Logo
image

এটা ফেচবুক পোষ্টক লৈ তোলপাৰ অসমৰ ৰাজনীতিঃ গুৱাহাটীৰ হোটেলত একেখন টেবুলতে অখিল, লুৰীণ, ভূপেন: লুৰীণক কংগ্ৰেছত যোগদানৰ অফাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ এটা ফেচবুক পোষ্টক লৈ তোলপাৰ লাগিছে অসমৰ ৰাজনীতিত৷ ২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী একত্ৰিত হ'ব পাৰিব নে নাই তাক লৈও বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে৷ আসনৰ ভাগ-বতৰাক লৈ ইতিমধ্যে বিৰোধী মিত্ৰজোঁটৰ মাজত আউল লগা দেখিবলৈ পোৱা গৈছে৷ কিয়নো ১৪ টা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছে তালিকা প্ৰকাশ কৰিছে৷ কংগ্ৰেছে প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পিছতে বিৰোধী ঐক্যত জোকাৰণি দেখিবলৈ পোৱা গৈছে৷ বিজেপিক ওফৰাবলৈ জাতীয়তাবাদী শক্তিৰ লগত কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলে মিত্ৰতা স্থাপন কৰিব নে নাই তাক লৈও বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে৷ নে টিকটৰ লোভত আঞ্চলিক দলৰ নেতাই ৰাষ্ট্ৰীয় দলত যোগদান কৰিব নেকি সেয়াও এতিয়া প্ৰশ্নৰ আৱৰ্তত৷ শেহতীয়াকৈ লক্ষ্যজ্যোতি গগৈ নামৰ এজন লোকে ফেচবুকত দিয়া এটা পোষ্টক লৈ অসমৰ ৰাজনীতিত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে৷


লক্ষ্যজ্যোতি গগৈ নামৰ লোকজনে ফেচবুকত লিখিছে, "গুৱাহাটীৰ এখন হোটেলত অসমৰ বিৰোধী দলসমূহৰ মিত্ৰজোঁটৰ বৈঠকৰ শেষত একেখন টেবুলত অখিল গগৈ, লুৰীণজ্যোতি গগৈ, ভূপেন বৰা আৰু মেহদি আলম বৰাই ভাত খাই কথা পাতি আছে। মই ওচৰৰ এখন টেবুলত বহি আছোঁ। বিভিন্ন কথা আলোচনাৰ মাজতে অখিল গগৈ ডাঙৰীয়াই ক'লে, "ভূপেন দা এইবাৰ কিন্তু লুৰীণক MP বনাই আনিব লাগিব দেই। লুৰীণক ডিব্ৰুগড়ৰ আসনখন দিব লাগিব।" ভূপেন বৰাই উত্তৰ দিলে, "আমিতো লুৰীণক কৈ আছোঁ (হাতখন দেখুৱাই) খেলিবলৈ, জগদীশ ভূঞাক সভাপতি পাতি দিয়ক আৰু লুৰীণে ডিব্ৰুগড়ৰ পৰা ইলেকচন খেলক।" অখিল গগৈয়ে লগে লগে উভতি ধৰিলে, "মানে আপুনি লুৰীণক হাতৰ চিহ্নত কংগ্ৰেছৰ পৰা ইলেকচন খেলিব কৈছে। এইটো টো আপুনি দেখ দেখকৈ এটা আঞ্চলিক দলক অপমান কৰিছে। আপোনালোকৰ দলৰ লগত আমাৰ মিত্ৰতা হৈছে, আপোনালোকে আমাৰ আঞ্চলিক দলকেইটাক সন্মান দিব লাগিব। কিন্তু আপোনালোকে আমাক অপমান কৰিছে। লুৰীণ তই খেলিব পাৰিবি নেকি হাতৰ চিহ্নিত?" লুৰীণজ্যোতি গগৈয়ে ক'লে সেইয়া কেনেকৈ সম্ভৱ। তাৰ পিছত ভূপেন বৰাই কয়, "নহয়, এইয়া মোৰ কথা নহয়। আমাৰ পাৰ্টিৰ মানুহবোৰে কৈ আছে, তেওঁলোকৰ কথাটোহে মই কৈছোঁ। আমি লগতে কাম কৰি থাকোঁচোন, পিছত সকলোৰে মন মিলিলে এইবোৰ ঠিক হৈ যাব।" তাৰ পিছতে অখিল গগৈয়ে ক'লে, "চাব দেই। যোৱা নিৰ্বাচনত আপোনালোকে (কংগ্ৰেছে) আমাকে ঠগিলে আৰু আমাকে বলিৰ পঠা সজালে। এইবাৰ মই জেইলৰ বাহিৰত আছোঁ, সকলো কথা ৰাইজক জনাই যাম।" এয়াই কংগ্ৰেছে তেওঁলোকৰ মিত্ৰদলসমূহক দিয়া সন্মান আৰু আমাৰটো সন্দেহ হয় - অসম কংগ্ৰেছৰ বহু নেতাই নিবিচাৰে বিজেপি পৰাভূত হোৱাটো।"