Logo
image

মুখ্যমন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰীয়েহে পাব ৰূম ছাৰ্ভিচ, অতিথিৰ সুৰাৰ ব্যয় বহন নকৰে চৰকাৰে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ অক্টোবৰঃ ‘এতিয়াৰে পৰা অসম ভ্ৰমণলৈ অহা ৰাজ্যিক অতিথিসকলৰ ভিতৰত কেৱল কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰীসকলেহে চৰকাৰী খৰচত হোটেলত ৰুম ছাৰ্ভিচ লাভ কৰিব৷’ ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভন্নমে কালি জিলা উপায়ুক্তসকলৰ লগতে হোটেল তাজ ৱিৱান্তা আৰু ৰেডিচন ব্লুৰ মহাপ্ৰৱন্ধকলৈ এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ জাননী৷ এই জাননী অনুসৰি– ‘ৰাজ্যিক অতিথিসকলৰ ভিতৰত কেৱল কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলকহে হোটেলত ৰুম ছাৰ্ভিচ প্ৰদান কৰা হ’ব৷  সচিব বা ইয়াতকৈ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে হোটেলত ৰুম ছাৰ্ভিচৰ সুবিধা নাপাব আৰু তেওঁলোকে বুফেত গৈ দুপৰীয়া বা নিশাৰ আহাৰ গ্ৰহণ কৰিব লাগিব৷ কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ বাহিৰে আন ৰাজ্যিক অতিথিসকলক থকাৰ বাবে বেচিক ৰুমৰ সুবিধাহে প্ৰদান কৰা হ’ব৷ যদি বেচিক ৰূমৰ সুবিধা নাথাকে তেন্তে একে দামৰ অন্য ৰুম প্ৰদান কৰা হ’ব৷ এতিয়াৰে পৰা কোনো ৰাজ্যিক অতিথিৰ সুৰা আৰু কাপোৰ ইস্ত্ৰিৰ বিল সাধাৰণ প্ৰশাসন বিভাগে বহন নকৰে৷ এই বিল অতিথিসকলে নিজেই বহন কৰিব লাগিব৷ হোটেল কতৃৰ্পক্ষই ৰাজ্যিক অতিথিসকলৰ থকা-খোৱাৰ বিল জিলা উপায়ুক্তৰ জৰিয়তে সাধাৰণ প্ৰশাসন বিভাগলৈ প্ৰেৰণ কৰাৰ সময়ত থকা আৰু খাদ্যৰ বিল সুকীয়াকৈ সংলগ্ন কৰিব লাগিব৷ অৰ্থাৎ থকা-খোৱাৰ সবিশেষ হিচাপ সুকীয়া সুকীয়াকৈ হিচাপত দেখুৱাব লাগিব৷ হোটেল কতৃৰ্পক্ষই ৰাজ্যিক অতিথিক হোটেলত প্ৰৱেশ কৰাৰ সময়তে পাবলগীয়া সুবিধাসমূহৰ বিষয়ে অৱগত কৰিব লাগিব৷ চৰকাৰী ব্যয় সংকোচনৰ বাবে সাধাৰণ প্ৰশাসন বিভাগে এই বিশেষ নিৰ্দেশনা জাৰি কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, ৰাজ্যিক কেবিনেটে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে কেবিনেটৰ নামত জিলা আয়ুক্তসকলে সৰ্বাধিক ৫ লাখ টকাহে ব্যয় কৰিব পাৰিব৷ কেবিনেটৰ নামত আৱৰ্ত ভৱন পৰিদৰ্শন, বঙলা মেৰামতিৰ কাম কৰিব নোৱাৰিব জিলা আয়ুক্তই৷ কালিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা অৰুণোদয়ৰ নতুন হিতাধিকাৰী সভা, ১৩ নৱেম্বৰত নৱম শ্ৰেণীৰ ছাত্ৰীক চাইকেল বিতৰণ সভা, ১৬ নৱেম্বৰত মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণমুক্ত সভা একেখন ৰভাতে তিনিদিন একাদিক্ৰমে অনুষ্ঠিত কৰাৰ বাবেও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ব্যয় সংকোচনৰ এই প্ৰৱচনৰ পাছতো ৰাজ্য চৰকাৰে জিলাই জিলাই পেণ্ডেল নিৰ্মাণৰ নামতে ৪০ কোটি ৰাজকোষৰ পৰা খৰচ কৰা বুলি অভিযোগ উঠিছে৷ ইফালে, নতুনকৈ আৰু ৯৫০.৪৩ কোটি ঋণ গ্ৰহণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ যোৱা ছেপ্টেম্বৰ আৰু চলিত অক্টোবৰ মাহতে ৰাজ্য চৰকাৰে প্ৰায় ২,৫০০ কোটি টকাৰ ঋণ গ্ৰহণ কৰা বুলি তথ্য প্ৰকাশ পাইছে৷