Logo
image

পদুমত ভোট দিলে পাব চৰকাৰী সুবিধা! মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ১২ অক্টোবৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সূৰ্য আৰু মই হ’লোঁ চন্দ্ৰ৷ সূৰ্যই পোহৰ দিলে চন্দ্ৰই যেনেকৈ পোহৰ দিয়ে, মোদীয়ে দিলে আমিও দিব পাৰিম৷ পদুমফুল আৰু ট্ৰেক্টৰত ভোট দিলে বিটিআৰবাসীয়ে পাই থাকিব বিভিন্ন আঁচনিৰ সুবিধা৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে কোকৰাঝাৰত অৰুণোদয় ২.০ মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়– অৰুণোদয় হৈছে ধুমুহা৷ এই ধুমুহাই বিৰোধীক উৰুৱাই দিব৷ বিজেপিক ভোট দিলে গৰুৱে গাখীৰ দিয়াৰ দৰে ৰাইজে লাভ কৰিব বিভিন্ন চৰকাৰী আঁচনি৷ বিৰোধীয়ে কোৱাৰ দৰে এয়া নিৰ্বাচনী চমক নহয়৷ ৰাজস্থান, পশ্চিম বংগত একেলগে একলাখ চাকৰি দিব পৰা নাই৷ উল্লেখ্য, অৰুণোদয় ২.০ ৰ অধীনত ৭.৩০ লাখ নতুন হিতাধিকাৰীক সামৰি লোৱা হ’ব৷ ইয়াৰ ফলত অৰুণোদয়ৰ অধীনত মুঠ হিতাধিকাৰীৰ সংখ্যা ২৬ লাখ হ’ব৷ কোকৰাঝাৰ জিলাত অৰুণোদয় ২.০ত মুঠ ২১ হাজাৰ নতুন হিতাধিকাৰীক সামৰি লোৱা হ’ব৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনিসমূহত দুৰ্বল শ্ৰেণীক অন্তৰ্ভুক্ত কৰাটো ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়৷ ক্ষমতালৈ অহাৰ পিছত বৰ্তমানৰ ৰাজ্য চৰকাৰে আৰ্থিকভাৱে দুৰ্বল মহিলাসকলক অৰুণোদয়ৰ পৰিসৰৰ অধীনলৈ অনাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে৷ ২৬ লাখ মহিলাই প্ৰতিমাহৰ ১০ তাৰিখে ১২৫০ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে পোনপটীয়াকৈ লাভ কৰিব৷ দৰিদ্ৰতাৰ পৰা উদ্ভৱ হোৱা জনসাধাৰণৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে এই আঁচনিখন গ্ৰহণ কৰিছে৷ চৰকাৰে অৰুণোদয় হিতাধিকাৰীৰ ধনৰাশিৰ পৰিমাণ বৃদ্ধি কৰিছে যাতে হিতাধিকাৰীসকলে তেওঁলোকৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে৷ ডাবল ইঞ্জিন চৰকাৰৰ বাবে ৰাজ্যখনত কল্যাণমূলক আঁচনিসমূহৰ পৰিসৰ বৃদ্ধি কৰাটো সম্ভৱ হৈ উঠিছে৷ অহা কেইদিনমানৰ ভিতৰতে ৰাজ্য চৰকাৰে ছাত্ৰীসকলক চাইকেল বিতৰণ কৰাৰ লগতে অসম ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই আঁচনিৰ অধীনত ঋণ ৰেহাই লাভ কৰা মহিলাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰিব৷ শান্তিৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰা বি টি আৰ আৰু ইয়াৰ জনসাধাৰণক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অঞ্চলটোত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰা বাবেই চৰকাৰে এই অঞ্চলটো আৰু জনসাধাৰণৰ উন্নয়নৰ বাবে বহু আঁচনি হাতত লোৱাত সহায় কৰিছে৷ কালিৰ এই অনুষ্ঠানত গৃহ নিৰ্মাণ নগৰ উন্নয়ন আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কেইবাগৰাকীও ইম আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

