Logo
image

সাৱধান! এটা অ’ টি পিয়ে উদং কৰিব পাৰে আপোনাৰ বেংক একাউণ্ট

এতিয়া ডিজিটেলৰ যুগ৷ সকলো কামেই এতিয়া অনলাইনৰ মাধ্যেমেৰে হয়৷ খোৱা বস্তু অৰ্ডাৰ দিয়াকে ধৰি সাজ-পোছাক ক্ৰয়-বিক্ৰয় আৰু আনকি বিত্তীয় লেনদেনো প্ৰায়ভাগ লোকেই  এতিয়া অনলাইনৰ মাধ্যমেৰে কৰে৷ পিছে আজিৰ এই ডিজিটেল যুগত অনলাইন প্ৰৱঞ্চনাৰ ঘটনাও সমান্তৰালভাৱে বাঢ়িবলৈ লৈছে৷ এনে প্ৰৱঞ্চনাৰ ঘটনা আটাইতকৈ বেছি  ঘটিবলৈ ধৰিছে অ’ টি পি বাইপাছ স্কেমৰ জৰিয়তে৷ ইয়াৰ ফলত ম’বাইল ফোনটোলৈ অহা অ’ টি পিৰ জৰিয়তে লাখ লাখ মানুহৰ বেংক একাউণ্ট মুহূৰ্তৰ ভিতৰতে উদং হৈ পৰিছে৷ 

অ’ টি পি প্ৰৱঞ্চনাৰ পৰা কেনেদৰে হাত সাৰিবঃ

অন লাইন প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ আপোনালৈ অহা এছ এম এছ বা ই-মেইলৰ ক্ষেত্ৰত সাৱধান হওক৷ কোনো অচিনাকি নম্বৰৰ পৰা অহা লিংক ক্লিক্‌ নকৰিব৷ একেদৰে অচিনাক্ত নম্বৰৰ এটাছমেণ্ট ডাউনলোড কৰাৰ চেষ্টা নকৰিব৷ কোনো অজ্ঞাত লোকে যদি আপোনালৈ এছ এম এছ বা ই-মেইলৰ জৰিয়তে অহা অ’ টি পিৰ বিষয়ে জানিবলৈ বিচাৰে সেয়া ভুলতো নজনাব৷ প্ৰয়োজন হ’লে আপোনাৰ বেংক অথবা  ওচৰৰ থানাৰ সৈতে যোগাযোগ কৰক৷

ফোনটোৰ অপাৰেটিং ছিষ্টেম আৰু বেংকিং এপসমূহ সকলো সময়তে আপডেট ৰাখক৷ ইয়াৰ ফলত নিজৰ ফোনটোত থকা বেংকিং এপসমূহ সুৰক্ষিত হৈ থাকিব৷

বেংকি একাউণ্টৰ ক্ষেত্ৰত টু ষ্টেপ অথেণ্টিকেশ্বন ব্যৱহাৰ কৰক৷ ইয়াৰ ফলত আপোনাৰ বেংকিং এপটো অধিক সুৰক্ষিত হোৱাটো নিশ্চিত হ’ব৷ এনে অথেণ্টিকেশ্বন পাছৱাৰ্ড অথবা অ’ টি পিও হ’ব পাৰে৷ এই বিষয়ে ভুলতো কাকো নজনাব৷

অচিনাকি নম্বৰৰ পৰা অহা ফোনকল ৰিচিভ নকৰিব৷ এইখিনিতে জানি থোৱা উচিত যে আজিকালি প্ৰায়ভাগ অ’ টি পি প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈ আহিছে অচিনাকি নম্বৰৰ জৰিয়তে৷ কোনো নম্বৰৰ পৰা অহা ফোন কলত যদি কোনো ব্যক্তিয়ে আপোনাৰ বেংক একাউণ্টৰ বিষয়ে জানিবলৈ বিচাৰে ভুলতো নজনাব৷ এনে ফোনকল বেছিভাগ বেংকৰ কাষ্টমাৰ কেয়াৰ নম্বৰৰ পৰা কৰা হৈছে বুলি কোৱা হয়৷ এনে কথাত পতিয়ন নাযাব৷ 

ফোনটোত সুৰক্ষিত ৱাই ফাই নেটৱৰ্ক ব্যৱহাৰ কৰিব৷ অপেন বা পাব্লিক ৱাই ফাই নেটৱৰ্কৰ ব্যৱহাৰেৰে অনলাইনযোগে বিত্তীয় লেনদেন কৰাৰ চেষ্টা ভুলতো নকৰিব৷ 

কেতিয়াবা কেতিয়াবা বেংক একাউণ্টৰ কে ৱাই চি আপডেট কৰাৰ নামত বিভিন্ন নম্বৰৰ পৰা ফোন কল আহে৷ এনে ফোন কলক গুৰুত্ব নিদি কে ৱাই চিৰ বাবে নিজৰ বেংকৰ সৈতে যোগাযোগ কৰক৷