Logo
image

‘শিক্ষাসেতু’ত শীঘ্ৰে শিক্ষকৰ ছুটীৰ ব্যৱস্থা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ অক্টোবৰঃ ‘শিক্ষক-শিক্ষয়িত্ৰীসকলে শীঘ্ৰে শিক্ষাসেতু এপতে ছুটীৰ বাবে আৱেদন কৰিব পাৰিব৷ পৰ্টেলত আৱেদন কৰি দুটামান ডাটা ফিলআপ কৰি দিলেই শিক্ষকে ছুটী লাভ কৰিব৷ শিক্ষাসেতু এপত আৱেদন কৰাৰ পাছত কতৃৰ্ত্বশীল পক্ষই শিক্ষকজনক ছুটি মঞ্জুৰ কৰিবলৈ বাধ্য৷’ – এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ শুকুৰবাৰে চাইকেল বিতৰণ কাৰ্যসূচীত ভাগ লৈ সাংবাদিকৰ আগত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে– ‘কোনো কাৰণতে শিক্ষাসেতু এপ বাতিল নহয়৷ বৰঞ্চ ইয়াক অধিক শক্তিশালীহে কৰা হ’ব৷ শিক্ষাসেতু এপত অভিভাৱসকলেও ক্লাছত নিজৰ সন্তানে কি কৰিছে ইয়াক চোৱাৰ ব্যৱস্থা কৰা হ’ব৷ অভিভাৱকে ঘৰৰ পৰাই বিদ্যালয়ত সন্তানে কি কৰিছে চাব পাৰিব৷’ ইফালে টেট সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰি শিক্ষামন্ত্ৰী পেগুৱে কয় যে– দুবছৰৰ বাবে অসমত টেট অনুষ্ঠিত নহয় যদিও বড়ো আৰু মাৰ ভাষাৰ বাবে বিশেষ টেট অনুষ্ঠিত হ’ব৷ চি টেটত বড়ো আৰু মাৰ ভাষা নাই বাবে ৰাজ্য চৰকাৰে এই টেট অনুষ্ঠিত কৰিব৷ প্ৰতিবছৰে দুবাৰকৈ কেন্দ্ৰীয় চৰকাৰে ‘চি টেট’  অনুষ্ঠিত কৰে৷ গতিকে আন ক্ষেত্ৰত ‘চি টেট’ উত্তীৰ্ণ সকলেই  শিক্ষকৰ চাকৰিৰ বাবে আৱেদন কৰিব পাৰিব৷