‘আমাৰ অসম’ৰ গোসাঁইগাঁৱৰ প্ৰতিনিধিঃ গোসাঁইগাঁৱৰ বল্লমগুৰিত স্থাপন কৰা নিয়োগ দক্ষতা আৰু উদ্যোগিক প্ৰতিষ্ঠানটো কালি আনুষ্ঠানিক ভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে৷ মুখ্যমন্ত্ৰীয়ে পুবা ১০.২০ বজাত গোসাঁইগাঁবৰ হাবৰুবিল হেলি পেডত উপস্থিত হৈ পোনে পোনে বল্লমগুৰিত উপস্থিত হৈ আই টি আই উদ্বোধন কৰে৷ বল্লমগুৰি আই টি আই উদ্বোধন কৰি ইয়াৰ কিছু সামগ্ৰী প্ৰত্যক্ষ কৰাৰ লগতে কেন্দ্ৰটোৰ ভিতৰত প্ৰৱেশ কৰি বিভিন্ন দিশ প্ৰদৰ্শন কৰে৷ মুখ্যমন্ত্ৰীক সংগ দিয়ে লগতে অভিভাৱক মন্ত্ৰী অশোক সিংহাল, ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচি প্ৰধান প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য ৰেওৰেওবা নাৰ্জিহাৰী, উকীল বসুমতাৰী, উইলছন হাসদা, এম চি এল এ সজল সিংহ উপস্থিত থকাৰ লগতে বিভাগৰ উচ্ছপদস্থ বিষয়া সকল৷ দক্ষতা নিয়োগ আৰু উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো শুভ উদ্বোধন কৰাৰ পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীজনে কয়– অসমৰ বাবে আজিৰ দিনটো এটা অতি গুৰুত্বপূৰ্ণ দিন৷ ভাৰতৰ কনট্ৰাকচন একটিভিটি৷ যাক আমি চমুকৈ এন এল টি বুলি কওঁ৷ এন এল টি আৰু চৰকাৰৰ এখন বুজাবুজি চুক্তি কৰিচিল৷ ভাৰতবৰ্ষৰ কনট্ৰাকচন ইনচটিউটৰ বাবে মানৱ সম্পদৰ প্ৰয়োজন হয়৷ সেই মানৱ সম্পদ অসমত প্ৰস্তুত কৰিব পাৰোঁ৷ অসমৰ পৰাই মানৱ সম্পদৰ এক ডাঙৰ ভাণ্ডাৰ নিৰ্মাণ কৰিব লাগিব৷ এন এল টিৰ লগত আমি সিদ্ধান্ত লৈছো৷ ৰাজ্যৰ ৩খন আই টি আই আমি এন এল টিক দিম৷ তাক উন্নত কৰি নতুন নতুন ইকুইটমেণ্ট আনিব৷ তাৰ পৰাই যাতে সুন্দৰকৈ নিৰ্মাণ সম্পৰ্কীয় মানৱ সম্পদ নিৰ্মাণ হব৷ এন এল টি য়ে আই টি আই সমূহ পৰিচালনা কৰিব৷ ৰাজ্যৰ গোসাঁইগাঁৱৰ বল্লমগুৰি, নলবাৰী আৰু গোগামুখ৷ এই তিনিখন আই টি আই এন এল টিৰ সৈতে পৰিচালনা কৰিবলৈ বুজাবুজি কৰা হৈছে৷ সংবাদ মাধ্যমৰ আগত উন্নয়নৰ বক্তব্য দিয়াৰ সময়ত গোসাঁইগাঁও মহকুমাৰ বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাত মুখ্যমন্ত্ৰী গৰাকী সঠিক উত্তৰ নিদি সাংবাদিকক উদ্দেশ্য কয় যে, মোৰ ভাল কাম বিচৰাটো কাম৷ মই বেয়াটো দেখা নাপাওঁ৷ সকলো সময়ত ভাল কি আছে তাকে বিচাৰো৷ কত ১৯ বছৰৰ তলত ছোৱালী বিয়া হৈছে, কত ভাল ৰিজাল্ট  কৰিছে সেয়াই কাম৷ অকল বিটিচি অঞ্চলত নহয় অসমৰ সৰ্বত্ৰে ভেঞ্চাৰ স্কুল আছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ কামৰূপ মহানগৰ জিলাৰ অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলৰ মাজত আজি খানাপাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অৰুণোদয় কাৰ্ডৰ আনুষ্ঠানিক বিতৰণ কৰা হয়৷ অসম চৰকাৰৰ পৰিবেশ আৰু বন, এক্ট ইষ্ট নীতি পৰিক্ৰমা, সংখ্যালঘু কল্যাণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনত মুঠ ১১ গৰাকী মহিলাক মঞ্চত আনুষ্ঠানিকভাৱে অৰুণোদয় কাৰ্ড প্ৰদান কৰা হয়৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসমৰ মহিলাসকলৰ সামগ্ৰিক উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে ব্যাখ্যা কৰে৷ তেওঁ কয়– আৰ্থিকভাৱে পিছপৰা, অসহায় মহিলাসকলক সহায়ৰ বাবে চৰকাৰৰ প্ৰচেষ্টা অব্যাহত থাকিব৷ নতুনকৈ বহু মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ পিছতো আঁচনিখনৰ পৰা বাদ পৰি যোৱা আৰ্থিকভাৱে পিছ পৰা মহিলাসকলৰ বাবে চৰকাৰে আঁচনিখনৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিব৷ উল্লেখ্য, কামৰূপ মহানগৰ জিলাত ৪৫, ৭৮৩ গৰাকী মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে৷ পূৰ্বে বাদ পৰি যোৱা অথচ আঁচনিখনৰ সুবিধা পোৱাৰ বাবে যোগ্য মহিলাসকলক সামৰি চৰকাৰে আৰম্ভ কৰা অৰুণোদয় ২.