Logo
image

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত খালী হৈ থাকি শ শ চকী

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড় চহৰৰ মানকটা খেলপথাৰত সোমবাৰে অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত খালী হৈ থাকিল শ শ চকী। অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ২২,১৭২ গৰাকী ঋণগ্ৰস্ত মহিলাক মাইক্ৰফাইনেন্সৰ ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ৩ কোটি টকা ব্যয়ৰে তিনিখনকৈ বিশাল মণ্ডপ সাজি অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ প্ৰায় সংখ্যক দৰ্শকৰ চকী খালী হৈ থাকে। ইয়াৰ বিপৰীতে একেটা মঞ্চত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত আয়োজন কৰা অৰুণোদয় আঁচনি বিতৰণী অনুষ্ঠানত ৰাইজৰ উপস্থিতি আছিল অভূতপূৰ্ব। মন্ত্ৰী বিমল বৰাৰ অনুষ্ঠানত ৰাইজৰ ভিৰত বাট নেদেখা অৱস্থাৰ হৈছিল মানকটা খেলপথাৰত। কিন্তু মুখ্যমন্ত্ৰীৰ উপস্থিতিত আয়োজন কৰা অনুষ্ঠানত খালী হৈ থাকি শ শ চকী। মানকটা খেলপথাৰৰ তৃতীয়খন মণ্ডপত আধা অংশ চকীয়েই খালী হৈ থাকে। ৰাইজৰ উপস্থিতিৰ হ্ৰাস দেখি উদ্যোক্তাসকলেও বিমুখ হৈ পৰা দেখা গ'ল মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত। উল্লেখযোগ্য যে বিশাল মণ্ডপত তিনিটাকৈ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ১৩ অক্টোবৰত মন্ত্ৰী বিমল বৰাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণৰ পিছতে ১৪ অক্টোবৰত অনুষ্ঠিত কৰা হৈছিল ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণী অনুষ্ঠান। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মাইক্ৰফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণ কাৰ্যসূচীৰে অনুষ্ঠানৰ সমাপন কৰা হয় ।