Logo
image

অসমত ‘ইণ্ডিয়া’ নাই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ অক্টোবৰঃ কংগ্ৰেছৰ মাত্ৰ এখন তালিকাই অসমত অস্তিত্বহীন কৰি তুলিলে ‘ইণ্ডিয়া’ক৷ নিশাটোৰ ভিতৰতে থানবান হৈ গ’ল বহুচৰ্চিত বিৰোধী ঐক্য৷ অসম কংগ্ৰেছৰ দায়িত্বত থকা এআইচিচিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ অসম ভ্ৰমণৰ সময়তে প্ৰকাশ পোৱা এখন তালিকাই ভাগ ভাগ কৰি পেলালে বিৰোধীক৷ উল্লেখ্য, লোকসভাৰ আগন্তুক নিৰ্বাচনত ৰাজ্যসমূহত আসন বিতৰণক লৈ ‘ইণ্ডিয়া’ৰ অন্তৰ্গত ৰাজনৈতিক দলসমূহে ইখনৰ পাছত সিখনকৈ বৈঠকত মিলিত হোৱাৰ সময়তে বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰহস্যজনকভাৱে ১৪টা লোকসভা সমষ্টিৰে প্ৰাৰ্থীৰ পেনেল এখন ৰাজহুৱা কৰে৷ কিন্তু কি পৰিস্থিতিত প্ৰদেশ কংগ্ৰেছৰ এই প্ৰাৰ্থীৰ পেনেলখন ৰাজহুৱা হ’ল তাক কেন্দ্ৰ কৰি ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে৷ সততে বিৰোধী ঐক্যৰ শ্লোগান আওৰাই থকা ভূপেন বৰা বাহিনীয়ে এই তালিকাত অন্য  মিত্ৰ বিৰোধী দলৰ বাবে এটাও সমষ্টি এৰি দিয়া নাই৷ যাৰ ফলত বিৰোধী ঐক্যৰ প্ৰতি এটা ভুল বাৰ্তা যোৱাৰ লগতে এক সন্দেহৰ বাতাবৰণ সৃষ্টি হয়৷ উল্লেখ্য, প্ৰদেশ কংগ্ৰেছৰ প্ৰত্যক্ষ উদ্যোগতে ‘ইণ্ডিয়া’ৰ আৰ্হিত ‘বিৰোধী ঐক্য মঞ্চ’ গঠন হয়৷ ঐক্যমঞ্চত কংগ্ৰেছসহ ১১টা ৰাজনৈতিক দল আছে৷ কিন্তু প্ৰদেশ কংগ্ৰেছে ১৪টা লোকসভা সমষ্টিৰ বাবে ৭২জনীয়া প্ৰাৰ্থীৰ যি পেনেল প্ৰস্তুত কৰিছে তাত বিৰোধী ঐক্যমঞ্চৰ অস্তিত্বক সম্পূৰ্ণৰূপে নস্যাৎ কৰা হৈছে৷ কিন্তু প্ৰশ্ন হ’ল যে প্ৰদেশ কংগ্ৰেছৰ এই প্ৰাৰ্থীৰ পেনেল কোনে আৰু কি উদ্দেশ্যৰে ৰাজহুৱা কৰিলে? এই তালিকাখন ৰাজহুৱা কৰাৰ আঁৰত কংগ্ৰেছৰ কি ৰাজনৈতিক অভিসন্ধি লুকাই থাকিব পাৰে তাক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপিত হৈছে৷ কংগ্ৰেছৰ নেতৃত্বত গঠিত বিৰোধী ঐক্যমঞ্চত অখিল গগৈ বা লুৰীণজ্যোতি গগৈও আছে৷ এই দুয়োজন নেতা লোকসভাৰ আগন্তুক নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ সাম্ভাব্য প্ৰাৰ্থী হিচাপে ৰাজনৈতিক মহলত চৰ্চা চলি আছে৷ লুৰীণজ্যোতি গগৈ ডিব্ৰুগড়ত আৰু অখিল গগৈয়ে যোৰহাট সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হোৱাৰ গুণাগাঁথা চলি আছে যদিও এই দুটা সমষ্টিৰ বাবেও কংগ্ৰেছে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছে৷ কংগ্ৰেছে ১৪টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰাৰ বিপৰীতে বিৰোধী ঐক্যমঞ্চৰ অন্যতম অংশীদাৰ অসম তৃণমূল কংগ্ৰেছৰ মুৰব্বী প্ৰাক্তন সাংসদ ৰিপুণ বৰাই দলৰ হাইকামাণ্ডৰে কলকাতাত বৈঠকত মিলিত হোৱাৰ পাছতে ৫টা লোকসভা সমষ্টি দাবী কৰিছে দলটোৰ বাবে৷ অসম তৃণমূল কংগ্ৰেছে কোক্‌ৰাঝাৰ, দৰং-ওদালগুৰি, ধুবুৰী, নগাঁও আৰু শিলচৰ বা কৰিমগঞ্জ লোকসভা সমষ্টি বিচাৰিছে৷ মিত্ৰতাৰ ধৰ্ম ৰক্ষা নকৰি অসম কংগ্ৰেছে লোকসভাৰ ১৪টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰাৰ পাছতে বিৰোধী ঐক্যমঞ্চৰ অন্যতম অংশীদাৰ অসম জাতীয় পৰিষদ ক্ষুন্ন হৈ পৰিছে৷ জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে কংগ্ৰেছৰ ভূমিকাত ক্ষোভিত হৈ কয়– বাদ দিয়ক বিৰোধী ঐক্যমঞ্চ৷ আমি ৬খন আসনত নিৰ্বাচন খেলিম৷ ভূপেন বৰা-জিতেন্দ্ৰ সিঙৰ অনুমতি লৈ আমি নিৰ্বাচন নেখেলো৷ সাপ হৈ খুটিব ভূপেন বৰাই আৰু বেজ হৈ জাৰিব জিতেন্দ্ৰ সিঙে৷ কোনোধৰণৰ বৈঠক নোহোৱাকৈ অকলে সিদ্ধান্ত লৈছে কংগ্ৰেছে৷ কংগ্ৰেছৰ এনে চিন্তাধাৰাৰ কাৰণে বিৰোধী ঐক্যত আউল লাগিব৷ কংগ্ৰেছৰ তালিকা প্ৰকাশ মানে টকা সংগ্ৰহৰ প্ৰক্ৰিয়া৷ দিল্লীৰ পৰা নেতা অহা মানে অৰাজক সৃষ্টি হোৱা৷ ঠিক তেনেদৰে বিৰোধী ঐক্যৰ আন এক শক্তিশালী অংশীদাৰ অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে ছ’চিয়েল মিডিয়াত কংগ্ৰেছৰ ভূমিকাক লৈ তীব্ৰ অসন্তোষ প্ৰকাশ কৰি কয়– গুৱাহাটীৰ এখন হোটেলত অসমৰ বিৰোধী দলসমূহৰ মিত্ৰজোটৰ বৈঠকৰ শেষত একেখন টেবুলত অখিল গগৈ, লুৰিনজ্যোতি গগৈ, ভূপেন বৰা আৰু মেহদি আলম বৰাই ভাত খাই কথা পাতি আছিল৷ মই ওচৰৰ এখন টেবুলত বহি আছোঁ৷ বিভিন্ন কথা আলোচনাৰ মাজতে অখিল গগৈ ডাঙৰীয়াই ক’লে– ‘ভূপেন দা এইবাৰ কিন্তু লুৰীণক এম পি বনাই আনিব লাগিব৷ লুৰিনক ডিব্ৰুগড়ৰ আসনখন দিব লাগিব৷’ ভূপেন বৰাই উত্তৰ দিলে, ‘‘আমিতো লুৰিনক কৈ আছোঁ [হাতখন দেখুৱাই] খেলিবলৈ, জগদীশ ভূঞাক সভাপতি পাতি দিয়ক আৰু লুৰিনে ডিব্ৰুগড়ৰ পৰা ইলেকশ্বন খেলক৷ ‘‘ অখিল গগৈয়ে লগে লগে উভতি ধৰিলে, ‘‘মানে আপুনি লুৰিনক হাতৰ চিনত কংগ্ৰেছৰ পৰা ইলেকশ্বন খেলিব কৈছে৷ এইটোটো আপুনি দেখ দেখকৈ এটা আঞ্চলিক দলক অপমান কৰিলে৷ আপোনালোকৰ দলৰ লগত আমাৰ মিত্ৰতা হৈছে, আপোনালোকে আমাৰ আঞ্চলিক দলকেইটাক সন্মান দিব লাগিব৷ কিন্তু আপোনালোকে আমাক অপমান কৰিছে৷ লুৰিন তই খেলিব পাৰিবি নেকি হাতৰ চিহ্নিত?’ লুৰীণজ্যোতি গগৈয়ে কলে সেইয়া কেনেকৈ সম্ভৱ৷ তাৰ পিছত ভূপেন বৰাই কয়– ‘এইয়া মোৰ কথা নহয়৷ আমাৰ পাৰ্টিৰ মানুহবোৰে কৈ আছে, তেওঁলোকৰ কথাটোহে মই কৈছোঁ৷ আমি লগতে কাম কৰি থাকোঁচোন, পিছত সকলোৰে মন মিলিলে এইবোৰ ঠিক হৈ যাব৷’ তাৰ পাছতে অখিল গগৈয়ে কলে– ‘চাব দেই৷ যোৱা নিৰ্বাচনত আপোনালোকে [কংগ্ৰেছে] আমাকে ঠগিলে আৰু আমাকে বলিৰ পঠা সজালে৷ এইবাৰ মই জেইলৰ বাহিৰত আছোঁ, সকলো কথা ৰাইজক জনাই যাম৷’ এয়াই কংগ্ৰেছে তেওঁলোকৰ মিত্ৰদলসমূহক দিয়া সন্মান আৰু আমাৰটো সন্দেহ হয়– অসম কংগ্ৰেছৰ বহু নেতাই নিবিচাৰে বিজেপি পৰাভূত হোৱাটো৷

লোকসভা নিৰ্বাচনৰ ১৪টা সমষ্টিৰ বাবে কংগ্ৰেছে তালিকা প্ৰকাশ কৰাক লৈ অসন্তুষ্ট অখিল গগৈ

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰঃআগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ১৪টা সমষ্টিৰ বাবে ৭২জনীয়া সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ এখন ৰাজনৈতিক সভাত অংশ গ্ৰহণ কৰাৰ বাবে বুধবাৰে নিশা ডিফুত উপস্থিত হোৱা গগৈয়ে সংবাদমাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– গোটেই ভাৰতবৰ্ষৰ মানুহে এতিয়া বিজেপিৰ বিৰুদ্ধে বিৰোধী শক্তি একত্ৰিত হোৱাটো বিচাৰিছে৷ অখিল গগৈ, লুৰিণজ্যোতি গগৈ বা ভূপেন বৰা অকলে ৰাইজৰ ওচৰলৈ গ’লে যিমান গ্ৰহণ কৰিব ঐক্যবদ্ধভাৱে গ’লে তাতকৈ বেছিকৈ গ্ৰহণ কৰিব৷ আমি বিৰোধী মিত্ৰজোঁটৰ কোনেও এনেকুৱা কাম কৰা উচিত নহয় যিটোৱে ইটো দলে সিটো দলৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা হয়৷ এই ক্ষেত্ৰত কংগ্ৰেছ দলে বিষয়টো বুজি উঠিব বুলিও গগৈয়ে আশা প্ৰকাশ কৰে৷ বিজেপি দলৰ পৰা দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ হ’লে আমি ঐক্যবদ্ধ হোৱাৰ বিকল্প নাই৷ বিৰোধী শক্তিয়ে ঐক্যবদ্ধভাৱে বিজেপিক প্ৰতিৰোধ নকৰিলে দেশৰ গণতন্ত্ৰলৈ চৰম ভাবুকি আহিব বুলিও গগৈয়ে মন্তব্য কৰে৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে ৰাইজৰ দলক চূড়ান্তভাৱে প্ৰতাৰণা কৰা বুলি প্ৰকাশ কৰি গগৈয়ে কয় যে একেই অৱস্থা হৈছিল অসম জাতীয় পৰিষদৰ ক্ষেত্ৰতো৷ ২০২৪ চনৰ নিৰ্বাচনত এনে পৰিৱেশৰ সৃষ্টি নোহোৱাটো আমি আশা কৰো বুলি গগৈয়ে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে৷