটীয়ে৷ অভিযোগ অনুসৰি ২০২২ চনৰ ২১ মে’ত বটদ্ৰৱা থানাৰ আৰক্ষীৰ জিম্মাত বটদ্ৰৱাৰ শালনাবড়িৰ ছফিকুল ইছলাম নামৰ মৎস্য ব্যৱসায়ীৰ মৃত্যু হৈছিল৷ সুৰাপান কৰাৰ অপৰাধত আৰক্ষীয়ে আটক কৰি শাৰীৰিক নিৰ্যাতন চলোৱাৰ পৰিণতিত ছফিকুল ইছলামৰ মৃত্যু হোৱা বুলি সেই সময়ত অভিযোগ কৰিছিল পৰিয়ালৰ লোকে৷ আনকি ছবিকুলৰ দেহত আৰক্ষীৰ নিৰ্যাতনৰ দাগ থকা বুলিও অভিযোগ কৰিছিল মৃত ছফিকুলৰ পত্নীয়ে৷ আৰক্ষীৰ জিম্মাত ছফিকুলৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজিত লোকে বটদ্ৰৱা থানা ঘেৰাও কৰি অগ্নিসংযোগ কৰিছিল৷ এই ঘটনাৰ পাছতেই বটদ্ৰৱাত তদানীন্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু আইন-শৃংখলাৰ তদানীন্তন এডিজিপি জিপি সিং উপস্থিত হৈ থানা জ্বলোৱাসকলক শাস্তি দিয়া হ’ব বুলি কঠোৰ সকীয়নি দিছিল৷ ডিজিপি-এডিজিপিৰ বটদ্ৰৱা ভ্ৰমণৰ পাছতেই নগাঁও আৰক্ষীয়ে সম্পূৰ্ণ আইনবিৰুদ্ধভাৱে থানা জ্বলোৱা ঘটনাৰ মূল অভিযুক্তৰ ঘৰ বুলড’জাৰেৰে উচ্ছেদ চলাইছিল৷ বুলড’জাৰে ঘৰ উচ্ছেদ চলোৱাত অভিযুক্তৰ কণ কণ দুটি সন্তানে মুকলি আকাশৰ তলত ভোকে-লঘোনে পাৰ কৰা কৰুণ দৃশ্যও দেখা পোৱা গৈছিল৷ আনকি বটদ্ৰৱা থানাত অগ্নিসংযোগত জড়িত এজন অভিযুক্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছতো নিশা তদন্তকাৰী আৰক্ষীয়ে নাটকীয় এনকাউণ্টাৰত গুলীয়াই হত্যা কৰিছিল৷ ইফালে একেৰাতিৰ ভিতৰতে অভিযুক্তৰ ঘৰত আৰক্ষীয়ে আইন উলংঘন কৰি ক্ষমতাৰ অপব্যৱহাৰে বুলড’জাৰ চলোৱাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহ বিভাগে ইয়াক লৈ কোনো গুৰুত্ব দিয়া নাছিল৷ যাৰ পৰিপ্ৰেক্ষিতত এজন ভুক্তভোগীয়ে বুলড’জাৰে চলোৱাৰ নিৰ্দেশ দিয়া বিষয়াক চিনাক্ত কৰি শাস্তি প্ৰদান আৰু ক্ষতিপূৰণৰ আৰ্জিৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ত গোচৰ ৰুজু কৰে৷ ইয়াৰ পাছতেই আইনী ৰোষত পৰাৰ ভয়ত ৰাজ্য চৰকাৰে অতিৰিক্ত মুখ্য সচিব অবিনাশ পি দাস যোশীৰ নেতৃত্বত বটদ্ৰৱা-কাণ্ডৰ এজনীয়া তদন্ত কমিটী গঠন কৰে৷ উক্ত কমিটীক ছফিকুল ইছলাম আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা, মৃত ছফিকুলৰ পৰিয়ালে থানাত অগ্নিসংযোগ কৰা আৰু আৰক্ষীয়ে বুলড’জাৰেৰে অভিযুক্তৰ ঘৰ উচ্ছেদ চলোৱা ঘটনাৰো তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয়৷ আনকি চলিত বৰ্ষৰ মাৰ্চত গুৱাহাটী উচ্ছ ন্যায়ালয়ক ৰাজ্য চৰকাৰে শপতনামাযোগে বটদ্ৰৱা কাণ্ডৰ দোষীক ১৫ দিনৰ ভিতৰত চিনাক্ত কৰি শাস্তি প্ৰদানৰ লগতে ভুক্তভোগীক ক্ষতিপূৰণ প্ৰদান কৰিব বুলিও অৱগত কৰিছিল৷ কিন্তু ন্যায়ালয়ক অৱগত কৰিয়ো ৰাজ্য চৰকাৰে বটদ্ৰৱা কাণ্ডৰ সন্দৰ্ভত কোনো ব্যৱস্থা নোলোৱাত শেহতীয়াকৈ ভুক্তভোগীয়ে পুনৰ গুৱাহাটী উচ্ছ ন্যায়ালয়ত চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰে৷ এই গোচৰৰ পাছতেই থৰ-কাছুটি হেৰুৱাইছে ৰাজ্য চৰকাৰে৷ যাৰ বাবে বটদ্ৰৱা কাণ্ডত