০১ অধীনত নতুনকৈ প্ৰায় ১৮ হেজাৰ মহিলা এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছে৷

‘আমাৰ অসম’ৰ পলাশবাৰীৰ প্ৰতিবেদকঃ ২০২০ চনত আৰম্ভ হোৱা অৰুণোদয় আঁচনিখনৰ সম্প্ৰসাৰিত ৰূপ– ‘অৰুণোদয়- ২.০’ৰ অধীনত কামৰূপ জিলাৰ ৰামপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি পলাশবাৰী, ছয়গাও আৰু বকো বিধান সভা সমষ্টিৰ মুঠ ২১ হাজাৰ হিতাধিকাৰীৰ বাবে আনুষ্ঠানিকভাৱে অৰুণোদয় কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ এই অৰুণোদয় কাৰ্ড বিতৰণ কাৰ্যসূচী শুভাৰম্ভণী কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই৷  এই উপলক্ষে অনুষ্ঠিত হোৱা মন্ত্ৰী অতুল বৰাই ‘‘অৰুণোদয়’’ ৰাজ্যখনৰ আই-মাতৃ আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ সামাজিক সমতা স্থাপনৰ দিশত এক ঐতিহাসিক পদক্ষেপ বুলি কয়৷ অনুষ্ঠানত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা বিভিন্ন উন্নয়ন মূলক আঁচনি তথা পদক্ষেপৰ বিষয়ে শলাগ লয়৷ আনহাতে সংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী অতুল বৰাই অগপৰ সভাপতিয়েই অন্য দললৈ যোৱাৰ উদাহৰণ আছে৷ গতিকে কোনোবা অগপ নেতাই অন্য দললৈ যোৱাৰ ক্ষেত্ৰত কোনো অস্বাভাৱিকতা নাই৷ গতিকে কোনোবা অগপ নেতাই অন্য দললৈ যোৱাৰ ক্ষেত্ৰত কোনো অস্বাভাৱিকতা নাই৷ স’ততে কংগ্ৰেছ দলক সমালোচনা কৰা অগপ নেতা অতুল বৰাৰেই একাংশ সতীৰ্থই এইবাৰ কংগ্ৰেছলৈ যাব খোজা বিষয়টো চৰ্চা হৈ থকাৰ সময়তে সাংবাদিকে কৰা প্ৰশ্নত খং উঠা পৰিলক্ষিত হয়৷ পিছত অকপটে স্বীকাৰ কৰিলে দলৰ কথা৷ সভাত জিলা আয়ুক্ত কীৰ্তি জল্লী, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ জয়ন্ত ডেকা, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, বিজেপি নেতা অনুপ মেধি, অশোক ভৰালী প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়া, সংশ্লিষ্ট বিভাগৰ বিষয়া, বিশিষ্ট ব্যক্তিসকল আৰু অৰুণোদয়ৰ হিতাধিকাৰীসকল উপস্থিত থাকে৷ 

প্ৰসংগ গৰুখুটি প্ৰকল্পঃ কুকুৰে ভুকিলেও হাতী নিজপথৰে গৈ থাকে! তেজপুৰত মন্তব্য পদ্ম হাজৰিকাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ ‘জাতীয়তাবাদী শিৱিৰৰ নেতাই কংগ্ৰেছত যোগদান কৰাটো কোনো নতুন কথা নহয়৷ ভৰত নৰহে এই ক্ষেত্ৰত বাটকটীয়াৰূপে যোগদান কৰিছিল৷ দুৰ্গাদাস বড়োও তেনে এজন নেতা৷’ কালি তেজপুৰত এই মন্তব্য কৰে পূৰ্বৰ অগপ তথা বৰ্তমানৰ বিজেপি দলৰ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷ আজি তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত অৰুণোদয়-২.০ ৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি বিধায়ক হাজৰিকাই কয়– বেলেগ শিৱিৰৰ পৰা যোৱা বা শিৱিৰ সলোৱাটো নতুন কথা নহয়৷ কংগ্ৰেছ দলক কটাক্ষ কৰি বিধায়ক হাজৰিকাই কয়– যদি কোনোবা দলে সংকীৰ্ণতাৰে ইয়াক চাইছে তেন্তে সেই দলটোৰ বাবেই ই মংগলজনক নহয়৷ ৰাইজৰ আৱেগ অনুভূতিক আমি সন্মান জনালেহে ৰাইজে আমাক আদৰি ল’ব৷ ‘’ইপিনে, গৰুখুটি প্ৰকল্প সন্দৰ্ভত কংগ্ৰেছ দলে কৰি অহা সমালোচনাৰ প্ৰসংগত তেওঁ কয় যে গৰুখুটি এক মুকলি ব্যৱস্থা৷ য’ত শিৱিৰ পাতি থলুৱা তিনিশ নিবনুৱা যুৱকে দিনে-নিশাই উৎপাদনমুখী কামত জড়িত হৈ আছে৷ তেনেস্থলত বেদখলকাৰী তথা সন্দেহজনক নাগৰিকৰ সপক্ষত থকা কংগ্ৰেছ দলৰ গৰুখুটি প্ৰকল্পক লৈ জ্বলন হোৱা বা আন প্ৰকাৰন্তৰে কথা কোৱাটো স্বাভাৱিক৷ কুকুৰে ভুকিলেও হাতীয়ে সদায় নিজৰ পথৰেই আগবাঢ়ি গৈ থাকে, কেৰেপ নকৰে৷ সেইদৰে থলুৱা অসমীয়া লোকৰ স্বাৰ্থত যি উদ্যোগ লোৱা হৈছে তাত যদি কাৰোবাৰ স্বাৰ্থ বিঘ্নিত হৈছে তালৈ কেৰেপ কৰা নহ’ব৷ বহিৰাগত বেদখলকাৰীক উচ্ছেদ কৰি সেই ঠাইত পাঁচশতকৈ অধিক স্থানীয় যুৱক নিয়োজিত কৰি এক কৃষি বিপ্লৱ গঢ়ি তোলাতো কংগ্ৰেছে বেয়া পাইছে৷ কাৰণ উচ্ছেদিত লোক সকলৰ ত্ৰানকৰ্তা কংগ্ৰেছ৷

অতিৰিক্ত দুশ টকাকৈ দিব কাৰ্বি পৰিষদে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফুঃ ৰাজ্য চৰকাৰে কালিৰে পৰা অৰুণোদয় ২.০ আঁচনিৰ শুভাৰম্ভ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কোক্‌ৰাঝাৰত আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী শুভাৰম্ভ কৰাৰ বিপৰীতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড॰ তুলিৰাম ৰংহাঙে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত এক বিশাল জনসভাৰ জৰিয়তে কাৰ্বি আংলং জিলাত এই আঁচনিৰ শুভাৰম্ভ কৰে৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰি সাংসদ হৰেণছিং বে’, বিধায়ক ৰূপছিং টেৰণ, দৰছিং ৰংহাং, বিদ্যাছিং ইংলেং, জিলা আয়ুক্ত কৃষ্ণা বৰুৱা, পৰিষদৰ প্ৰায় সকলো কাৰ্যবাহী সদস্য আৰু এমএচি উপস্থিত থকা কাৰ্যসূচীত পশ্চিম কাৰ্বি আংলং জিলাৰ ৩৭৪৩ অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়াললৈ অৰুণোদয় ২.০ আঁচনি আগবঢ়োৱা হয়৷ এই আঁচনিৰ জৰিয়তে মুঠ ১২৫০ টকা প্ৰতিমাহে প্ৰদান কৰা হ’ব৷ ডংকামোকামৰ ৱাইছং ষ্টেডিয়াম প্ৰাংগণত এই বিশাল কাৰ্যসূচীত মুখ্য অতিথিৰ ভাষণত তুলিৰাম ৰংহাঙে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীক সমাজৰ মূলসূঁতিলৈ তুলি আনিবলৈ এই আঁচনি গ্ৰহণ কৰা বুলি উল্লেখ কৰাৰ লগতে কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনে জনসেৱামূলক আঁচনি ৰূপায়ণ কৰাটো সম্ভৱ হৈছে বুলি দাবী কৰে৷ এই আঁচনিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰ পৰা ২০০ টকাকৈ যোগ কৰাৰ বাবে পৰিষদে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ৰংহাঙে প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ কংগ্ৰেছ দলক বিশেষকৈ সভাপতি ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি ৰংহাঙে কয় যে, ভূপেন বৰাই কালি ডংকামোকামত এখন সভা অনুষ্ঠিত কৰি আমাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছে৷ বৰাক প্ৰত্যাহ্বান জনাই  ৰংহাঙে দাবী কৰে যে ভূপেন বৰাই কোৱাৰ দৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে যদি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞাৰ নামত এহাজাৰ বিঘা নেলাগে এক লোচা মাটিও আবণ্টন দিয়াটো প্ৰমাণসহ দেখুওৱাব পাৰে তেনেহ’লে মই ৰাজনৈতিক জীৱনৰ পৰা সন্যাস ল’ম বুলি ৰংহাঙে দাবী কৰে৷ কংগ্ৰেছৰ আমোলত দৰিদ্ৰ শ্ৰেণীৰ জনতাক আইএৱাই আঁচনিৰ জৰিয়তে গৃহ প্ৰদানৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ তুলি বৰ্তমান নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটকাও নিদিয়াকৈ সাধাৰণ জনতাই বাসগৃহ লাভ কৰিবলৈ সক্ষম হৈছে বুলিও ৰংহাঙে দাবী কৰে৷ কংগ্ৰেছৰ আমোলত পাহাৰত এখনো আঁচনি অহা নাছিল বুলি উল্লেখ কৰি এতিয়া বিজেপিৰ আমোলত জিলাখন প্ৰগতিৰ পথত দোপতদোপে আগুৱাই গৈছে বুলিও ৰংহাঙে দাবী কৰে৷ ইয়াৰ উদাহৰণস্বৰূপে এই ৱাইছং খেলপথাৰ, ডিফুৰ ক্ৰীড়া প্ৰকল্প, ডিফু চহৰৰ লগতে ডংকামোকাম, হামৰেণৰ বিভিন্ন পথ আদি চালেই ইয়াত দুৰ্নীতি হৈছে নে উন্নয়ন হৈছে সেইটো পৰিস্কাৰ হ’ব বুলি ৰংহাঙে দাবী কৰে৷ উল্লেখ্য, কালি ডিফুত আন এখন ৰাজহুৱা সভাৰ জৰিয়তে কাৰ্বি আংলং জিলাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াললৈ অৰুণোদয় আঁচনি আগবঢ়োৱাৰ লগতে নৱম শ্ৰেণীৰ ছাত্ৰলৈ চাইকেল বিতৰণ কৰা হ’ব৷ এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকিব অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদদৰ মুখ্য কাৰ্যবাহী সদস্য ড॰ তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে’, আদি৷

মৰিগাঁৱত অৰুণোদয়ত সোমাল ৬৭,০০০ মহিলা

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধিঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি মৰিগাঁও জিলাতো অৰুণোদয় ২.০আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ এই উপলক্ষে মৰিগাঁও স্কুল খেলপথাৰত আয়োজিত অনুষ্ঠানত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা ১০সহস্ৰাধিক মহিলাৰ উপস্থিতিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, তথ্য-প্ৰযুক্তি ইত্যাদি বিভাগৰ মন্ত্ৰী তথা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই ১০গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন-পত্ৰ প্ৰদান কৰে৷ অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীজনে প্ৰথমেই উৎকট গৰমতো জিলাখনৰ বিভিন্ন ঠাইৰ পৰা আহি সমবেত হোৱা মহিলাসকলক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে অৰুণোদয় আঁচনিৰ অধীনত জিলাখনত মুঠ ৬৭,০০০ গৰাকী হিতাধিকাৰী উপকৃত হৈছে৷ প্ৰথম পৰ্যায়ত জিলাখনত ৪৬,৯২৯গৰাকী হিতাধিকাৰী আৰু দ্বিতীয় পৰ্যায়ত ২০,০৭১গৰাকী হিতাধিকাৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰে পৰা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে সময়ে সময়ে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে৷ কোনো যোগ্য হিতাধিকাৰী