Logo
image

তোমাৰ কথা যেতিয়া ভাবোঁ...

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৬ অক্টোবৰঃ যশস্বী শিল্পী জয়ন্ত হাজৰিকাৰ দেওবাৰে ৪৬সংখ্যক সোঁৱৰণী দিৱস ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হয়৷ অসমীয়া সংগীত জগতত এক অনন্য অৱদান আগবঢ়োৱা যশস্বী শিল্পী জয়ন্ত হাজৰিকাৰ সোঁৱৰণী দিৱসত ৰাজ্যবাসীয়ে গীতে মাতে সোঁৱৰে৷  যশস্বী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ঠায়ে ঠায়ে অনুষ্ঠিত হয়   জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা, স্মৃতিচাৰণ সভা আদি৷ এইবাৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত মৰিগাঁও জিলা প্ৰশাসনৰ সৌজন্যত আৰু সুৰ বাহিনীৰ সহযোগত যশস্বী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাদেৱৰ ৪৬ সংখ্যক সোঁৱৰণী দিৱসৰ লগত সংগতি ৰাখি ‘তোমাৰ কথা যেতিয়া ভাবো দুচকু পানীৰে ভৰে......শীৰ্ষক এটি সংগীত মধুৰ সন্ধিয়া দেওবাৰে অনুষ্ঠিত হয়৷ মৰিগাঁৱৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬-০০ বজাৰ এই অনুষ্ঠান অনুষ্ঠিত হয়৷  অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী মণিষা হাজৰিকা, ময়ুখ হাজৰিকা, জে পি দাস, দিলীপ দাস, ৰূপম ভূঞাৰ লগতে কেইবাগৰাকীও ন-পুৰণি শিল্পীয়ে অংশগ্ৰহণ কৰে৷ শিল্পীজনাক সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো স্মৰণ কৰা হয়৷ দেওবাৰে পুৱা ৯ বজাত গুৱাহাটীৰ চানমাৰিৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত বেদ পাঠৰ আয়োজন কৰা হয়৷ এই অনুষ্ঠানত শিল্পী গৰাকীৰ পৰিয়ালৰ লোকৰ লগতে বহু সংখ্যক গুণমুগ্ধই অংশগ্ৰহণ কৰি তেওঁক প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ তোমাৰ কথা যেতিয়া ভাবোঁ, আগলি বতাহে কপালে কলৰে পাত, সাৰ পাম মই পুৱতি নিশাত নিয়ৰ যেতিয়া সৰে, মায়াময় ৰূপালী জোনাক, কেতিয়াবা বেজাৰতে,  এই লোহিত কাবেৰী সিন্ধু গংগা আদি কেইবাটাও কালজয়ী গীতত তেওঁৰ কণ্ঠ আজিও সজীৱ৷ তেওঁৰ অবৰ্তমানতো চৌদিশে গুঞ্জৰিত হৈ থাকে তেওঁৰ অমৰ সৃষ্টিৰাজি৷ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি তেওঁৰ জনপ্ৰিয় গীত সমূহৰ জনপ্ৰিয়তা বৃদ্ধি পাই আহিছে৷ ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত যশস্বী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ জয়ন্ত হাজৰিকাৰ জন্ম গ্ৰহণ কৰে৷ মাত্ৰ ৩৪ বছৰীয়া নিজৰ জীৱনকালত তেওঁ বহুতো গীতৰ সৃষ্টি কৰি গৈছে যিবোৰ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি জনপ্ৰিয় হৈ আছে৷ তেওঁ অসমত প্ৰথমে যুৱ-চামৰ বাবে নিৰ্দিষ্ট গীতৰ সৃষ্টি কৰিছিল৷ ১৯৬০-ৰ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ আছিল৷ দেওবাৰে ৪৬ সংখ্যক সোঁৱৰণী দিৱসত শিল্পীগৰাকীক চৰকাৰী পক্ষৰ লগতে গুণমুগ্ধ সকলে স্মৰণ কৰি তেওঁৰ ‘চিৰ সেউজ’ গীতসমূহ নৱপ্ৰজন্মৰ মাজত চিৰদিন জনপ্ৰিয় হৈ থাকিব বুলি আশা প্ৰকাশ কৰে৷