Logo
image

হিতাধিকাৰী আছে, মানুহ নাই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ অক্টোবৰঃ ‘ৰাজ্যত এতিয়া মানুহ নাই, আছে চৌদিশে কেৱল হিতাধিকাৰী৷ কি শিক্ষক, কি ছাত্ৰ, কি চৰকাৰী চাকৰিয়াল, কি ৰোৱনী-দাৱনী, বৃদ্ধ-বিধৱা, ডেকা-ডেকেৰী, কৃষক-বণুৱা-নিবনুৱা’– সকলোৱেই চৰকাৰী ব্যাখ্যা মতে হিতাধিকাৰী৷ অসমৰ মুঠ ভোটাৰৰ সংখ্যা ৩ কোটি ৪২ লাখ৷ ইয়াৰে ২৭ লাখ ভোটাৰ মহিলাই অৰুণোদয় আঁচনিৰ অধীনত চৰকাৰৰ পৰা মাহে ১,২৫০ টকাকৈ মাহিলী পেঞ্চন লাভ কৰিছে৷ অৰুণোদয়-২.০১ অধীনত অলপতে আৰু ৭ লাখ হিতাধিকাৰী বৃদ্ধি কৰা হ’ল৷ আত্মসহায়ক গোটৰ প্ৰায় ৩৯ লাখ ভোটাৰ মহিলাই চৰকাৰৰ পৰা লাভ কৰিছে সাহায্য, অসম মাইক্ৰ’ফাইনেন্স উদ্‌গণি আৰু সকাহ আঁচনিৰ অধীনত ১০ লাখৰো অধিক মহিলাই লাভ কৰিছে ঋণ ৰেহাই৷ ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন আঁচনিৰ অধীনত ৪০ লাখৰো অধিকে লাভ কৰিছে পেঞ্চন৷ ২৭ লাখে লাভ কৰিছে আয়ুস্মান কাৰ্ড, ৪০ লাখে লাভ কৰিছে বিনামূলীয়া ৰেচন, নৱম শ্ৰেণীত অধ্যয়নৰত প্ৰায় ৪ লাখ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে চাইকেল, হায়াৰ ছেকেণ্ডাৰীত ৭৫ শতাংশ বা ততোধিক নম্বৰ পোৱা ৩৫,৮০০ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে স্কুটী, ৰাজ্যৰ ৩,৪১,৬৬৩গৰাকী কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে ১,৪৫০ টকাৰ বুকগ্ৰাণ্ট, ৩,২৯,৬১২গৰাকী দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীয়ে মহাবিদ্যালয়ত নামভৰ্তিত লাভ কৰিছে মাচুল ৰেহাই, হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে হোষ্টেল গ্ৰাণ্ট, ২ লাখ নিবনুৱাই লাভ কৰিব ২ লাখৰ পৰা ৫ লাখ টকাৰ স্বনিৰ্ভৰশীল গ্ৰাণ্ট– মুঠতে কৈ শেষ কৰিছে নোৱাৰি চৰকাৰী হিতাধিকাৰী আঁচনিৰ নাম-তালিকা৷ মুঠ ভোটাৰৰ প্ৰায় ২ কোটি ভোটাৰক প্ৰত্যক্ষভাৱে চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে হিতাধিকাৰীৰ তালিকাত ইতিমধ্যে চৰকাৰে খাটা বুকত নাম অন্তৰ্ভুক্ত কৰিছে৷ দিনক দিনে হিতাধিকাৰীৰ তালিকা, ভাৰ বৃদ্ধি পাইয়ে আছে৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে তেজপুৰত বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ কৰি আচম্বিতে ঘোষণা কৰিলে যে দূৰণীবটীয়া শিক্ষকসকলকো চৰকাৰে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ স্বাৰ্থত স্কুটী প্ৰদান কৰিব৷ পৰৱৰ্তী সময়ত নলবাৰীৰ বৰভাগত এক কাৰ্যসূচীত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে শিক্ষকসকলকো হিতাধিকাৰী আখ্যা দিলে৷ মুখ্যমন্ত্ৰীৰ সুৰতেই সুৰ মিলাই ইয়াতকৈও এখোজ আগলৈ গৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি মন্তব্য কৰিলে যে সকলো চৰকাৰী কৰ্মচাৰীয়েই হিতাধিকাৰী৷ স্বাভাৱিকতে চৰকাৰী হিতাধিকাৰী ৰাজনীতিত ৰাজ্যৰ আকাশ-বতাহ মুখৰিত হৈছে৷ কংগ্ৰেছ, জাতীয় পৰিষদ, কৃষক মুক্তি, আপকে ধৰি বিৰোধীৰ অভিযোগ– ‘ৰাজ্যৰ ২ কোটিৰো অধিক ভোটাৰক হিতাধিকাৰী সজাই অৰ্থনীতি কোঙা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ঋণ, কৰৰ বোজা জাপি দি চৰকাৰে হিতাধিকাৰীক দুহাত মেলি ধন বিলাইছে৷ ঋণৰ টকাৰে ঘিউ খাইছে চৰকাৰে৷’ কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে আজি চৰকাৰখনে লোৱা ঋণৰ তথ্য দাঙি ধৰি কয়– ‘ৰাজ্য চৰকাৰখনে ১ লাখ ৪০ হাজাৰ কোটি টকাৰ ঋণৰ বোজা অসমৰ ৰাইজৰ ওপৰত জাপি দিছে৷ চামুচেৰে দি বেল্‌ছা মাৰি নিছে চৰকাৰে৷’ ইফালে, ১৭ অক্টোবৰত পুনৰ এক হাজাৰ কোটি ঋণ ল’ব চৰকাৰে৷ বিগত ৩ অক্টোবৰত এক হাজাৰ কোটিৰ ঋণ লৈছিল চৰকাৰে৷ পৰিণতিত মুঠ ঋণৰ পৰিমাণ ৰকিবুল হুছেইন দাবী কৰাতকৈও অধিক ১ লাখ ৫১ হাজাৰ কোটি টকা হ’বগৈ পাৰে৷ ইফালে, মুখ্যমন্ত্ৰীয়ে চৰকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকলকো হিতাধিকাৰী বুলি অভিহিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে৷ পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা আৰু সম্পাদকপ্ৰধান দিলীপ কলিতাই এক বিবৃতিৰ জৰিয়তে কয় যে এয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয়৷ আনহাতে, শিক্ষকসকলক চৰকাৰে হিতাধিকাৰী বুলি কোৱা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ তেওঁ কয়– ‘শিক্ষকসকলক হিতাধিকাৰী বুলি কোৱাটো আপত্তিজনক৷’ শিক্ষকসকলক চৰকাৰে হিতাধিকাৰী আখ্যা দিয়াত সামাজিক মাধ্যমত গুৱাহাটী কলেজৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক অৰূপ কুমাৰ নাথে মনৰ ক্ষোভ প্ৰকাশ কৰি এনেদৰে লিখিছে– ‘মই এজন শিক্ষক৷ হিতাধিকাৰী নহওঁ৷ বিশ্ববিদ্যালয়ত টপাৰ আছিলোঁ৷ স্নাতকোত্তৰ প্ৰথম বৰ্ষতে নেট পাছ কৰি যোগ্যতাৰে চাকৰি পাইছোঁ৷ মোৰ তিনিটা পদোন্নতিৰ চৈধ্যলাখ টকা বকেয়া হিতাপে পাবলৈ বাকী আছে৷ সমূহীয়া বকেয়াবোৰ বাদেই দিছোঁ৷ দৰমহাৰ বুজন অংক এটা কৰ হিচাপে দি আছোঁ৷ তাৰ পাছত হিতাধিকাৰীৰ বদনাম কিয় ল’মহে?’

