Logo
image

উক্তি-বক্ৰোক্তি

এয়া কেৱল আৰম্ভণিহে৷ আমি সকলোৱেই বুজিব পাৰিছোঁ যে আমি নিজৰ ঘৰৰ বাবে যুদ্ধ কৰিছোঁ৷ আমি সিংহৰ দৰে যুদ্ধ কৰিছোঁ৷ যি আমাক আক্ৰমণ কৰিছিল, সেই হামাছক আমি গুড়ি কৰি দিম৷ হামাছ শেষ নোহোৱালৈকে গাজাৰ এঘৰো মানুহৰ পানী নলেদি নোলাব৷ 
– ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু

গুৱাহাটীত বানপানী থাকিবই৷ ওপৰৰ পৰা পানী আহিব, পানী কেনেকৈ নোহোৱা হ’ব? ভগৱানৰ লগত কোনেকৈ যুঁজিব? মই গুৱাহাটী উন্নয়ন মন্ত্ৰী থাকোঁতেই সাতদিন পানী আছিল৷ এতিয়া চাৰি ঘণ্টাহে পানী থাকে৷ একেবাৰে পানী নোহোৱা কৰিবলৈ বিশ্বকৰ্মাক লাগিব৷ 
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নাগাপট্টিনাম আৰু কাংকেছেণ্টুৰায়ৰ মাজত ফেৰীৰ সেৱা আৰম্ভ কৰাটোৱেই আমাৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব৷ ভাৰত আৰু শ্ৰীলংকাৰ সংস্কৃতি, বাণিজ্য আৰু সভ্যতাৰ মাজত গভীৰ ইতিহাস আছে৷ এই ফেৰী সেৱাই সেই সকলো  ঐতিহাসিক সম্পৰ্কক পুনৰ উজ্জীৱিত কৰি তুলিছে৷ 
– ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অসমৰ উন্নয়নৰ গতি কেনেকৈ আগবাঢ়িছে সেইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইহে জানিব৷ বাগানীয়া, মিছিঙক অৰুণোদয় নিদিয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় হৃদয় জিকি আছোঁ৷ পিছে এই ঘৰ মানুহৰ হূদয় কিয় নিজিকে? কংগ্ৰেছ ক্ষমতালৈ আহিলে ন-লখিমী আঁচনি সকলোকে দিব৷ কোনো ভেদাভেদ নাথাকিব৷ 
– প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

নীতা আম্বানি আৰু তেওঁৰ দলে চমৎকাৰ কাম কৰিছে৷ আমি আই অ’ চিৰ অধিৱেশনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে অপেক্ষা কৰিছোঁ৷ ইয়াতে প্ৰমাণ হৈছে, ভাৰতত অলিম্পিকৰ চেতনা বাঢ়িছে৷ মই নীতা আম্বানিৰ সৈতে ৰিলায়েন্স ফাউণ্ডেশ্বনলৈ যাওঁতেই সেই মনোভাৱ অনুভৱ কৰিছোঁ৷ তেওঁলোকে দৰিদ্ৰ পৰিয়ালৰ সম্ভাৱনা থকা সন্তানসকলক খেলা-ধুলাৰ সুবিধা দিছে৷ সেয়া প্ৰশংসনীয় বিষয়৷ 
– আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সভাপতি থমাছ বাক

যেতিয়াই অসমৰ খিলঞ্জীয়া মানুহ সংকটৰ সন্মুখীন হয় তেতিয়াই চৰকাৰ বা ৰাজনৈতিক নেতাই সময়োচিত পদক্ষেপ নলয়৷ সেই কাৰণেই ছাত্ৰ সন্থাই আন্দোলন কৰিবলগীয়া হয়৷
–আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ভাৰতৰ বিৰুদ্ধে বিশ্বকাপৰ মেচখনত বেটিঙৰ সময়ত পাকিস্তানে যিদৰে সুযোগ নষ্ট কৰিলে সেয়া অতি হতাশাব্যঞ্জক৷ পাকিস্তানৰ বেটাৰে সীমাহীন সুযোগৰ অপচয় কৰিলে৷ মেচৰ আধালৈকে দলটোৰ যি সুন্দৰ স্থিতি আছিল, সেয়া বাকী সময়খিনিত সমুলঞ্চে শেষ কৰি পেলালে৷ 
– প্ৰাক্তন পাক পেচ বলাৰ ছোৱেইব আখতাৰ