Logo
image

কাজিৰঙাত সলনি দৰ্শনাৰ্থীৰ নীতি - নিৰ্দেশনা

আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদক, ১৩ অক্টোবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটকৰ বাবে কিছু নীতি নিৰ্দেশনা সলনি হৈছে । আজি কাজিৰঙাত পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িত থকা প্ৰধানকৈ কাজিৰঙা জীপ ছাফাৰী সন্থা, কাজিৰঙা পৰ্যটন ব্যৱসায় কল্যাণ চচাইটি, কাজিৰঙা হোটেল এন্ড ৰিজৰ্ট এচচিয়েছন, গাইড এচচিয়েছন, কাজিৰঙা টুৰিজিম ডেভেলপমেন্ট চচাইটি আদিৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোনালী ঘোষ, বন সংমন্ডল বিষয়া অৰুণ বিগনেশকে ধৰি বন বিষয়াসকলে আগন্তুক ২০২৩-২৪ পৰ্যটন বৰ্ষত লব লগা কাৰ্যপন্থা সম্পৰ্কে আলোচনাত মিলিত হয় । সভাত বিগত পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটকৰ সংখ্যা বিশ্লেষণ কৰা হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকে সন্মূখীন হোৱা সমস্যাসমুহ আলোচনা কৰা হয় । অহা ১৫ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হ'ব । উল্লেখ্য সাধাৰণতে পৰ্যটকে জীপ ছাফাৰী কৰিবলৈ গ'লে উদ্যানত পুৱা ৭-৩০ বজাত প্ৰবেশ কৰাৰ অনুমতি দিয়া হৈছিল যদিও পৰ্যটন ব্যৱসায়ীৰ সৈতে আলোচনা কৰি দেশ বিদেশৰ পৰ্যটকৰ সুবিধাৰ্থে  আগন্তুক পৰ্যটন বৰ্ষৰ পৰা এই নিয়ম কিছু সাল-সলনি কৰি ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত পুৱা সাত বজাতেই প্ৰবেশ কৰাৰ বিপৰীতে অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত পুৱা  ৬ বজাত প্ৰবেশ কৰিব পাৰিব বুলি সঞ্চালক সোনালী ঘোষে ঘোষণা কৰে । ইয়াৰ উপৰিও এতিয়াৰ পৰা বন বিভাগৰ অধীনত থকা কহঁৰা, বাগৰি ,ভোমোৰাগুৰি আদিত থকা অতিথি গৃহ পৰ্যটকে আগতীয়াকৈ সংৰক্ষণ কৰি ৰাত্ৰি যাপন কৰিব পৰাকৈ  ব্যৱস্থা কৰিছে । আনহাতে পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ অধীনত থকা পানবাৰী সংৰক্ষিত বনাঞ্চলতো পৰ্যটকে বিশেষকৈ পক্ষী দৰ্শন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে । ইয়াৰ উপৰিও বুঢ়াপাহাৰ বনাঞ্চলৰ অধীনত চিৰাঙত পৰ্যটকে ট্ৰেকিং কৰাৰ সুবিধা থাকিব বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে।  উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন  কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটকে বিশেষকৈ জীপ ছাফাৰী কৰাত বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হয়। এই সমস্যা কিছু লাঘব অৰ্থাৎ শৃংখলাবদ্ধ কৰাৰ বাবে পৰ্যটকে আগতীয়াকৈ অনলাইন যোগে জীপছী গাড়ী আগতীয়াকৈ বুকিং কৰিব পাৰিব।  ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানৰ প্ৰবেশ মাচুল, পথ কৰ, কেমেৰা কৰ আদি পূৰ্বৰ তুলনাত বৃদ্ধি কৰিবলৈ চৰকাৰক অবগত কৰিছে । ৰাজ্য চৰকাৰে অনুমতি দিলে চলিত পৰ্যটন বৰ্ষত পূৰ্বৰ তুলনাত উক্ত কৰ সমূহ দুগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।