মুখ্যমন্ত্ৰীৰ অপমানসূচক মন্তব্য গ্ৰহণযোগ্য নহয়ঃ সমুজ্জ্বল ভট্টাচাৰ্য

নলবাৰীৰ পৰা চম্পক বৈশ্য [আমাৰ অসম]ঃ শিক্ষকসকলক মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী বুলি মন্তব্য কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৱে৷ মুখ্যমন্ত্ৰীৰ এনে অপমানজনক মন্তব্যৰ বিৰুদ্ধে আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়- ‘শিক্ষকসকল সমাজৰ আটাইতকৈ সন্মানীয় ব্যক্তি৷ শিক্ষকসকলক মেধাৰ ভিত্তিত নিযুক্তি দিয়া হয়৷ শিক্ষকসকল হৈছে মানুহ গঢ়া খনিকৰ৷ গতিকে শিক্ষকসকলক মুখ্যমন্ত্ৰীয়ে কৰা এনে অপমানজনক ঘটনা মুঠেই গ্ৰহণযোগ্য নহয়৷ এনে মন্তব্যত আমি বেজাৰ পাইছোঁ৷ মৰ্মাহত হৈছোঁ৷ স্তম্ভিত হৈছোঁ৷ এনে অপমানসূচক মন্তব্যৰ পৰা বিৰত থাকিবলৈ আমি স্পষ্ট কৰি দিছোঁ৷’ উল্লেখ্য যে দেওবাৰে নলবাৰী জিলাৰ বৰভাগৰ মৰোৱাত অমৃত কলহ যাত্ৰাত অংশ লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলৰ প্ৰসংগত মন্তব্য আগবঢ়াই কৈছিল যে তেওঁলোকে নিযুক্তি দিয়া শিক্ষকসকল তেওঁলোকৰেই হিতাধিকাৰী৷ মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পিছতেই বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ইয়াৰ মাজতে আজি বৰপেটা জিলাৰ সৰভোগৰ এক কাৰ্যসূচীত ভাগ লৈ সন্ধিয়া নলবাৰীত উপস্থিত হৈ আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শিক্ষক সমাজক মুখ্যমন্ত্ৰীয়ে কৰা অপমানসূচক মন্তব্যৰ তীব্ৰ বিৰোধ কৰে৷

শিক্ষকসকলক হেয় কৰা হৈছেঃ সন্মিলিত শিক্ষক মঞ্চ

‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদকঃ শিক্ষকসকলে কামৰ বিনিময়তহে দৰমহা লৈছে, তেনেক্ষেত্ৰত শিক্ষকসকল কেনেদৰে হিতাধিকাৰী হব পাৰে৷  শিক্ষকসকলক জনমানসত হেয় কৰি চৰকাৰী শিক্ষা ব্যৱস্থা ধবংস কৰা কৌশল ইতিমধ্যে জনসাধাৰণে বুজিব উঠিছে৷ এই মন্তব্য সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীৰ৷ শিক্ষক নেতা দুগৰাকীয়ে কয় স্কুলসমূহ জধেমধে বিলুপ্তি ঘটাই স্কুলসমূহৰ দুৰত্ব মাত্ৰাধিক কৰি পেলালে৷ স্কুটী দি স্কুলৰ দুৰত্ব বৃদ্ধি কৰাতকৈ স্কুল ৰাখি দুৰত্ব কমাওক৷ চৰকাৰে যেনেধৰণে স্কুল সমূহ বিলুপ্তি ঘটাইছে এটা দিনত বিষয়টো এটা জাতীয় সমস্যা হিচাপে গা কৰিব, ই নিশ্চিত৷ চৰকাৰে শিক্ষা ব্যৱস্থাক বাণিজ্যকৰণৰ দিশত আগবঢ়াই নিছে বুলি উল্লেখ কৰি সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই চৰকাৰক চৰকাৰী শিক্ষা ব্যৱস্থা ধবংস নীতি পৰিহাৰ কৰি শিক্ষাক সৰ্বজনীন কৰিবলৈ আহ্বান জনায়৷