Logo
image

মানুহ ‘হিতৰ অধিকাৰী’ নহ’লে মই হিমালয়লৈ যোৱাই ভালঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ অক্টোবৰঃ “মই মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অসমৰ মানুহ যদি হিতৰ অধিকাৰী নহয় তেন্তে মই হিমালয়লৈ যোৱাই ভাল৷’–কালি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অৰুণোদয়-২ উদ্বোধন  কৰি দিয়া ভাষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়৷ জিলাখনৰ নতুনকৈ ২৫,৫৪৪ মহিলাৰ বাবে অৰুণোদয়-২ মুকলি কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীজনে লগতে কয়, “মই অৰুণোদয় দি হিতাধিকাৰী বনাইছোঁ বুলি বহুতে মোক সমালোচনা কৰে৷ কিন্তু কথা হ’ল যদি মই থকা অৱস্থাত ৰাজ্যখনৰ লোক হিতাধিকাৰী নহয় অৰ্থাৎ হিতৰ অধিকাৰী নহয় তেন্তে কোন হ’ব?” ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দি বা বেলেগৰ পৰা টকা আনি অৰুণোদয় দিয়া নাই বুলিও মুখ্যমন্ত্ৰীজনে দাবী কৰে৷ ড॰ শৰ্মাই দাবী কৰা মতে, আন ৰাজ্যৰ তুলনাত অসমত পেট্ৰ’লৰ মূল্য কম হোৱাটোৱেই প্ৰমাণ কৰে যে এই ৰাজ্যসমূহৰ তুলনাত অসমক কৰ-কাটল কম৷ উদাহৰণ দি তেওঁ কয় যে কলকাতাত পেট্ৰ’লৰ দাম ১০৮ টকা, ৰাজস্থানতো ১০৮ টকা, কিন্তু অসমত ৯৮ টকা৷ একেদৰে কলকাতাত ডিজেলৰ দাম ৯৮ টকা আৰু ৰাজস্থানত ৯৩ টকা৷ মোদীৰ কৃপাতে ৰাজ্যখনত উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণ কৰা বুলিও তেওঁ দাবী কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানলৈকে ২৭.৬ লাখ মহিলাক অৰুণোদয় আঁচনিত সামৰি লোৱাৰ লগতে অহা বছৰ পুনৰ ৫ লাখ মহিলাক এই আঁচনিত সামৰি লোৱা হ’ব৷ ইফালে এইবাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছোৱালীৰ লগতে ৭৫ শতাংশ নম্বৰ পোৱা ল’ৰাকো স্কুটী প্ৰদান কৰা হ’ব৷ তেনেদৰে মহিলা আত্মসহায়ক গোটৰ প্ৰত্যেক মহিলাকে ব্যৱসায় কৰিবলৈ ১০ হাজাৰ টকাকৈ অনুদান দিয়া হ’ব৷ যদি এবছৰৰ মূৰত তেনে মহিলাসকলে সফলতা দেখুৱাব পাৰে তেন্তে পুনৰ ১৫ হাজাৰকৈ দিয়া হ’ব৷ ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ আৰু কাজিৰঙাত ৩২ কিলোমিটাৰ দৈৰ্ঘৰ ফ্লাই অভাৰ নিৰ্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীজনে পুনৰ দোহাৰে৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীজনে প্ৰতীকীভাৱে ১০ গৰাকী মহিলাক অৰুণোদয়ৰ কাৰ্ড বিতৰণ কৰে৷ বিত্ত মন্ত্ৰী অজন্তা নেওগে উদ্বোধনী ভাষণ প্ৰদান কৰা অনুষ্ঠানত সাংসদ তপন গগৈয়েও ভাষণ দিয়ে৷ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, অসম চৰকাৰৰ একাধিক উচ্ছ পদস্থ বিষয়া উপস্থিত থকা সভাখনত মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ আয়ুক্তৰ উদ্যোগত আৰম্ভ কৰা সঞ্চয় লক্ষ্মী নামৰ নতুন আঁচনিখন মুকলি কৰি ৪গৰাকী শিশু কন্যাক ধন সঞ্চয়ৰ বাবে বাকচ প্ৰদান কৰে৷  ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে যোৰহাট ষ্টেডিয়াম চৌহদত ২৩ কোটি ৭৮ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হাই পাৰ্ফমেন্স স্প’ৰ্ট্‌ছ, ট্ৰেইনিং এণ্ড ৰিহেবিলিটেচন চেণ্টাৰৰ দ্বাৰ মুকলি কৰে৷ উল্লেখ্য, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, অভিনৱ বৃন্দা ফাউণ্ডেচন, অইল ইণ্ডিয়া আৰু নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত স্থাপন কৰা এইটোৱেই ৰাজ্যখনত এনে ধৰণৰ প্ৰথমটো কেন্দ্ৰ৷ এই কেন্দ্ৰটোত ক্ৰীড়াবিদক প্ৰশিক্ষণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব৷

