Logo
image

ধূমপানৰ আসক্তিৰ পৰা মুক্ত হ’বলৈ এইখিনি কৰক

নিক’টিন ৰিপ্লেচমেণ্ট থেৰাপীঃ ধূমপানৰ আসক্তিৰ পৰা মুক্ত হ’বলৈ নিজে নিৰন্তৰ চেষ্টা চলাব লাগিব৷ প্ৰায়োজনত নিক’টিন ৰিপ্লেচমেণ্ট থেৰাপী ল’ব পাৰে৷ ইয়াৰ ফলত চিগাৰেট খোৱাৰ অভ্যাস কমি যাব৷ নিক’টিন ৰিপ্লেচমেণ্ট থেৰাপীয়ে চিগাৰেট ত্যাগ কৰাৰ ফলত হোৱা উদ্বেগ আৰু মানসিক চাপ দূৰ কৰাত সহায় কৰিব পাৰে৷ 

চিকিৎসাঃ চিগাৰেটৰ আসক্তিৰ পৰা মুক্ত হ’বলৈ ৰিহাব কেম্পৰ সহায় ল’ব পাৰে৷  

ধূমপানৰ পৰিৱৰ্তে অন্য কামত মনোনিৱেশঃ যেতিয়াই ধূমপানৰ ইচ্ছা হয়, তেতিয়া তাৰ পৰিৱৰ্তে নিজৰ প্ৰিয় কামটোত মনোনিৱেশ কৰিব লাগে৷ ধূমপানৰ ইচ্ছা জাগিলে সৃষ্টিমূলক কাম, খোজ কঢ়া, গান, নাচ আদিত ব্যস্ত হ’ব লাগে৷ 

ধূমপান কৰাৰ ইচ্ছা হ’লে অন্য খাদ্য খাওকঃ ধূমপানৰ ইচ্ছা জাগিলে সেই সময়ত অন্য কোনো লঘু আহাৰ খাওক৷ অথবা চুইংগাম, অন্য কোনো মিঠাই খাবলৈ চেষ্টা কৰক৷ তেতিয়াও ধূমপানৰ ইচ্ছা প্ৰতিৰোধ কৰিব পৰা যায়৷ 

এইদৰে ধূমপানৰ অভ্যাস ত্যাগ কৰিবলৈ এনে নিয়ম মানি চলিব লাগিব৷