Logo
image

৩৯ বছৰত অগপ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গোলাঘাট, ১৪ অক্টোবৰঃ ৮৫৫শ্বহীদৰ ৰক্তৰঞ্জিত ইতিহাস আৰু ত্যাগ বিজড়িত ছবছৰীয়া অসম আন্দোলনৰ অসম চুক্তিৰে হোৱা পৰিসমাপ্তিৰ পাছত ১৯৮৫চনৰ ১৪অক্টোবৰত অসমৰ ৰাইজৰ হিয়াৰ আমঠু হৈ  ‘সপ্ত শ্বহীদ’ৰ ভূমি গোলাঘাটত জন্ম পাইছিল আঞ্চলিক ৰাজনৈতিক দল ‘অসম গণ পৰিষদ’ৰ৷ সেয়া আছিল একুৰি ওঠৰ বছৰৰ আগৰ অসমৰ সামাজিক-ৰাজনৈতিক ইতিহাসৰ এক অবিস্মৰণীয় ক্ষণ৷ তেতিয়াৰে পৰা লুইতৰ বুকুৱেদি বহু পানী বাগৰি গ’ল৷ অসম আন্দোলনৰ নেতৃত্বৰে গঠিত অসম গণ পৰিষদ দলে ইয়াৰ মাজতে দুবাৰকৈ ক্ৰমে ১৯৮৫আৰু ১৯৯৬চনৰ বিধানসভা নিৰ্বাচনত বিজয়ী হৈ অসমত শাসনৰ বাঘজৰী হাতত ল’বলৈ সক্ষম হৈছিল৷ কিন্তু অসমৰ ৰাইজৰ আশা-আকাংক্ষা পূৰণত ব্যৰ্থতা আৰু ত্ৰুটি-বিচ্য়ুতিৰ অভিযোগত দলৰ নেতৃত্ব ৰাইজৰ দ্বাৰাই কঠোৰ সমালোচিত হোৱাৰ মাজেৰে আগবাঢ়ি যোৱা আঞ্চলিক দল অগপই ২০১৬ চনৰ পৰা বৰ্তমান শাসনাধিষ্ঠিত মিত্ৰজোঁট চৰকাৰৰ অন্যতম অংশীদাৰৰূপে গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হৈ আহিছে৷ অসমৰ সেই আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ ৩৯সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ১৪অক্টোবৰত গোলাঘাটত অনুষ্ঠিত হ’ব৷ প্ৰতিষ্ঠা দিৱসৰ বাবে গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত দিনে-নিশাই চলিছে ব্যাপক প্ৰস্তুতি৷ প্ৰায় ত্ৰিশ হাজাৰ লোকৰ সমাৱেশৰ লক্ষ্যৰ নিৰ্মাণ কৰি উলিওৱা হৈছে বিশাল মণ্ডপৰ লগতে শ্বহীদ বেদী আদিৰ নিৰ্মাণ৷ অগপ গোলাঘাট জিলা সমিতিৰ সভাপতি ড॰ নৃপেন বৰুৱা আৰু সাধাৰণ সম্পাদক আচিকুৰ ৰহমানে কয় ১৯৮৫চনত গোলাঘাটত জন্মলাভ কৰা আঞ্চলিক ৰাজনৈতিক দল অগপই বিভিন্ন ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি আহি ১৪ অক্টোবৰত গৌৰৱময় ৩৯বছৰত ভৰি থ’ব৷ ২০০১ চনৰ পাছত সুদীৰ্ঘ ২১বছৰৰ অন্তত দ্বিতীয়বাৰৰ বাবে দলটোৰ প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলা সমিতিৰ আতিথ্যত গোলাঘাটত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷  অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০হাজাৰোধিক দলীয় কৰ্মী আৰু শুভাকাংক্ষীয়ে যোগদান কৰিব৷ গোলাঘাটৰ সমম্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’বলগা প্ৰতিষ্ঠা দিৱসত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, দলৰ প্ৰাক্তন সভাপতি থানেশ্বৰ বড়ো, বৃন্দাবন গোস্বামী, অসম গণ পৰিষদৰ প্ৰতিষ্ঠাকালৰ অন্যতম পৰামৰ্শদাতা দ্বীজেন ফুকন, শ্বহীদ পৰিয়ালৰ সদস্যসকলক সম্বৰ্ধনা জনোৱা হ’ব৷ এই কাৰ্যসূচীৰ উপৰি পুৱা  অসম গণ পৰিষদৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সতীৰ্থ সোঁৱৰণ, মুকলি সভা অনুষ্ঠিত হ’ব৷ এই কাৰ্যসূচীসমূহত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে ধৰি বহু বিষয়ববীয়াই অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে৷ ইতিমধ্যেই দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই গোলাঘাটত শিবিৰ কৰি লৈ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতিৰ বুজ লৈছে৷ প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচী সফল কৰি তুলিবলৈ গোলাঘাটবাসীৰ প্ৰতি উদ্যোক্তা গোলাঘাট জিলা অগপৰ তৰফৰ পৰা আহ্বান জনাইছে৷