ক’ত-কেনেকৈ খৰচ কৰিব অৰুণোদয়ৰ ধন?

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটত অৰুণোদয়-২ মুকলি কৰি দিয়া ভাষণত এইআঁচনিৰ ধন মহিলাসকলে কেনেদৰে ব্যয় কৰিব, তাৰো নিৰ্দেশনা প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীজনে কয় যে লাইটৰ বিলৰ বাবদ ২৫০ টকা, চেনি ক্ৰয় কৰাত ৮০ টকা, দাইল ২০০ টকা, ফল-মূলত ১৫০ টকা, ঔষধ ৪০০ টকা আৰু ওচৰ-চুবুৰীয়াৰ পৰা লোৱা ধাৰ পৰিশোধ কৰাৰ বাবে ১৭০ টকাকৈ ব্যয় কৰিব৷ উল্লেখ্য, এই আঁচনিৰ অধীনত জিলাখনৰ ২৫,৫৪৪  গৰাকী মহিলাক প্ৰতিমাহে ১,২৫০ টকাকৈ প্ৰদান কৰা হ’ব৷

ভোকে-লঘোনে জৰ্জৰিত সহস্ৰজন

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অৰুণোদয়-২ আঁচনি মুকলি কৰা উপলক্ষে প্ৰশাসন আৰু শাসকীয় দলৰ তৎপৰতাত কেবা হাজাৰ লোকৰ এক বিশাল সমাৱেশ ঘটোৱা হয়৷ শতাধিক বাছ আৰু আৰু আন যাত্ৰীবাহী বাহনেৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা পুৱা ৮-৯ বজাতেই হাজাৰ হাজাৰ লোকক সভাস্থলীলৈ অনা হয়৷ এই লোকসকলে মুখ্যমন্ত্ৰীৰ আগমনলৈকে কেবাঘণ্টা ধৰি ভোকে-লঘোনে হাৰাশাস্তিৰ সন্মুখীন হয়৷ উল্লেখ্য, পুৱা ১১ বজাৰ পৰা সভাখন আয়োজন কৰা হৈছিল যদিও প্ৰায় ১২ বজাতহে সভা আৰম্ভ হয়৷ সেয়ে পুৱা ৮-৯ বজাতেই অহা লোকসকল অতিষ্ঠ হৈ পৰে৷ আনকি একাংশই সভাস্থলী ত্যাগ কৰিবলৈ উদ্যত হয় যদিও তেওঁলোকক ওলাই যোৱাত বাধা প্ৰদান কৰাৰো অভিযোগ উঠিছে৷ এই সন্দৰ্ভত এগৰাকী মহিলাই জানিবলৈ দিয়া মতে তেওঁলোকক আজি আঁচনিৰ ধন প্ৰদান কৰা হ’ব বুলি কৈ সভাস্থলীলৈ অনা হৈছিল৷ কিন্তু সভাস্থলীত উপস্থিত হোৱাৰ পাছতহে তেওঁলোকে জানিব পাৰে যে আজি অনুষ্ঠান উদ্বোধন কৰিলেও এতিয়াই আঁচনিৰ ধন লাভ নকৰে৷ ইফালে পুৱা প্ৰায় ৮ বজাতে তেওঁলোকক সভাস্থলীলৈ আনে যদিও উপযুক্ত খাদ্যৰ ব্যৱস্থা নকৰিলে৷ খাদ্যৰ সামগ্ৰীৰ এটা পেকেট  দিয়ে যদিও সেয়া তেওঁলোকৰ বাবে পৰ্যাপ্ত নহয়৷ সেয়ে তেওঁলোক ওলাই যাব খুজিছিল যদিও এইক্ষেত্ৰতো বাধা প্ৰদান কৰে৷ বিয়লি প্ৰায় ২ বজালৈকে তেওঁলোকক তেনেদৰে আৱদ্ধ কৰি ৰখাত মহিলাগৰাকীয়ে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে৷

