Logo
image

কৰ্প’ৰেট নিয়ন্ত্ৰিত ছ’চিয়েল মিডিয়াই যিকোনো মুহূৰ্তত অগণতান্ত্ৰিক ৰূপ ল’ব পাৰে

‘আমাৰ অসম’ৰ শিৱসাগৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ অক্টোবৰঃ ‘কৰ্প’ৰেট নিয়ন্ত্ৰিত ছ’চিয়েল মিডিয়াই যিকোনো মুহূৰ্তত অগণতান্ত্ৰিক ৰূপ ল’ব পাৰে৷ কাৰোবাৰ মত কৰ্প’ৰেটৰ পছন্দ নহ’লেই আৰম্ভ হৈ যায় হস্তক্ষেপ৷’ –এই ভাষ্য বিশিষ্ট গল্পকাৰ তথা ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ৷ শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত তথা শিৱসাগৰ কলেজৰ সহযোগত আজি শিৱসাগৰ কলেজৰ মাধৱ চন্দ্ৰ বেজবৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত অষ্টমসংখ্যক অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতাত ‘অসমৰ সমাজ জীৱনত সংবাদ মাধ্যমৰ প্ৰভাৱঃ পৰিৱৰ্তিত প্ৰাসংগিকতা’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি বিশিষ্ট সাহিত্যিক-সাংবাদিকজনে এইদৰে কয়৷ সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট গল্পকাৰজনে বিষয় সন্দৰ্ভত নিৰ্মোহ বিশ্লেষণ কৰে আৰু সাম্প্ৰতিক সময়ৰ সংবাদ মাধ্যমৰ গতি, প্ৰত্যাহ্বান আৰু আগন্তুক দিনৰ প্ৰকৃতিৰ উমান দিয়ে৷ ‘এন কে টিভি’ৰো মুখ্য সম্পাদকৰ দায়িত্বত থকা মনোজ কুমাৰ গোস্বামীয়ে কয়– ‘অসমীয়া সংবাদ মাধ্যমে অসমীয়া ভাষাৰ চৰ্চা অব্যাহত ৰাখিছে আৰু অসমীয়া ভাষাক এক স্থিতি প্ৰদান কৰিছে৷ বাতৰিকাকতেই হওক অথবা টিভি চেনেলেই হওক– সংবাদ মাধ্যমে ভাষাটোৰ প্ৰতি অৰিহণা যোগাই আহিছে৷ এইক্ষেত্ৰত অসমীয়া গীতৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ আমাৰ মানুহে দৈনন্দিন জীৱনত খাদ্য-সুৰাৰ নামত হাজাৰ হাজাৰ টকা খৰচ কৰিবলৈ কেৰেপ নকৰে, কিন্তু এখন বাতৰিকাকতৰ নামত দৈনিক দহ টকা ব্যয় কৰিবলৈ ভাল নাপায়৷ আমাৰ ভাষিক বাতৰিকাকতসমূহৰ প্ৰকাশন গোষ্ঠী ৰাষ্ট্ৰীয় প্ৰকাশন গোষ্ঠীৰ দৰে নহয়৷ ৰাষ্ট্ৰীয় প্ৰকাশন গোষ্ঠীৰ পুঁজিৰ অভাৱ নাই৷ সংবাদ মাধ্যমৰ আধুনিক আহিলা বৃদ্ধি পাইছে যদিও মানুহৰ দৈনন্দিন ইচ্ছু্যবোৰ পিছপৰি ৰৈছে৷ বিশেষকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই অনিহা বেছি পৰিমাণে দেখিবলৈ পোৱা গৈছে৷ মানুহৰ দৈনিক অভাৱ-অভিযোগৰ সলনি আজিৰ সংবাদ মাধ্যমত এলিয়েনৰ বাতৰি প্ৰচাৰ হ’ব লাগিছে৷ মণিপুৰৰ সলনি ইজৰাইল-পেলেষ্টাইনৰ বাতৰিয়ে অধিক গুৰুত্ব লাভ কৰিছে৷ আজিৰ দিনত বাতৰিকাকতসমূহ সামাজিক, ৰাজনৈতিক আৰু আৰ্থিক হেঁচাৰ সন্মুখীন হৈছে৷ বাতৰিকাকতৰ বিক্ৰী উদ্বেগজনকভাৱে কমি আহিছে৷ ফলত কাকতসমূহে নিৰ্ভৰ কৰিব লগা হৈছে বিজ্ঞাপনৰ ওপৰত৷ সীমিতসংখ্যক কোম্পানীৰ বিজ্ঞাপনৰ বজাৰত সকলো উবুৰি খাই পৰিছে৷ যাৰ বাবে কাকতসমূহে চৰকাৰী বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে৷ এই নিৰ্ভৰশীলতাই কাকতসমূহক সেই প্ৰতিষ্ঠান অথবা চৰকাৰৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত হ’বলৈ বাধ্য কৰাইছে৷ কৰ্প’ৰেট নিয়ন্ত্ৰিত ছ’চিয়েল মিডিয়াই যিকোনো মুহূৰ্তত অগণতান্ত্ৰিক ৰূপ ল’ব পাৰে৷ কাৰোবাৰ মত কৰ্প’ৰেটৰ পছন্দ নহ’লেই আৰম্ভ হৈ যায় হস্তক্ষেপ৷ ফেচবুক, টুইটাৰত এনে উদাহৰণ আছে৷ ছ’চিয়েল মিডিয়া কেতিয়াও মূলসুঁতিৰ সংবাদ মাধ্যমৰ, বাতৰিকাকত, টি ভি চেনেলৰ বিকল্প হ’ব নোৱাৰে৷ জনমত সৃষ্টিত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম আৰু ইয়াৰ প্ৰভাৱ থাকিবই৷’ অনুষ্ঠানৰ আৰম্ভণিতে