অভিযুক্তৰ বাসগৃহ উচ্ছেদ চলোৱা ঘটনাত জড়িত দোষীক চিনাক্ত কৰাৰ বাবে নগাঁৱৰ তদানীন্তন ১৭ জন আৰক্ষী বিষয়াক বৃহস্পতিবাৰে তদন্ত কমিটীৰ ওচৰত হাজিৰ কৰোৱাৰ বাবে ডিজিপিক নিৰ্দেশ দিছে৷ অতিৰিক্ত মুখ্য সচিব অবিনাশ পি দাস যোশীৰ এজনীয়া কমিটীৰ পৰা চমন লাভ কৰা বিষয়াসকলৰ ভিতৰত আছে নগাঁৱৰ তদানীন্তন এছ পি লীনা দলে, এ এছ পি ধ্ৰুৱ বৰা, এ এছ পি নিৰুপম হাজৰিকা, ডি এছ পি ত্ৰিদিপ প্ৰতীম কুম্বাং, এছ ডি পি অ’ কলিয়াবৰ মৃন্ময় দাস, ডি এছ পি দিপ্তী মালি, ডি এছ পি দুৰ্লভ চন্দ্ৰ দাস, উপ-পৰিদৰ্শক কুমুদ গগৈ, বটদ্ৰৱা থানাৰ তদানীন্তন অ’চি মিটু দাস, উপ-পৰিদৰ্শক ছুৰুজুল হক, বিমল বসুমতাৰী, অভিনৱ দাস, ৰূপজ্যোতি হাজৰিকা, সহকাৰী উপ-পৰিদৰ্শক অনিল দাস, লক্ষী বৰা, জীৱন গগৈ আৰু পবন ডেকা৷ ইয়াৰে এ পি এ বিষয়া কেইজনক দিনৰ ১০.৩০ বজাৰ পৰা ১২.৩০ বজাৰ ভিতৰত জনতা ভৱনত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে৷ আন তলৰ পৰ্যায়ৰ বিষয়াকেইজনে দিনৰ ৰ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত হাজিৰ হ’ব লাগিব৷

এজনীয়া তদন্ত আয়োগে সাক্ষ্য ল’ব দিছপুৰত

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  বিগত বৰ্ষত নগাঁও জিলাৰ বটদ্ৰৱাত আৰক্ষী থানা জ্বলোৱা ঘটনা সম্পৰ্কত নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেসহ ১৭জন আৰক্ষী বিষয়াক এজনীয়া তদন্ত আয়োগৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে৷ আজি অতিৰিক্ত মুখ্য সচিব অবিনাশ পি দাস যোশীৰ সন্মুখত হাজিৰ হ’ব লাগিব নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, নিৰুপম হাজৰিকা,  উপ-আৰক্ষী অধীক্ষক ত্ৰিদীপ প্ৰতীম কুমবাং, দিপ্তী মালি, দুৰ্লভ চন্দ্ৰ দাস, কলিয়াবৰৰ তদানীন্তন মহকুমা আৰক্ষী অধীক্ষক মৃন্ময় দাসসহ ১৭জন আৰক্ষী বিষয়া৷ উল্লেখ্য, ২০২২ চনৰ ২১ মে’ৰ দিনা বটদ্ৰৱা থানাৰ আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল বটদ্ৰৱা শালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন লোকৰ৷ তাৰ পাছতে আৰক্ষী জিম্মাত ছফিকুল ইছলামৰ মৃত্যু হোৱা ঘটনাৰ সুযোগলৈ একাংশ দুষ্কৃতিকাৰীয়ে বটদ্ৰৱা থানা জ্বলাই দিছিল৷ এই লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ বটদ্ৰৱা থানা জ্বলোৱা ঘটনাৰ পাছতে আৰক্ষীয়ে ভাঙি পেলাইছিল বটদ্ৰৱা শালনাবড়িত থকা ছফিকুল ইছলামৰ ঘৰ৷ আৰক্ষীৰ জিম্মাত ছফিকুল ইছলামৰ মৃত্যু আৰু ছফিকুল ইছলামৰ বাসগৃহ ভাঙি পেলোৱাৰ সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা এজনীয়া তদন্ত কমিটীৰ ওচৰত আজি হাজিৰ হ’ব লাগিব নগাঁৱৰ তদানীন্তন আৰক্ষী বিষয়াসকল৷ অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী ব্লকৰ সভাগৃহত এজনীয়া তদন্ত কমিটীৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পি দাস যোশীৰ সন্মুখত হাজিৰ হ’ব লাগিব উক্ত আৰক্ষী বিষয়াসকল৷