Logo
image

ইজৰাইলৰ পৰা উভতিল অসমৰ ৫ শিক্ষাৰ্থী, বৰ্ণালে দুঃস্বপ্নৰ কথা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ অক্টোবৰঃ যুদ্ধবিধবস্ত ইজৰাইলৰ পৰা নিৰাপদে ভাৰতলৈ ঘূৰাই অনা হ’ল ৫ অসমীয়া শিক্ষাৰ্থীক৷ পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপৰ পৰা হামাছে ইজৰাইলৰ ওপৰত ধাৰাসাৰ ৰকেট আক্ৰমণ কৰাৰ পাছতেই যুদ্ধবিধবস্ত ৰাষ্ট্ৰখনত আৱদ্ধ হৈ পৰিছে শ শ ভাৰতীয় নাগৰিকৰ লগতে অসমৰো বহু নাগৰিক৷ ইজৰাইলত যুদ্ধৰ দাৱানলৰ মাজত কৰ্মসূত্ৰে বা অধ্যয়নৰ সূত্ৰে আৱদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে ‘অপাৰেচন অজয়’ শীৰ্ষক উদ্ধাৰ অভিযান৷ বৃহস্পতিবাৰে ২১ৰজন ভাৰতীয় নাগৰিকক লৈ ‘অপাৰেচন অজয়’ৰ প্ৰথমখন চাৰ্টাৰ বিমান বেন গুৰিয়ন বিমানবন্দৰৰ পৰা দিল্লীত উপস্থিত হোৱাৰ পাছত শুকুৰবাৰে শিশু-মহিলাসহ ২৩৫জন ভাৰতীয় নাগৰিকক লৈ দ্বিতীয়খন বিমান দেশৰ মাটিত আহি উপস্থিত হয়৷ ‘অপাৰেচন অজয়’ৰ দ্বিতীয় বিমানখনত আন ভাৰতীয় নাগৰিকৰ লগতে যুদ্ধ বিধবস্ত ইজৰাইলৰ পৰা দিল্লীত আহি উপস্থিত হয় অসমৰ পাঁচ শিক্ষাৰ্থী ক্ৰমে সুৰজিৎ কলিতা, বিবেক চেত্ৰী, প্ৰতীম শৰ্মা, নাজিহা তাৰান্নাম আৰু দেৱজিৎ৷ গৃহভূমিত উপস্থিত হোৱা ইয়াৰে তিনি অসমীয়া শিক্ষাৰ্থী ইজৰাইলৰ জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে৷ বজালীৰ পাঠশালাৰ সুৰজিৎ কলিতাই হিব্ৰু বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰ পঢ়ি থকাৰ বিপৰীতে চিৰাঙৰ ৰুণিখাটাৰ বিবেক চেত্ৰী আৰু নলবাৰীৰ পকোৱাৰ প্ৰতীম শৰ্মাই পিএইচডি কৰি আছে৷ অৱশ্যে যুদ্ধবিধবস্ত ৰাষ্ট্ৰখনত তেজপুৰৰ এগৰাকী নাৰ্ছকে ধৰি আন কেইবাজনো অসমীয়া বৰ্তমানেও আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে৷ দেশৰ মাটিত ভৰি থোৱা শিক্ষাৰ্থীকেইজনে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি জীৱন-মৃত্যুৰ যুঁজৰ বৰ্ণনা কৰে৷ উল্লেখ্য, ৭ অক্টোবৰত গাজাৰ পৰা হামাছ সন্ত্ৰাসবাদীয়ে ইজৰাইলী চহৰসমূহত কৰা ভয়ানক আক্ৰমণৰ পাছত স্বদেশলৈ উভতি আহিব বিচৰা লোকসকলক ঘূৰাই অনাৰ সুবিধাৰ বাবে ভাৰতে বৃহস্পতিবাৰে ‘অপাৰেচন অজয়’ আৰম্ভ কৰে৷ আনহাতে, ইজৰাইলৰ ভাৰতীয় দূতাবাসে শনিবাৰে টুইটাৰযোগে কয়– ‘২৩৫জন ভাৰতীয় নাগৰিকক কঢ়িয়াই অনা অপাৰেচন অজয়ৰ দ্বিতীয়খন বিমান তেল আভিভৰ পৰা দিল্লীলৈ ৰাওনা হৈছে৷ দ্বিতীয় দলটোৱে স্থানীয় সময় অনুসৰি নিশা ১১.০২ বজাত উৰা মাৰে৷ ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাটো দেওবাৰেও অব্যাহত থাকিব৷’ বাৰ-ইলান বিশ্ববিদ্যালয়, ছেফেডৰ এগৰাকী গৱেষক ছাত্ৰ সূৰ্যকান্ত তিৱাৰীয়ে ভাৰত চৰকাৰক ‘অপাৰেচন অজয়’ৰ বাবে ধন্যবাদ জনাই সংবাদ মাধ্যমৰ আগত দুঃস্বপ্নৰ কথা বিৱৰি কয়– ‘ইজৰাইলৰ যুদ্ধ পৰিস্থিতিৰ পৰা আমাক আঁতৰাই অনাৰ বাবে মই সঁচাকৈয়ে ভাৰত চৰকাৰক ধন্যবাদ জনাব বিচাৰোঁ৷ আমাৰ চৰকাৰে আমাক ‘অপাৰেচন অজয়’ৰ অধীনত এনে পৰিস্থিতিৰ পৰা আঁতৰাই আনিছে৷’ উল্লেখ্য, ইজৰাইলৰ পৰা ভাৰতীয় নাগৰিকসকলক ঘূৰাই অনাৰ সুবিধাৰ বাবে প্ৰথমখন চাৰ্টাৰ বিমান বৃহস্পতিবাৰে সন্ধিয়া বেন গুৰিয়ন বিমানবন্দৰৰ পৰা ২১ৰজন প্ৰাপ্তবয়স্ক আৰু যুদ্ধবিধবস্ত অঞ্চলত বাস কৰা এটা কেঁচুৱাক লৈ ৰাওনা হৈছিল আৰু শুকুৰবাৰে পুৱা দেশৰ ৰাজধানীত উপস্থিত হৈছিল৷ আনহাতে, শনিবাৰে সন্ধিয়া আন ১৯৭জন যাত্ৰীক লৈ আন এখন বিমান ইজৰাইলৰ পৰা ভাৰতলৈ উৰা মাৰিছে৷