শিৱসাগৰ কলেজৰ ছাত্ৰী দৰ্শিতা দত্তই এটি বৰগীত পৰিৱেশন কৰে৷ অধ্যাপক শৰৎ মহন্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্ৰীশ্ৰী উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত, শিৱসাগৰ কলেজৰ অধ্যক্ষ ড॰ প্ৰফুল্ল চন্দ্ৰ কলিতা আৰু অধ্যাপক শৰৎ মহন্তৰ সহধৰ্মিনী তথা আদৰ্শ মাতৃ বঁটাপ্ৰাপক মীনা মহন্তই৷ বন্তি প্ৰজ্বলন কৰি শিৱসাগৰ কলেজৰ অধ্যক্ষ ড॰ প্ৰফুল্ল চন্দ্ৰ কলিতাই তেওঁৰ চমু বক্তব্যত অধ্যাপক শৰৎ মহন্তৰ বৰ্ণময় কৰ্মজীৱন সন্দৰ্ভত আলোকপাত কৰে৷ আদৰণী ভাষণ প্ৰদান কৰি শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি, বিশিষ্ট নিবন্ধকাৰ তথা গড়গাঁও কলেজৰ অধ্যক্ষ ড॰ সব্যসাচী মহন্তই কয়– জীৱনত পিতৃৰ অৱদানৰ বিষয়ে দোহৰাৰ কোনো প্ৰয়োজন নাই৷ পিতৃয়েই আমাৰ জীৱনৰ আদিগুৰু৷ শিৱসাগৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত অধ্যাপক শৰৎ মহন্তৰ চমু পৰিচয় দাঙি ধৰে প্ৰেছ ক্লাবৰ উপ-সভাপতি ড॰ উৎপল দত্তই৷ একেটা অনুষ্ঠানতেই অধ্যাপক শৰৎ মহন্তৰ সহধৰ্মিনী মীনা মহন্তক শিৱসাগৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা এটি স্মাৰক, এখনি চেলেং আৰু গামোচাৰে আদৰণি জনোৱা হয়৷ বক্তৃতানুষ্ঠানত অধ্যাপক শৰৎ মহন্তৰ জ্যেষ্ঠ পুত্ৰ, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া, অসম আৰক্ষীৰ ডি আই জি [প্ৰশাসন] তথা অসম টেব্‌ল টেনিছ সন্থাৰ উপ-সভাপতি ড॰ পাৰ্থসাৰথি মহন্তৰ লগতে তেওঁৰ সহধৰ্মিনী, অসম আৰক্ষীৰ ডি আই জি [চি আই ডি], আই পি এছ বিষয়া ইন্দ্ৰাণী বৰুৱাক শিৱসাগৰ প্ৰেছ ক্লাব আৰু স্পিনাৰ্ছ টেব্‌ল টেনিছ ক’চিং ক্লাবে পৃথকে পৃথকে স্মাৰক, চেলেং, গামোচাৰে আদৰণি জনায়৷ ইফালে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী মেধা বৃত্তি বঁটা প্ৰদান কৰা হয়৷ শিৱসাগৰ ৰংপুৰ বালিকা বিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ংকা দত্তই বিদ্যালয়ৰ বৰ্ষটোৰ শ্ৰেষ্ঠ ছাত্ৰী হিচাবে এই মেধা বৃত্তি বঁটা লাভ কৰে৷ অধ্যাপক শৰৎ মহন্তৰ কন্যা তথা অ’ পি জিন্দাল বিশ্ববিদ্যালয়ৰ ডীন ড॰ উপাসনা মহন্তই প্ৰদান কৰা মেধা বৃত্তিত আছে নগদ ধন, গ্ৰন্থৰ টোপোলা, এখন মান-পত্ৰ৷ অনুষ্ঠানটোত বিশিষ্ট নিবন্ধকাৰ ড॰ সব্যসাচী মহন্তৰ নতুন গ্ৰন্থ ‘ভিন্ন প্ৰসংগ’ উন্মোচন কৰে মনোজ কুমাৰ গোস্বামীয়ে৷ সমাজকৰ্মী, ক্ৰীড়া সংগঠক তথা অধ্যাপক শৰৎ মহন্তৰ একালৰ ছাত্ৰ ইমদাদ উল্লাই শৰৎ মহন্তক সুঁৱৰি এটি স্ব-ৰচিত কবিতা পাঠ কৰাৰ লগতে ডিব্ৰু কলেজৰ সহযোগী অধ্যাপিকা মিতালী বৰকটকীয়ে শৰৎ মহন্তৰ স্মৃতি ৰোমন্থন কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানৰ মুখ্য বক্তা মনোজ কুমাৰ গোস্বামীয়ে ‘অৱলোকন’ শীৰ্ষক বিষয়ৰ সন্দৰ্ভত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ লগতে উপস্থিত ৰাইজৰ সৈতে কৰা মত বিনিময়ে অনুষ্ঠানটোক আকৰ্ষণীয় কৰি তোলে৷ প্ৰেছ ক্লাবৰ সদস্য মোস্তাফিজ আহমেদে শলাগৰ শৰাই আগবঢ়োৱা আজিৰ বক্তৃতানুষ্ঠানত উপস্থিত থাকে শিৱসাগৰৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, লিগিৰীপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক মুছলেহউদ্দিন আহমেদ, জিলা উন্নয়ন আয়ুক্ত বিতোপন নেওগকে ধৰি বহু বিশিষ্ট ব্যক্তি৷ ইফালে অসম চৰকাৰৰ কৰ বিষয়া মৌচুমী গোস্বামীক শিৱসাগৰ মহাবিদ্যালয় আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