Logo
image

হাইপ্ৰেছাৰ ? সলনি কৰক লাইফ ষ্টাইল!

আজিকালি প্ৰায়ভাগৰে মুখত ৰক্তচাপৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ বয়সস্থসকলৰ কথা বাদেই, কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজতো উচ্ছ ৰক্তচাপৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে৷ উচ্ছ ৰক্তচাপক একপ্ৰকাৰ নীৰৱ ঘাতক বুলি কোৱা হয়৷ এই সমস্যাই হৃদৰোগ আৰু ষ্ট্ৰ’কৰ দৰে শাৰীৰিক জটিলতা বৃদ্ধি কৰে৷ বংশগত কাৰণৰ উপৰিও দৈনন্দিন জীৱনপ্ৰণালীৰ বাবে কম বয়সীয়াসকলৰ মাজত হৃদৰোগৰ সমস্যাই দেখা দিয়ে৷ এগৰাকী প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ডাঃ তালহা মিৰানৰ মতে জীৱনধাৰা সলনি কৰি উচ্ছ ৰক্তচাপ প্ৰতিৰোধ কৰিব পৰা যায়–

খাদ্যাভ্যাসঃ উচ্ছ ৰক্তচাপ প্ৰতিৰোধ কৰিবলৈ হ’লে স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰখাটো জৰুৰী৷ ইয়াৰ বাবে দৈনন্দিন খাদ্যত ছ’ডিয়াম অৰ্থাৎ নিমখ কমকৈ খোৱা কৰক৷ ছ’ডিয়ামে ৰক্তচাপ বঢ়ায়৷ নিমখৰ পৰিমাণ কমাই দৈনন্দিন খাদ্য তালিকাত ফল, শাক-পাচলি আৰু চৰ্বিহীন প্ৰ’টিনযুক্ত খাদ্য খাওক৷ বিশেষকৈ উচ্ছ পটাছিয়ামযুক্ত খাদ্য খোৱাৰ অভ্যাস কৰক৷

ওজন নিয়ন্ত্ৰণঃ স্থূলতা আৰু অতিৰিক্ত ওজনে উচ্ছ ৰক্তচাপ বঢ়ায়৷ অতিৰিক্ত ওজনে কাৰ্ডিঅ’ভাছকুলাৰ ছিষ্টেমত চাপৰ সৃষ্টি কৰে৷ ফলত ৰক্তচাপ বাঢ়ে৷ ইয়াৰ বাবে ওজন নিয়ন্ত্ৰণত ৰখাটো জৰুৰী৷ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনন্দিন শৰীৰ চৰ্চা কৰাৰ উপৰিও সুষম খাদ্য খাব লাগে৷

শাৰীৰিক কাৰ্যকলাপঃ নিতৌ শৰীৰ চৰ্চা কৰিলে কাৰ্ডিঅ’ভাছকুলাৰ ছিষ্টেম ঠিকে থাকে৷ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷ সেই বাবে বিশেষজ্ঞসকলে দৈনন্দিন বেগাই খোজ কঢ়া, চাইকেল চলোৱা বা সপ্তাহত অন্ততঃ ১৫০ মিনিট সাঁতুৰিবলৈ পৰামৰ্শ দিয়ে৷

এলক’হল সেৱনঃ অতিৰিক্ত সুৰাপানৰ অভ্যাসে উচ্ছ ৰক্তচাপ বঢ়ায়৷ সেয়ে যুৱপ্ৰজন্মক সুৰা সেৱনৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ আগবঢ়াইছে ডাঃ তালহা মিৰানে৷

ধূমপানঃ ধূমপানে ৰক্তচাপ বঢ়োৱাৰ লগতে ৰক্তনলীৰ ক্ষতি কৰে৷ সেয়ে ডাঃ মিৰানে ধূমপায়ীসকলক এই অভ্যাস ত্যাগ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷

মানসিক চাপঃ অতিৰিক্ত মানসিক চাপেও উচ্ছ ৰক্তচাপ বঢ়ায়৷  মানসিক চাপত পৰিলে দীঘলীয়া উশাহ, ধ্যান, যোগাসন আদিৰ দৰে কৌশল অৱলম্বন কৰক৷ এইবোৰ কৰিলে মানসিক চাপ কমে৷