Logo
image

ভোকাতুৰ এই ভাৰত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ অক্টোবৰঃ ক্ষুধাত ভূগি জীৱন নিৰ্বাহ কৰিবলগীয়া ভাৰতীয়ৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে৷ যিসময়ত আৰ্থিক উন্নয়নৰ দিশত চুবুৰীয়া দেশ পাকিস্তান, শ্ৰীলংকাই সংগ্ৰাম কৰি আছে আৰু মোদী চৰকাৰৰ কাৰ্যকালত ভাৰত ৫ ট্ৰিলিয়ন অৰ্থনীতিৰ দিশে ধাৱমান হৈছে, সেই সময়ত ভাৰতৰ জনতাই নেপাল, বাংলাদেশৰ নাগৰিকতকৈয়ো কষ্টৰে ভোকত দিন কটাবলগীয়া হৈছে৷ বৃহস্পতিবাৰে প্ৰকাশিত বিশ্ব ক্ষুধা সূচকত প্ৰতিফলিত হৈছে ভাৰতৰ জনতাৰ ভোকাতুৰ অৱস্থা৷ বিশ্ব ক্ষুধা সূচকৰ শেহতীয়া প্ৰকাশিত তালিকাত পৃথিৱীৰ ১২৫খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১১১সংখ্যক৷ ২০২২ চনত ক্ষুধাতুৰ দেশৰ  তালিকাত ভাৰতৰ স্থান আছিল ১০৭৷ বিগত এবছৰত ভাৰতৰ স্থান আৰু ৪টা পিছুৱাই গৈছে৷ অথচ প্ৰতিবেশী শ্ৰীলংকা [৬০], নেপাল [৬৯], বাংলাদেশ [৮১] আৰু আনকি ধাৰত পোত গৈ ককবকাই থকা পাকিস্তানৰ [১০২] স্থানো ক্ষুধাৰ ক্ষেত্ৰত ভাৰততকৈ উন্নত স্থিতিত আছে৷ উল্লেখ্য, গ্ল’বেল হাংগাৰ ইনডেক্স [জি এইচ আই] বা বিশ্ব ক্ষুধা সূচক প্ৰকাশ কৰে ‘কনচাৰ্ন ৱল্ডৰ্ৱাইড এণ্ড ৱেষ্ট হাংগাৰ হিলফে’ নামৰ আয়াৰলেণ্ড আৰু জাৰ্মানীৰ বেচৰকাৰী সংস্থাই৷ বিগত বছৰৰ দৰে এইবাৰো ভাৰতে এই লজ্জাজনক পৰিসংখ্যাক শুদ্ধ নহয় বুলি মন্তব্য কৰিছে৷ কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়ৰ মতে বিশ্বৰ ক্ষুধা নিৰ্ধাৰণ কৰাৰ যি প্ৰণালী অৱলম্বন কৰা হৈছে সেয়া শুদ্ধ নহয়৷

০ৰ পৰা ১০০ স্কেলত ভাৰতে দেশৰ জনতাৰ ক্ষুধাৰ সূচকত ২৮.৭ পইণ্ট লাভ কৰিছে৷ ভাৰতৰ এই স্থিতি ‘অতি শোচনীয়’ হিচাপে বিবেচিত হৈছে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, বিগত ৮ বছৰত ভাৰতৰ ক্ষুধাতুৰৰ সংখ্যা আচৰিতভাৱে বৃদ্ধি পাইছে৷ যোৱা ৮ বছৰত, অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ভাৰতৰ ক্ষুধাৰ সূচকৰ ক্ষেত্ৰত উন্নতি ঘটিছে মাথোঁ ০.৫ পইণ্ট৷ বিশ্ব ক্ষুধা সূচকত ভাৰতৰ সন্তোষজনক স্থিতি আছিল ২০০০ চনৰ পৰা ২০১৫ চনলৈ৷ ২০০০ চনত ভাৰতৰ পইণ্ট আছিল ৩৮.৪, ২০০৮ চনত আছিল ৩৫.৫, ২০১৫ চনত আছিল ২৯.২৷ তাৰ পাছৰ পৰাই ভাৰতৰ অধোগতি আৰম্ভ হয়৷ এইবাৰৰ প্ৰকাশিত পৰিসংখ্যা অনুসৰি ভাৰতৰ অপুষ্টিত ভোগা লোকৰ সংখ্যা ১৬.৬ শতাংশ আৰু ৫ বছৰৰ অনূধবৰ্ শিশুৰ মৃত্যুৰ হাৰ ৩.১ শতাংশ৷ আনহাতে, এনিমিয়া বা ৰক্তহীনতাত ভোগা ১৫-২৪ বছৰৰ মহিলাৰ সংখ্যা ভাৰতত ৫৮.১ শতাংশ আৰু ৫ বছৰৰ অনূধবৰ্ শিশুৰ ওজনহীনতাত ভোগাৰ সংখ্যা ১৮.৭ শতাংশ৷ ইয়াক ‘চাইল্ড ৱাষ্টিং’ বুলি কোৱা হয় আৰু বিশ্ব ক্ষুধা সূচকত এই বিষয়টোক অতি গুৰুত্বসহকাৰে বিবেচনা কৰা হয়৷

নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ নাগৰিকৰ হিতৰ বাবে ইটোৰ পাছত সিটো কল্যাণকামী আঁচনি গ্ৰহণ কৰি থকাৰ সময়ত দেশৰ জনতাই ক্ষুধা নিবাৰণ কৰিব নোৱাৰাকৈ কটোৱা বুলি পৰিসংখ্যা প্ৰকাশ পোৱাটো কল্যাণকামী চৰকাৰৰ বাবে চৰম পৰিহাসৰ কথা৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত মোদী চৰকাৰে যোৱা ২৮ মাহত দেশৰ ৮০ কোটি হিতাধিকাৰীক ১,১১৮ লাখ টকা চাউল যোগান ধৰা বুলি দাবী কৰে৷ তথাপি ১২৫ কোটি জনতাৰ দেশখনে কেনেকৈ ভোকত দিন যাপন কৰিবলগীয়া হৈছে, সেয়া আচৰিত বিষয় হিচাপে পৰিগণিত হৈছে৷ বৃহস্পতিবাৰে প্ৰকাশিত এই পৰিসংখ্যালৈ চালে বিগত ৮ বছৰ ধৰি ভাৰতৰ জনতাৰ ক্ষুধা নিবাৰণৰ প্ৰয়াস প্ৰায় নিশ্চল হৈ পৰিছে৷ এইবাৰৰ প্ৰকাশিত সূচকত ভাৰতৰ তলত আছে দুৰ্ভিক্ষ কবলিত কেইখনমান দেশ ক্ৰমে আফগানিস্তান, হাইটি আৰু আফ্ৰিকাৰ আন ১২খন দেশ৷ তাৎপৰ্যপূৰ্ণভাৱে বিশ্বৰ সকলো দেশেই এই জিএইচআইৰ পৰিসংখ্যা কম-বেছি পৰিমাণে মানি লৈছে৷ আপত্তি কৰিছে কেৱল মোদী চৰকাৰে৷ কেৱল আপত্তিয়েই নহয়, এই সমীক্ষা গ্ৰহণৰ প্ৰণালীকে ভুল বুলি কৈ মোদী চৰকাৰে জি এইচ আইৰ বিশ্বজনীন পৰিসংখ্যা নসাৎ কৰিছে৷