Logo
image

ৰাস্তাত উৎকোচ লৈ থাকোঁতেই ধৰা পৰিল ডবকাৰ বিডিঅ’ শেৱালি

‘আমাৰ অসম’ৰ মোৰাঝাৰৰ প্ৰতিবেদক আৰু নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ অক্টোবৰঃ ঘোচ লৈ আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ বিডিঅ’ শেৱালি চক্ৰৱৰ্তী শৰ্মা৷ ব্লকৰ উন্নয়নমূলক কামৰ ধন মোকলাই দিয়াৰ বিনিময়ত এজনৰ পৰা ১০ হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়ত অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে লোটে ধৰা পৰে খণ্ড উন্নয়ন বিষয়াগৰাকী৷ প্ৰাপ্ত বাতৰি অনুসৰি আজি বিয়লিৰ ভাগত বিষয়াগৰাকীয়ে নগাঁও জিলাৰ কঠীয়াতলিৰ ৰাষ্ট্ৰীয় ঘাইপথত নিজৰ গাড়ীত বহি উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই৷ বিষয়াগৰাকীক কঠীয়াতলিৰ জ্যোতিলগা ধাবাত দীৰ্ঘ প্ৰায় দুঘণ্টা জেৰাৰ অন্তত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয় বিডিঅ’ চক্ৰৱৰ্তীক৷ দুৰ্নীতি নিবাৰক শাখাৰ একে সময়তে তেওঁৰ নগাঁওস্থিত বিশাল অট্টালিকাত  তালাচী চলোৱা বুলি খবৰ পোৱা গৈছে৷ ঘৰৰ পৰা কি কি তথ্য উদঘাটন হল, সেয়া অদ্যাপি পোহৰলৈ অহা নাই৷ বিষয়া গৰাকী বিন্নাকান্দি উন্নয়ন খণ্ডত যোগদান কৰাৰ পিছৰে পৰা কেবাটাও দুৰ্নীতিৰ অভিযোগত নাম সাঙোৰ খাই পৰিছে৷ কিছুদিন পূৰ্বে এগৰাকী ভেণ্ডৰৰ পৰা নিজৰ স্বামীৰ বেংক একাউণ্ট যোগে কমিছনৰ ধন লোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ এই বিষয়ে বিন্নাকান্দিৰ এগৰাকী পঞ্চায়ত প্ৰতিনিধি আৰু এগৰাকী ভেণ্ডৰে সংবাদমেলযোগে বহু তথ্য পোহৰলৈ আনিছিল৷ উত্থাপিত অভিযোগ অনুসৰি বিডিঅ’ শেৱালি চক্ৰৱৰ্তীয়ে বিন্নাকান্দিৰ এগৰাকী ভেণ্ডৰৰ পৰা স্বামী ব্ৰজজ্যোতি শৰ্মাৰ বেংক একাউণ্টযোগে ২৪ ফেব্ৰুৱাৰী ২০২২ত চাৰি লাখ টকা লৈছিল৷ এয়াই শেষ নহয়, কমিছনৰ মুকলি বজাৰ পতা দুৰ্নীতিগ্ৰস্ত বিডিঅ’ গৰাকীয়ে চৰকাৰী আঁচনিৰ মঞ্জুৰি, বিল আদায় দিয়াৰ নামত ১৭ৰ পৰা ২৫ শতাংশ পৰ্যন্ত কমিছন লোৱাৰ অভিযোগ আছে৷ ২০২১-২২ বিত্তীয় বৰ্ষত বিন্নাকান্দি উন্নয়ন খণ্ডত এনৰেগাৰ সামগ্ৰী যোগানৰ নামত ৪ কোটি ২ লাখ ১৮ হাজাৰ টকা মোকলাই দিয়া হৈছিল৷ তাৰে গাঁও পঞ্চায়ত শিতানত ১ কোটি ৯১ লাখ ৫৮ হাজাৰ টকা আৰু ব্লক পঞ্চায়ত পৰ্যায়ত ২ কোটি ১০ লাখ ৬ হাজাৰ টকা মোকলাই দিয়া হৈছিল৷ নিৰ্দিষ্ট পাঁচটামান ভেণ্ডৰে এই বৃহৎ পৰিমাণৰ পুঁজিৰ সামগ্ৰী যোগান ধৰিছিল বিন্নাকান্দিৰ বিভিন্ন পঞ্চায়তত৷ প্ৰতিটো পঞ্চায়তত কমিছনৰ মুকলি বজাৰ বহাইছিল খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে৷ সেই অভিযোগ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিভাগটোৰ শীৰ্ষ বিষয়াক দিয়া হৈছিল৷ হোজাই জিলাৰ আয়ুক্ত লাচিত দাসকো অৱগত কৰা হৈছিল৷ আজি বিষয়া গৰাকী হাতে লোটে ধৰা পৰাত বিন্নাকান্দি উন্নয়ন খণ্ডৰ ভিতৰচ’ৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে৷ উল্লেখ্য বি ডি অ’ শেৱালি চক্ৰৱৰ্তীৰ লগতে এগৰাকী অভিযন্তাকো সোধা-পোছা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷ অৱশ্যে কেৱল বিডিঅ’ শেৱালি চক্ৰৱৰ্তীৰ গ্ৰেপ্তাৰৰ কথাহে এই বাতৰি যুগুতোৱা পৰলৈকে দুৰ্নীতি নিবাৰক শাখাই টুইটাৰযোগে প্ৰকাশ কৰিছে৷ ধৃত বিডিঅ’ শেৱালি চক্ৰৱৰ্তীৰ নগাঁৱৰ আমোলাপট্টিত থকা বাসগৃহতো অভিযান চলাইছে আৰক্ষীয়ে৷