যাতে এই আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ বাবে চৰকাৰী বিষয়াসকলক সতৰ্কতাৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়৷ মন্ত্ৰীজনে লগতে কয় যে অহা ডিচেম্বৰ মাহৰ ভিতৰত নতুন হিতাধিকাৰীসকলে ৰেচন কাৰ্ডসমূহো লাভ কৰিব৷ পূৰ্বৰ ২লাখ টকাৰ পৰিৱৰ্তে এতিয়া বছৰি ৪ লাখ টকা উপাৰ্জন কৰা মানুহেও ৰেচন কাৰ্ড লাভ কৰিব বুলি তেওঁ কয়৷ তদুপৰি, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে ৫লাখ টকাৰ স্বাস্থ্য বীমাৰে আয়ুষ্মান কাৰ্ড লাভ কৰিব৷ বৰ্তমানৰ চৰকাৰখনে নাৰী সবলীকৰণক অগ্ৰাধিকাৰ দি সমাজ সবলীকৰণৰ হকে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ লগতে মৰিগাঁৱৰ শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত আই চি ইউ কক্ষসহ মহিলা আৰু প্ৰসূতি শাখাটো অহা ১৬ অক্টোবৰত মুকলি কৰা হ’ব বুলিও উল্লেখ কৰে৷ অনুষ্ঠানত দিয়া ভাষণত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে অৰুণোদয় আঁচনিখন ৰাজ্যখনৰ দৰিদ্ৰ মহিলাসকলৰ বাবে এটা বৃহৎ সকাহ৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী  হিমন্ত শৰ্মাই তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিগৰাকী লোকক লগত লৈ ৰাজ্যৰ প্ৰতিখন জিলাক আগবঢ়াই লৈ যোৱাৰ বাবে প্ৰয়াস চলাই আছে৷ অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশিস শৰ্মাই দিয়া আদৰণি ভাষণত কয় যে যদি কোনোবা যোগ্য হিতাধিকাৰীৰ নাম বাদ পৰিছে তেওঁলোক শংকিত হোৱাৰ কাৰণ নাই৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ নামো তালিকাত অন্তৰ্ভুক্ত হ’ব৷ অনুষ্ঠানত তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত থাকে৷

শোণিতপুৰত ২২হাজাৰ হিতাধিকাৰীলৈ অৰুণোদয়

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ শোণিতপুৰ জিলাৰ ২২হাজাৰ হিতাধিকাৰীলৈ আজি নতুনকৈ জিলা প্ৰশাসনৰ উদ্যোগত ৰাজ্য চৰকাৰৰ অৰুণোদয় ২.০ আঁচনিৰ পৰিচয়-পত্ৰ বিতৰণ কৰা হয়৷ আজি তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত অনুষ্ঠিত সভাত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে এই কাৰ্ড বিতৰণ কৰে৷ জিলাখনৰ ঢেকীয়াজুলি, বৰছলা, ৰঙাপৰা, তেজপুৰ আৰু ন-দুৱাৰ বিধানসভা সমষ্টিৰ দুজনকৈ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে তথা প্ৰতিকীৰূপত অৰুণোদয়ৰ কাৰ্ড বিতৰণ কৰা হয়৷ এই অনুষ্ঠানত সাংসদ দাসে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাৱলীল নেতৃত্বত অসমৰ প্ৰতিগৰাকী মহিলাৰ যাতে সৱলীকৰণ হ’ব পাৰে, তাৰ বাবে অৰুণোদয় আঁচনিৰ দ্বিতীয় পৰ্যায়ত এই কাৰ্ড ৰাজ্যৰ ২৭ লাখ মহিলাই লাভ কৰিছে৷ শোণিতপুৰত ইয়াৰ পূৰ্বে ৭২হাজাৰ মহিলাই আৰু এইবাৰ ২২হাজাৰ মহিলাই এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলিও সাংসদজনে কয়৷ অনুষ্ঠানত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথিৱীৰাজ ৰাভা, ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুু, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী,  উপস্থিত থাকে৷