Logo
image

গুৱাহাটীত মেট্ৰ’ নহয়, হ’ব অধিক উৰণ সেতু

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ অক্টোবৰঃ কাতি বিহুৰ দিনাই মহানগৰবাসীৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিব নৱনিৰ্মিত জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতু৷ যান-জঁট সমস্যাৰে জৰ্জৰিত মহানগৰবাসীক নৱনিৰ্মিত উৰণ সেতুখনে আগন্তুক ২০ বছৰলৈ সকাহ দিব বুলিও আশা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে৷ গুৱাহাটী মহানগৰীত অনাগত দিনত আৰু অধিক উৰণ সেতু নিৰ্মাণ হ’ব যদিও গুৱাহাটীত নহয় মেট্ৰ’ ৰে’ল প্ৰকল্প৷ মহানগৰবাসীয়ে মেট্ৰ’ ৰে’লৰ সপোন দেখিলেও গুৱাহাটীত মেট্ৰ’ ৰে’ল সম্ভৱ নহয় বুলি  স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ গুৱাহাটীৰ ভিতৰত কম দূৰত্বত মেট্ৰ’ চলাচল আৰু মেট্ৰ’ ৰে’লৰ ষ্টেচন নিৰ্মাণতো জটিলতা থকা বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে৷ অৱশ্যে গুৱাহাটী সংযোগী ৰিং ৰোড নিৰ্মাণ সম্পূৰ্ণ হ’লেই ৰিং ৰোডৰ ওপৰত মেট্ৰ’ৰ পৰিকল্পনা থকাৰ কথাও ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে৷ শনিবাৰে মাজনিশা জু-ৰোডৰ নৱনিৰ্মিত শ্ৰদ্ধাঞ্জলি উৰণ সেতুৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মেট্ৰ’ ৰে’লৰ প্ৰসংগত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়– চানমাৰিৰ পৰা গুৱাহাটী ক্লাবলৈ দূৰত্ব হৈছে আঢ়ৈ কিলোমিটাৰ৷ আঢ়ৈ কিলোমিটাৰ দূৰত্বত মেট্ৰ’ সম্ভৱেই নহয়৷ মেট্ৰ’ হ’লেও যাত্ৰীয়ে গুৱাহাটী ক্লাবত নামি চানমাৰিলৈ খোজকাঢ়ি আহিব লাগিব৷ গুৱাহাটী ক্লাব আৰু চানমাৰিৰ মাজত ষ্টেচন হ’ব নোৱাৰে৷ মেট্ৰ’ৰ এটা ষ্টেচনৰ ব্যৱধান তিনি কিলোমিটাৰ থাকে৷ তিনি কিলোমিটাৰত আমাৰ গুৱাহাটীখন শেষেই হৈ যায়৷ যদি আপুনি মেট্ৰ’ ৰে’লৰ চলাচল হয়, তেনেহ’লে উলুবাৰীত এটা ষ্টেচন উলুবাৰীত হ’ব, এটা ষ্টেচন ভঙাগড়ত হ’ব আৰু এটা ষ্টেচন গণেশগুৰিত হ’ব৷ তেনে দীৰ্ঘ দূৰত্বৰ ষ্টেচন আমাৰ মানুহক নালাগে৷ সেয়েহে মেট্ৰ’ আমাৰ মূল গুৱাহাটীত সম্ভৱ নহয়৷ যেতিয়া গুৱাহাচীত ৰিং ৰোড হ’ব তেতিয়া ৰিং ৰোডৰ চাৰিওফালে মেট্ৰ’ হ’ব৷ ৰিং ৰোডৰ পৰা ভিতৰলৈ সোমাই অহাৰ বাবেও মেট্ৰ’ হ’ব৷ সেয়ে মেট্ৰ’ আমাৰ ভৱিষ্যদৰ্শন৷ কিন্তু যাক আমি আচলতে গুৱাহাটী বুলি কওঁ– গুৱাহাটী ক্লাব, চানমাৰি, জি এছ ৰোড সেইখিনিত মেট্ৰ’ৰ কোনো সুবিধাই নাই৷ মেট্ৰ’ ৰে’লৰ এটা ষ্টেচন নিৰ্মাণৰ বাবে ভয়ংকৰ ভূমি অধিগ্ৰহণ কৰিব লাগিব৷ তেতিয়া ইয়াত মানুহৰ ঘৰেই নাথাকিব৷ খানাপাৰাৰ পৰা এয়াৰপ’ৰ্টলৈ ৰোপ-ৱে’ নিৰ্মাণৰ বিচাৰ-বিবেচনা চলি আছে৷ বৰ্তমান আমাৰ ৰিং ৰোড নিৰ্মাণ কৰাটোৱে প্ৰাথমিক লক্ষ্য আছে৷ নাৰেংগী, কুৰুৱা হৈ ৰাষ্ট্ৰীয় ঘাইপথ আকৌ আমিনগাঁও, এইমছ এইধৰণৰ ৰিং ৰোড নিৰ্মাণ কৰাটো বৰ্তমান আমাৰ টাৰ্গেট৷ ৰিং ৰোডৰ ওপৰতেই মেট্ৰ’ হ’ব৷ মেট্ৰ’ গুৱাহাটীৰ ভিতৰত অসম্ভৱ৷ কেতিয়াবা যদি সৰু মেট্ৰ’ আহে সেইটো বেলেগ কথা৷’