Logo
image

চাইকেলত উঠি স্কুললৈ যাম...

মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আজি ৰাজ্যজুৰি ছাত্ৰ ছাত্ৰীলৈ চাইকেল বিতৰণ

'আমাৰ অসম'ৰ  কোকৰাঝাৰ  প্ৰতিনিধি, ১৩ অক্টোবৰঃ    ২০২৩-২৪ বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আজি ৰাজ্যজুৰি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচী অনুসৰি আজি কোকৰাঝাৰতো চাইকেল বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। কোকৰাঝাৰ চহৰৰ গ্ৰীণ ফিল্ডত আয়োজিত চাইকেল বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাবে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকে । চাইকেল  বিতৰণ অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ ৯২ খন বিদ্যলয়ৰ মুঠ ১২৭৯৮ গৰাকী ছাত্ৰ ছাত্ৰীক  চাইকেল বিতৰণ কৰা হয় । ইয়াৰে  ৫৮১০ গৰাকী ছাত্র আৰু ৬৯৮৮ গৰাকী ছাত্ৰী । আজি আনুষ্ঠানিকভাৱে দহগৰাকী ছাত্র ছাত্ৰীক চাইকেল প্ৰদান কৰা হয় ।উল্লেখযোগ্য যে  চাইকেল বিতৰণ অনুষ্ঠানত কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী , গোসাইগাঁও সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী , বিটিআৰৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী , জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী আৰু শিক্ষা বিভাগৰ সঞ্চালক জগদীশ চন্দ্ৰ ব্ৰহ্ম উপস্থিত থাকে। আজিৰ চাইকেল বিতৰণী অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ কেইবা সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

কাজলগাঁৱত ছাত্ৰ-ছাত্ৰীলৈ চাইকেল বিতৰণ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

'আমাৰ অসম'ৰ কাজলগাঁৱৰ প্ৰতিনিধি, ১৩ অক্টোবৰঃ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আজি চিৰাং জিলাতো শিক্ষা বিভাগৰ উদ্যোগত হাইস্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কৰা হয় ৷ চিৰাং জিলা প্ৰশাসনে কাজলগাঁৱস্থিত পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা অনুষ্ঠানত আনুষ্ঠানিকভাৱে শিক্ষাৰ্থীৰ মাজত ৰাজ্যৰ হস্তাতাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই চাইকেল বিতৰণ কৰে ৷জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱে পৰিচালনা কৰা অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি ৰাজ্যৰ হস্তাতাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই চিৰাং জিলাত বিগত বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক হোৱাৰ দৰে এইবাৰো পূৰ্বৰ ধাৰা অব্যাহত ৰাখিবলৈ ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজ আৰু অভিভাৱক সকলোলৈ আহ্বান জনায় ৷ অনুষ্ঠানত কাজলগাঁও হাইস্কুল, বিলাসপুৰ মানছুৰীয়া হাইস্কুল, কাজলগাঁও ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ঢালিগাঁও হাইস্কুল আৰু হাতীপোতা হাইস্কুলৰ দহ জনকৈ শিক্ষাৰ্থীক মুঠ ৫০খন চাইকেল আজি আনুষ্ঠানিকভাৱে বিতৰণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ উল্লেখযোগ্য যে, চিৰাং জিলাত নৱম শ্ৰেণীৰ মুঠ ৮০৬১ গৰাকী ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত অন্তৰ্ভূক্ত কৰা হয় ৷ অনুষ্ঠানটোত বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়ক উপস্থিত থাকে।

ধেমাজিত মন্ত্ৰী যোগেন মহনৰ বাইচাইকেল বিতৰণ

'আমাৰ অসম’ৰ ধেমাজিৰ বিশেষ প্ৰতিনিধি, ১৩ অক্টোৱৰঃ অসম চৰকাৰে শিক্ষাৰ্থীৰ জ্ঞান আহৰণৰ সুবিধাৰ্থে বিনামূলীয়াকৈ প্ৰদান কৰা চাইকেল প্ৰদান আঁচনিখন আজি ধেমাজি জিলাত আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে ৷ ধেমাজি ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা কাৰ্যসূচীত জিলাখনৰ সৰ্বমুঠ ১০৬৬৬ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ এই আঁচনিৰ অধীনত চাইকেল বিতৰণ কৰা হয়।  অনুষ্ঠানটিত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, ধেমাজি জিলাৰ জিলা আয়ুক্ত অংকুৰ ভৰালী, ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ,ধেমাজি পৌৰ সভা আৰু চিলাপথাৰ পৌৰ সভাৰ সভানেত্ৰীদ্বয়, জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত, অগপৰ জিলা সভাপতি লক্ষীধৰ শেনচোৱা, জিলা উন্নয়ন আয়ুক্ত ,অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত সকল, বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰমুখ্যে জিলাখনৰ বিদ্যালয় সমূহৰ মুৰব্বী, শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ 

প্ৰায় পাচঁ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা সভাত জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে নিজৰ ভাষণ প্ৰসংগত চৰকাৰৰ এই মহান আঁচনিখনৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে উপকৃত হ'ব বুলি মতপোষণ কৰাৰ লগতে আৰোহণ, খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম আদি কাৰ্যসূচীসমূহত সকলোৰে সহযোগিতা কামনা কৰে ৷ ইফালে বিধায়ক ভুৱন পেগুয়ে ভাষণ প্ৰসংগত পূৰ্বে কেৱল ছাত্ৰীৰ পৰিবৰ্তে এইবাৰ ছাত্ৰসকলকো এই আঁচনিত অন্তৰ্ভুক্ত কৰাত সুখ অনুভৱ কৰি  মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰক ধন্যবাদ জনায় ৷ ইফালে অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থকা মন্ত্ৰী যোগেন মহনে ছাত্ৰ-ছাত্ৰী আৰু ৰাইজক উদ্দেশ্যি অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ কাৰণে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ বহল ব্যাখ্যা আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক নৈতিক দিশত বিভিন্ন পৰামৰ্শ আগবঢ়ায়। 

সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে অমৃত সৰোবৰ,অমৃত কলহৰ দৰেই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক বিতৰণ কৰা বাইচাইকেলৰ নামো 'অমৃত চাইকেল' বুলি অভিহিত কৰে ৷