Logo
image

শিক্ষকক হিতাধিকাৰী হিচাপে ঘোষণা কৰি দিলে মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু বৰভাগৰ প্ৰতিবেদক, ১৬ অক্টোবৰঃ ‘ছাত্ৰক পঢ়ুৱাৰ কাৰণে যদি শিক্ষক এজনক আমি স্কুটী এখন দিব পাৰো তেন্তে তাত বেয়া পোৱাৰ কাৰণ কি? যিসকলে বেয়া পাইছে তেওঁলোক নিজেও শিক্ষক হৈ লওক৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দুৰণিত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীক ৰাজ্য চৰকাৰে স্কুটী দিব বুলি কৰা ঘোষণাৰ পাছতেই সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত মন্তব্য কৰি নলবাৰীৰ বৰভাগত আজি মুখ্যমন্ত্ৰীয়ে কয়– ‘কিহৰ  বিতৰ্ক৷ আমিটো কাৰোবাৰ পৰা টকা লম বুলি কোৱা নাই৷ শিক্ষকৰ নামত কিছুমান আন ব্যক্তিয়েহে ফেচবুকত আমাৰ বিৰুদ্ধে লিখিছে৷ ফেচবুকত আমাৰ সিদ্ধান্তৰ বিৰোধিতা কৰা সকলক মই শিক্ষক বুলি নাভাবো৷ গৃহ জিলা বুলি অসমত কোনো কনচেপ্ট নাই৷ আমি সকলো অসম, অসমীয়া৷ শিক্ষকসকলে চাকৰি আবেদন কৰোতেই মাটি আৰু কৰ্মভূমি বুলি নিজৰ জিলা বাচনি কৰিছিল৷ শিক্ষকসকল এনেই আমাৰেই হিতাধিকাৰী৷ আমিয়েই নিযুক্তি দিছোঁ৷ আজি অসমত যিমান শিক্ষক হৈ আছে তাৰ আশী শতাংশ শিক্ষকক মোৰ হাতেৰেই নিযুক্তি দিছো৷ যদি হিতাধিকাৰী হ’ব লাগে তেওঁলোক কেতিয়াবাই হিতাধিকাৰী আৰু যদি হ’ব নালাগে তেওঁলোক আগৰ পৰাই নহয়৷ দূৰণিত কৰ্মৰত শিক্ষকক স্কুটী দিম বুলি কৈছো তাত বিতৰ্ক কিয় হয়৷ মই কাৰোবাৰ পৰা টকা ল’ম বুলি কৈছো নেকি? মই দিলে কাৰ আপত্তি থাকিব পাৰে৷ শিক্ষক এজনে ছাত্ৰক পঢ়ুৱাবৰ বাবে স্কুটী এখন দিলো তাত বেয়া পাব লগা কি আছে৷ বেয়াপোৱা কেইজন শিক্ষক হৈ লওক৷’ ইফালে দুৰ্গা পূজাত চান্দা সংগ্ৰহক কেন্দ্ৰ কৰি ঠায়ে ঠায়ে সৃষ্টি হোৱা অপ্ৰীতিকৰ ঘটনা সন্দৰ্ভত দুৰ্গা পূজা সমিতিসমূহক জোৰ-জুলুমকৈ চান্দা সংগ্ৰহ নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ আনহাতে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ লগত সংলগ্ন কৰণক লৈ চলি থকা বিতৰ্কৰো উত্তৰ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে কলেজ এখন বিশ্ববিদ্যালয় হ’লে বিতৰ্ক কৰিলে মোৰ হাতত একো উপায় নাথাকে৷ এইটো এচামৰ মানসিকতা৷ মেডিকেল কলেজখনত মুকলি হোৱাৰ সাত মাহ পিছতো পৰ্য্যাপ্ত সুবিধা নাই বুলি উঠা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে কয় এখন মেডিকেল কলেজ উন্নত হওঁতে পাচ বছৰ লাগে৷ পাঁচ বছৰত সকলো ঠিক হ’ব৷

