Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলাগুৰু আসনত ড॰ জয়ন্ত কৃষ্ণ শৰ্মা

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৩ অক্টোবৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট লেখক, কবি তথা সুবক্তা ড॰ জয়ন্ত কৃষ্ণ শৰ্মাই বৃহস্পতিবাৰে বিশ্ববিদ্যালয়ৰ ‘কলাগুৰু হিচাপে যোগদান কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই সোণৰ পদক আৰু কৃষ্ণকান্ত সন্দিকৈ বঁটাসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ড॰ শৰ্মাই প’ষ্ট-ডক্টৰেল গৱেষণাৰ কাম সম্পন্ন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা৷ থাইলেণ্ডৰ চুলালংকৰ্ন বিশ্ববিদ্যালয়ত শান্তি অধ্যয়ন পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ড॰ শৰ্মাৰ বহু গবেষণা পত্ৰ পৃথিবীৰ বিভিন্ন গবেষণা পত্ৰিকাত প্ৰকাশিত হৈছে৷ কেইবাখনো গবেষণাধৰ্মী আৰু সাহিত্যৰ কিতাপৰ প্ৰণেতা ড॰ শৰ্মাৰ অধীনত ইতিমধ্যে কেইবাগৰাটাও গবেষকে পি. এইচ. ডি. আৰু এম. ফিল. গবেষণাৰ কাম সম্পূৰ্ণ কৰি ডিগ্ৰী লাভ কৰিছে৷ কলাগুৰু [ডীন, কলা অনুষদ] হিচাপে ড॰ শৰ্মাই এবছৰৰো অধিক কাল কাৰ্যনিৰ্বাহ কৰিব৷