Logo
image

মানাহত বনৰীয়া ম'হৰ আতংকঃ নিহত গৃহৰক্ষী জোৱান, আহত ২

আমাৰ অসমৰ বৰপেটাৰোডৰ প্রতিবেদক, ১৬অক্টোবৰঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ম'হৰ আক্ৰমনত এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান নিহত হোৱাৰ লগতে আন দুগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান আৰু বনৰক্ষী জোৱান আহত হয়।মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ অন্তৰ্গত মাখিবাহা শিবিৰত নিয়োজিত পহৰাদাৰী গৃহৰক্ষী বাহিনী আৰু বনৰক্ষীৰ এটা দলে দেওবাৰে বিয়লি প্ৰায় পাঁচ বজাত মাখিবাহা শিবিৰৰ অন্তৰ্গত এলেকাত কৰ্তব্যৰত অৱস্থাত থাকোতে এটা বনৰীয়া ম'হে হঠাতে আক্ৰমণ কৰে ।প্ৰকাণ্ড বনৰীয়া ম'হটোৱে কৰ্তব্যৰত গৃহৰক্ষী বাহিনীৰ জোৱান ৰবিন বসুমতাৰী,হিতেশ মেধি আৰু বনৰক্ষী জোৱান কৃষ্ণ বড়োক আক্ৰমণ কৰে।বনৰীয়া ম'হটোৰ আক্ৰমনত গৃহৰক্ষী বাহিনীৰ জোৱান ৰবিন বসুমতাৰী (৪১) ঘটনাস্থলীতেই নিহত হয়।নিহত জোৱান ৰবিন বসুমতাৰীৰ ঘৰ বাগসা জিলাৰ জ্বলাগাঁৱত। আনহাতে বনৰীয়া ম'হৰ আক্ৰমনত গৃহৰক্ষী বাহিনীৰ জোৱান হিতেশ মেধি আৰু বনৰক্ষী জোৱান কৃষ্ণ বড়ো আঘাতপ্ৰাপ্ত হয়।আঘাতপ্ৰাপ্ত হিতেশ মেধি আৰু কৃষ্ণ বড়োক শালবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।