কংগ্ৰেছে পাকিস্থান-আফগানিস্থানত চৰকাৰ গঠন কৰক

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ অহাবাৰ কংগ্ৰেছে ভাৰতত চৰকাৰ গঠন কৰাৰ পৰিৱৰ্তে পাকিস্থান অথবা আফগানিস্থানত চৰকাৰ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আজি যোৰহাট ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰীজনক ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ সন্দৰ্ভত কংগ্ৰেছৰ বিবৃতিৰ বিষয়ে সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীজনে কয় যে সন্ত্ৰাসবাদক গৰিহণা দিয়াটো কংগ্ৰেছৰ দায়িত্ব আছিল৷ কিন্তু কংগ্ৰেছৰ বিবৃতিত সন্ত্ৰাসবাদৰ বিষয়ে, হমাছৰ বিষয়ে কোনো কথা উল্লেখ নাই৷ ইয়াৰ পৰিৱৰ্তে কেৱল পেলেষ্টাইনৰ কথাহে আছে৷ হমাছে বহু শিশু-মহিলাক পণবন্দী কৰিছে যদিও কংগ্ৰেছে হামাছক গৰিহণা দিয়াৰ পৰিৱৰ্তে পাকিস্থানৰ দৰে বিবৃতি দিছে৷ সেয়ে মুখ্যমন্ত্ৰীজনে কয় যে কংগ্ৰেছে অহাবাৰ ভাৰতত চৰকাৰ গঠন কৰাতকৈ তালিবানৰ সৈতে জোঁটবন্ধনেৰে আফগানিস্থানত, ইমৰাণ খান বা ছেহৱাজ শ্বৰিফৰ সৈতে জোঁট বান্ধি পাকিস্থানত চৰকাৰ গঠন কৰিব লাগে৷

বিহাৰৰ ৰে’ল দুৰ্ঘটনাত হতাহতসকলক অসমলৈ অনাৰ ব্যৱস্থাঃ যোৱা নিশা বিহাৰত সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ৰে’ল দুৰ্ঘটনাত শদিয়াৰ এটা পৰিয়াল নিহত হৈছে৷ এই পৰিয়ালটোৰ মৃতদেহ স্বগৃহলৈ অনাৰ প্ৰয়াস কৰা হৈছে৷ তেনেদৰে আহতসকলকো উপযুক্ত সহায় কৰাৰ ব্যৱস্থা কৰিছে৷ ৰে’ল বিভাগ আৰু বিহাৰ চৰকাৰে সম্ভৱপৰ উত্তম সেৱা আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীজনে প্ৰকাশ কৰে৷

মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদানেৰে গৃহসমষ্টিত পোষ্টাৰিং দুষ্ট চক্ৰৰ

‘আমাৰ অসম’ৰ বংশৰৰ প্ৰতিবেদকঃ মুখ্যমন্ত্ৰীৰ সমষ্টিৰ অন্তৰ্গত হাজো-গুৱাহাটী লোকনিৰ্মাণ বিভাগৰ পথৰ আজ্ঞাঠুৰি গণেশ মন্দিৰৰ সমীপৰ পথৰ কাষে কাষে থকা গছ তথা পকী খুঁটাত মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদানেৰে কোনো অজ্ঞাত সংগঠনে কৰা পোষ্টাৰিং কৰা কাৰ্যই সমগ্ৰ অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অঞ্চলটোৰ কেইবাটাও স্থানত ‘ভমচে’ নামৰ কোনো অজ্ঞাত সংগঠনে মুখ্যমন্ত্ৰীক ওফৰাই দিয়াৰ ভাবুকিৰে পোষ্টাৰিং কৰা দেখা গৈছে৷ পোষ্টাৰত উল্লেখ কৰা আছে ‘হিমন্ত বিশ্ব শৰ্মা তই অসমত যিবিলাক কাম কৰি আছ ন তই বহুত বেয়া কৰি আছা তই এই বিলাক কাম বন্ধ কৰি দিয়া নহ’লে তোক ওফৰাই দিম’ আদি লিখনিৰে আজ্ঞাঠুৰি- আমিনগাঁৱৰ কেইবাঠাইত পোষ্টাৰিং কৰা দেখা যায়৷ ইপিনে কি কামৰ বিৰুদ্ধে ভাবুকি প্ৰদান কৰিছে কোনো উল্লেখ কৰা নাই পোষ্টাৰিঙত৷ আনহাতে, পোষ্টাৰকেইখনত তিনিজন ব্যক্তিৰ ফটোসংলগ্ন কৰি দিয়া দেখা গৈছে৷ পাছত ঘটনাস্থলীত দদৰা আৰক্ষীৰ এটি দল উপস্থিত হৈ পোষ্টাৰসমূহ আঁতৰাই পেলায়৷ ইতিমধ্যে দদৰা আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে৷

