Logo
image

ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীক স্কুটী প্ৰদানৰ পৰিকল্পনা চৰকাৰৰ

আমাৰ অসমৰ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৩অক্টোবৰঃ এইবাৰ শিক্ষক শিক্ষয়িত্ৰীকো স্কুটী প্ৰদানৰ পৰিকল্পনা গ্ৰহণ কৰিছে চৰকাৰে৷আজি তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত  এই ৰাজহুৱা ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখযোগ্য যে,আজি দিনৰ প্ৰায় ১২বজাত আঁচনি খনৰ অধীনত প্ৰতিকী ৰূপত শোণিতপুৰৰ পাঁচখন বিদ্যালয়ৰ পাঁচগৰাকী ছাত্ৰছাত্ৰীক চাইকেল প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ ৰাজ্যৰ মুঠ তিনিলাখ ৬৯ হেজাৰ ৪৫৪ গৰাকী নৱম শ্ৰেণীৰ ছাত্ৰছাত্ৰীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আগবঢ়োৱা চাইকেল ছাত্ৰ -ছাত্ৰী সকলে নিজৰ বিদ্যালয়তে লাভ কৰিব৷ ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ পৰা কোনেও এটকাও ল’ব নোৱাৰিব৷ মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে,এটকাও যদি কোনোবাই লয় তেনেহলে সেইজন ৰঙা ঘৰৰ আলহী হোৱাটো নিশ্চিত৷ যদি কোনোবাই যদি এটকাও বিচাৰে তেনেহ'লে ছাত্ৰ-ছাত্ৰী সকলে মুখ্যমন্ত্ৰীৰ দিছপুৰৰ কাৰ্যালয়ৰ ঠিকনালৈ সেই বিষয়ে উল্লেখ কৰি পত্ৰ লিখিলেই হ’ল৷ ঠিকনাত মাত্ৰ মুখ্যমন্ত্ৰীৰ নামৰ লগতে বন্ধনীৰ ভিতৰত ’মামা’ বুলি লিখিলেই হ’ল৷ মুঠ ১৬০ কোটি ৯৩ লাখ ৪১ হেজাৰ ৬২৪ টকা ব্যয়ৰে ৰূপায়ণ কৰা আঁচনিখনৰ অধীনত শোণিতপুৰৰ ১২হেজাৰ ৪৮৪গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চাইকেল লাভ কৰিছে৷ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত সভাখনত মুখ্যমন্ত্ৰীয়ে কয় যে,শিক্ষক সকলে ৰাজ্যৰ শিক্ষাব্যৱস্থাক ভাল কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব লাগে৷ শিক্ষক সকলৰ প্ৰতি মৰম থকা বুলিও উল্লেখ কৰি তেওঁ কয় যে একাংশ শিক্ষকেহে শিক্ষাসেঁতু এপৰ বিৰোধিতা কৰিছে৷ ৯৫শতাংশ শিক্ষকেই চৰকাৰৰ নীতিৰ সমৰ্থন কৰা বুলিও দোহাৰি তেওঁ কয় যে, বিদ্যালয়লৈ যোৱা বাটপথৰ অৱস্থা বেয়া হ’লে সেয়া নিৰ্মাণ কৰা হ’ব আৰু প্ৰয়োজনত ১০বছৰৰ পিছত বদলিকৰণৰো ব্যৱস্থা কৰা হ’ব৷ তদুপৰি,দূৰণিবটীয়া তথা যাতায়তৰ সমস্যাত ভোগা শিক্ষক শিক্ষয়িত্ৰী সকলৰ বাবেও স্কুটী প্ৰদানৰ চিন্তা চৰ্চা কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৫০হেজাৰ বা একলাখ শিক্ষক-শিক্ষয়িত্ৰীক স্কুটী দিবলৈ হ’লে পাঁচশ কোটি টকা ব্যয় হ’ব,যিটো কোনো সমস্যাৰ বিষয় নহয়৷ এনে শিক্ষক শিক্ষয়িত্ৰী সকলে আবেদন কৰিলেই স্কুটী দিয়াৰ বাবে শীঘ্ৰেই এক আঁচনি লোৱা হ’ব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷ শীঘ্ৰেই ৰাজ্যত পুনৰ ১০হেজাৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে চাহ বাগিচাৰ বিদ্যালয়লৈ যোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলে চাইকেল দিবলৈ কোৱাৰ পিচতেই এই আঁচনি গ্ৰহণ কৰা বুলিও উল্লেখ কৰে৷ আনহাতে, শিক্ষামন্ত্ৰী ৰনোজ পেগু,জলসিঞ্চন মন্ত্ৰী অশোক সিংহালৰ লগতে বিধায়ক পদ্ম হাজৰিকা,পৃথ্বিৰাজ ৰাভা,গণেশ লিম্বু,কৃষ্ণকমল তাঁতিৰ লগতে শিক্ষা বিভাগৰ সচিব তথা শোণিতপুৰৰ জিলা আয়ুক্ত আদি সকলে অংশ লোৱা সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে শিক্ষাসেঁতু এপক এক যুগান্তকাৰী পদক্ষেপ আখ্যা দিয়ে৷ এই এপৰ বাবেই শিক্ষামন্ত্ৰী পেগুক সকলোৱে মনত ৰাখিব বুলি তেওঁ মন্তব্য কৰে৷ ইপিনে,বিদ্যালয়সমূহৰ সংযোগীকৰণৰে চৰকাৰী বিদ্যালয় সমূহত শিক্ষকৰ সংখ্যাকে ধৰি বিদ্যালয় গৃহ তথা আন সকলো সুবিধা প্ৰদান কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ বিদ্যালয়ৰ সংযোগীকৰণৰ বাবেই কৰ্ণাটকৰ লগতে দেশৰ দাক্ষিণাত্যৰ ৰাজ্যসমূহ যথেষ্ট আগবাঢ়ি যোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে সেইবোৰ ৰাজ্যত শৈক্ষিক আন্দোলন কেতিয়াবাই আৰম্ভ হোৱাৰ বিপৰীতে অসমত এতিয়াহে আৰম্ভ হৈছে৷ ৰাজ্যৰ বৌধিক মহলে তথা একাংশ লোকে সকলো ঋণাত্মক দৃষ্টিভংগীৰে চায় বুলি উল্লেখ কৰি তেওঁ ছাত্ৰ-ছাত্ৰী সকলক গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায় ।