Logo
image

মুখ্যমন্ত্ৰীক উৰুৱাই দিয়াৰ ভাবুকিঃ গৃহ সমষ্টিতে মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদানেৰে অজ্ঞাত সংগঠনৰ পোষ্টাৰিং

ডিজিটেল সংবাদ, বংশৰৰ প্ৰতিবেদকঃ  "এই হিমন্ত বিশ্ব শৰ্মা৷ তই অসমত যিবিলাক কাম কৰি আছা, বহুত বেয়া কাম কৰি আছা৷ তই এইবিলাক কাম বন্ধ কৰি দিয়া, নহ'লে তোক ওৰুৱাই দিম৷"- এইদৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উৰুৱাই দিয়াৰ ভাবুকিৰে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে পোষ্টাৰিং কৰিছে কোনো অজ্ঞাত সংগঠনে৷ 

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অন্তৰ্গত হাজো-গুৱাহাটী লোক নিৰ্মাণ বিভাগৰ পথৰ আজ্ঞাঠুৰি গনেশ মন্দিৰৰ সমীপৰ পথৰ কাষে কাষে থকা গছ তথা পকী খুটাত মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদানেৰে কোনো অজ্ঞাত সংগঠনে পোষ্টাৰিং কৰা কাৰ্য্যই সমগ্ৰ অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অঞ্চলটোৰ কেইবাটাও স্থানত 'ভমচে' নামৰ কোনো অজ্ঞাত সংগঠনে মুখ্যমন্ত্ৰীক ওৰুৱাই দিয়াৰ ভাবুকিৰে পোষ্টাৰিং কৰা দেখা গৈছে ৷ 

মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰা পোষ্টাৰকেইখনত তিনিগৰাকী ব্যক্তিৰ ফটো সংলগ্ন কৰি দিয়া দেখা গৈছে। পিছত ঘটনাস্থলীত দদৰা আৰক্ষীৰ এটি দল উপস্থিত হৈ পোষ্টাৰসমূহ আঁতৰোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