শিক্ষকৰ সমস্যা স্কুটী নহয়, ঠিকাভিত্তিক শিক্ষকৰ সমস্যাক গুৰুত্ব দিয়কঃ ডি ৱাই এফ আই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ শিক্ষকলৈ স্কুটী দিয়াৰ আঁচনি ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষক সমাজে সন্মুখীন হোৱা সমস্যাসমূহ আঁৰ কৰাৰ লগতে শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ অভাৱৰ বিষয়টো গৌণ কৰিব বিচাৰিছে৷ মুখ্যমন্ত্ৰীৰ এই চমক সৃষ্টিকাৰী আৰু কৌশলী ঘোষণাক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছেন [ডি ৱাই এফ আই] তীব্ৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীক শিক্ষা ব্যৱস্থাৰ মূল সমস্যাসমূহ সমাধানৰ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে৷ এটা বিবৃতিত ডি ৱাই এফ আইৰ সভাপতি ৰুস্তম আলী আৰু সম্পাদক ৰিতু ৰঞ্জন দাসে কয়– ‘ৰাজ্যৰ প্ৰায় ৫০ হাজাৰ ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীয়ে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়া কৰাৰ দাবী জনাই আহিছে৷ ২০ হাজাৰ ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীয়ে চাকৰি প্ৰাদেশিকীকৰণৰ বাবে দিশপুৰ ঘেৰাওৰ দৰে কাৰ্যসূচী লৈছে৷ ৭,৫৯৫জন টিউটৰে পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদাৰ বাবে আন্দোলনত নামিছে৷ একেদৰে ১,৩২৪জন কম্পিউটাৰ শিক্ষকে চাকৰি নিয়মীয়া কৰাৰ বাবে বাৰে বাৰে আন্দোলনত নামি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানত নিজৰ গৃহৰ পৰা আঁতৰত থাকি বহু শিক্ষকে কষ্ট আৰু মানসিক অশান্তিৰে শিক্ষাদান কৰিবলগীয়া হৈছে৷ শিক্ষা বিভাগৰ এই গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ কথা কৌশলেৰে লুকুৱাই ৰাখি চৰকাৰে চমক সৃষ্টিকাৰী স্কুটী উপহাৰ দিয়াৰ কথাহে ঘোষণা কৰিছে৷ এয়া কোনোমতেই গ্ৰহণযোগ্য নহয়৷ আন এক উল্লেখনীয় দিশ হৈছে ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত আন্তঃগাঁথনি, পুথিভঁৰাল, বিজ্ঞানাগাৰ, ডিজিটেল ক্লাছৰূম, টেলিস্কোপ আদিৰ সুবিধা নাই৷ স্কুটী দিয়াৰ সলনি এই প্ৰয়োজনীয় কামসমূহ কৰাৰ খুবেই প্ৰয়োজন আছিল৷ কিন্তু চৰকাৰে এনে গুৰুত্বপূৰ্ণ কামবোৰ উপেক্ষা কৰি অপ্ৰয়োজনীয় শিতানত চৰকাৰী ধনৰ অপব্যয় কৰাত উঠিপৰি লাগিছে৷ প্ৰকৃততে এইখন চৰকাৰৰ শৈক্ষিক দিশৰ প্ৰতি যে কোনো গুৰুত্ব নাই সেয়া এনেবোৰ ঘোষণাই প্ৰমাণ কৰিছে৷  আনুষ্ঠানিকভাৱে চাইকেল বিতৰণৰ কৰিবলৈ পাঠদান বন্ধ কৰি ছাত্ৰ-ছাত্ৰীক উলিয়াই অনাৰ দৰে হঠকাৰী কাৰ্য কৰিছে৷  এতিয়া যেন চৰকাৰৰ উদ্যোগতে চৰকাৰী শিক্ষা ব্যৱস্থা ধবংসৰ আখৰা চলিছে৷’