বীৰ লাচিত মৈদামত মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ কাকজানৰ প্ৰতিবেদকঃ জাতীয় বীৰ আহোমৰ মহান সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকা অৱস্থাতে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণস্থলিত উপস্থিত হৈ চৰজমিন তদন্ত কৰি প্ৰতিমূত্তিৰ্ৰ অগ্ৰগতিৰ বুজ লয়৷ হোলোঙাপাৰ লাচিত মৈদামত নিৰ্মাণ হৈ থকা এই প্ৰতিমূত্তিৰ্ৰ কঁকালৰ অংশলৈ নিৰ্মাণকাৰ্য চলাই আছে৷ মুখ্যমন্ত্ৰীয়ে জাতীয় বীৰ লাচিত মৈদামৰ সমীপত ৫২বিঘা মাটিৰে এটা বৃহৎ এৰিয়া চাৰিবেৰ মাৰি ১২৫ফুট ওখৰ এটা বৃহৎ আকাৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ ১৫০ কোটি টকা মুকলি কৰি দিয়াৰ পাছত তেওঁ তৃতীয়বাৰৰ বাবে আহি প্ৰতিমূৰ্তিৰ সম্পূৰ্ণ বুজ লয়৷ তেওঁ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা স্থানতে আলো আলিয়া কণ্ট্ৰেক্ট ইণ্ডিয়া লিমিটেডৰ বিষয়ববীয়া আৰু অভিযন্তাসকলৰ সৈতে মিলিত হৈ তেওঁলোকৰ নক্সা লেপটপৰ জৰিয়তে চাই কামৰ সম্পূৰ্ণ বুজ লয়৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিমূৰ্তিটো উন্মোচন কৰিব পাৰিব যদিও বাকী মিউজিয়াম, অতিথিশালাকে ধৰি বাকীখিনি কাম ২০২৫চনতহে হ’ব বুলি জানিবলৈ দিয়ে৷ আজি মুখ্যমন্ত্ৰীয়ে জাতীয় বীৰ লাচিত মৈদামত পোনে পোনে পোনে আহি মৈদামত চাকি-বন্তি জ্বলাই পূজা-পাঠ কৰে৷ তেওঁ লগতে বিত্তমন্ত্ৰী অজন্তা নেওগ, বিধায়ক ৰূপজ্যোতি কুৰ্মী, সাংসদ তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাচাৰ লগতে সঙ্গীসকলে ভাগ লয়৷ ইয়াৰ পাছতে তেওঁ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা স্থান পৰিদৰ্শন কৰে৷ মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ লগত মত বিনিময় কৰি ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী অহাৰ লগতে ২০২৫চনতহে কামটো সম্পূৰ্ণ হ’ব সেই কথা ব্যক্ত কৰে৷ সাংবাদিকে চাৰিলেনযুক্ত পথৰ কথা সোধাত তেওঁ যোৰহাটৰ ফ’ৰলেনযুক্ত পথৰ নিৰ্মাণৰ ক্ষেত্ৰত কিছু বাধা আহিছে যদিও অচিৰেই সেই সমস্যাসমূহ সমাধান কৰি পথটোৰ কাম খৰতকীয়া হ’ব বুলি জনায়৷ লাচিত মৈদামৰ সংৰক্ষণ সমিতিৰ পৰা জানিব পৰা মতে, লাচিতৰ প্ৰতিমূৰ্তি কঁকালৰ অংশলৈকে নিৰ্মাণ কৰি থকা হৈছে যদিও কেইদিনমানৰ ভিতৰতে সম্পূৰ্ণ প্ৰতিমূৰ্তি নিৰ্মাণস্থলীত আহি পাবহি বুলি জানিবলৈ দিয়ে৷ মুখ্যমন্ত্ৰীয়েও সহমত প্ৰকাশ কৰি যোৰহাট অভিমুখে ৰাওনা হয়৷