Logo
image

আন্দোলন কৰিলে নাপাব অৰুণোদয়ৰ ধনঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ অক্টোবৰঃ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা মহিলাসকলক আন্দোলন নকৰিবলৈ সকীয়নি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সোমবাৰে ডিব্ৰুগড়ত মাইক্ৰ’ফাইনেন্সৰ ঋণীসকলক ঋণমুক্ত প্ৰমাণ-পত্ৰ প্ৰদান অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়– আপোনালোকক মাইক্ৰ’ফাইনেন্সৰ ঋণৰ ৰেহাই দিলে চৰকাৰে৷ অৰুণোদয় আঁচনিৰ জৰিয়তে মাহিলী ৰ,২৫০ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ এই সুবিধা লৈ আপোনালোকে  আৰু আন্দোলন কৰিবলৈ নাহিব৷ আন্দোলন কৰিলে নাপাব অৰুণোদয় আঁচনিৰ ধন৷ বিজেপি চৰকাৰখনক সকলোৱে ভোট দি ৰাখিব লাগে৷ কাৰণ এইটো চৰকাৰে কনী দিয়ে৷ যদি এইখন চৰকাৰ আঁতৰি যায় তেনেহ’লে কনীও বন্ধ হৈ যাব৷ এইখন চৰকাৰে অৰুণোদয় দিয়ে, চাইকেল দিয়ে, মাইক্ৰফাইনেন্সৰ লোণ ৰেহাই দিয়ে, স্কুটী, ৰাস্তা, মেডিকেল কলেজ আদি সকলো দিয়ে৷ ঠিক সেইদৰে মহিলাসকলক দিবলগীয়া ১০ হাজাৰ টকাটো ১৫ হাজাৰৰ কনী পাৰিব৷ এই আঁচনিখন অলপ বেলেগ হ’ব৷ মাতৃতকৈ সন্তানৰ ওজন বেছি হ’ব৷ আমি বিচাৰিছো ভৱিষ্যতে যাতে কোনো মাইক্ৰফাইনেন্সৰ পৰা ঋণ ল’বলগীয়া নহয়৷ আপোনালোকৰ ব্যৱসায় সফল হ’লে চৰকাৰে সহায় কৰিব৷ বেংকে ১২ শতাংশ সুদত ঋণ দিয়াৰ ব্যৱস্থা আছে৷ ২৪ শতাংশ সুদত ঋণ ল’লে কোনোদিনে ঋণ ঘূৰাই দিব নোৱাৰে৷ ভৱিষ্যতে মাইক্ৰফাইনেন্সৰ পৰা ঋণ নল’ব৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ ‘কল্পনাক বাস্তৱৰূপ দিবলৈ প্ৰত্যেকৰে সাহস থাকিব লাগে৷ আমাৰ মনৰ মাজত দৃঢ়সংকল্প আৰু অনুপ্ৰেৰণা থাকিলে আমি আগবাঢ়ি যাব পাৰিম’– আজি সন্ধিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ লগতে কয় যে, আমি নিজক পৰিৱৰ্তন কৰিব লাগিব৷ এই পৰিৱৰ্তন ধনাত্মক হ’ব লাগে৷ প্ৰতিজন ব্যক্তিৰ মনত দৃঢ়সংকল্প থাকিব লাগে৷ ছাত্ৰ-ছাত্ৰীসকলৰে মত-বিনিময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীজনে নিজৰ ভাষণত লগতে কয়, ১৫-২০বছৰৰ ভিতৰত আমাৰ ৰাজ্যখনক নেতৃত্ব দিব লাগিব৷ এটা সময়ত বহু বেছি উন্নয়নৰ কথা পতা নাছিল৷ আমাৰ সন্মুখত সমস্যা নাছিল, প্ৰত্যাহ্বানৰ মাজত দোধোৰ-মোধোৰ হৈ আছিলোঁ৷ আমাক কোনোবাই শোষণ কৰা অনুভৱ কৰিছিলোঁ৷ এতিয়া সমাজখন ফৰকাল হৈছে৷ অসমৰ ল’ৰা-ছোৱালী বাহিৰলৈ গৈ অনুভৱ কৰিবলৈ লৈছে৷ আমাক কোনেও শোষণ কৰিব নোৱাৰে যদিহে আমি নিজেই শোষিত নহওঁ৷ অসমত পৰিৱেশ সলনি হৈছে৷ লাহে লাহে নতুন দিনৰ কথা চিন্তা কৰিব পৰা হৈছে৷ আমাৰ ল’ৰা-ছোৱালীয়ে প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সাহসেৰে অযুত সম্ভাৱনা সৃষ্টি কৰিছে৷ ১৫-২০বছৰৰ পাছত অসমখনক নেতৃত্ব দিব পাৰোঁ তেনেহ’লে অসমখন যথেষ্ট আগুৱাই যাব৷ সম্ভাৱনাৰ দুৱাৰখন লাহে লাহে খোল খাইছে৷ পুৰণা কথাবিলাক পাহৰি অসমক নতুন পৰ্যায়লৈ নিয়াৰ বাবে সমাজে বাৰ্তা দিছে৷ ছাত্ৰ-ছাত্ৰীসকলৰে হোৱা মত-বিনিময়ত শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীজনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰাৱাসক পৰম্পৰা গঢ়ি তুলিবলৈ আহ্বান জনাইছে৷ এটা ছাত্ৰাৱাসে আই এ এছ বা এ চি এছ বনোৱাৰ থিৰাং কৰক৷ সেই পৰম্পৰাই পাছৰ প্ৰজন্মকো বাধ্য কৰিব৷ একেটা প্ৰসংগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেন্দ্ৰসমূহৰ মাচুল ৫০শতাংশ ৰেহাই দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ একেদৰে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি থকা হোষ্টেলৰ ছাত্ৰসকলক ১০হাজাৰ টকা আৰু ছাত্ৰীসকললৈ আগবঢ়াব ২০হাজাৰ টকা৷ সংৰক্ষণ ব্যৱস্থা প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে কয়, চিকিৎসা বিজ্ঞানত সাধাৰণ শ্ৰেণীৰ ৮০০খন আসন সংৰক্ষিত হৈ আছে৷ ইয়াৰে ৪০০খন আসনেই নি আছে চৰৰ পমুৱা মুছলমানসকলে৷ পমুৱা মুছলমানসকলৰ লগত প্ৰতিযোগিতা হ’ব লাগে৷ সকলো সুবিধা পমুৱাসকলে লৈ আছে৷ দাস, শৰ্মা, কলিতাসকল ক’ৰবাতে পিছুৱাই গৈছোঁ৷ আনহাতে, বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০০ কোটি টকা বিশেষ পেকেজ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, অসম চৰকাৰৰ সাংস্কৃতিকমন্ত্ৰী বিমল বৰা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ড॰ জাহ্নৱী গগৈ পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱাল উপস্থিত থাকে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মত বিনিময় কাৰ্যসূচীৰ পাছতে লক্ষ্মীনাথ বেজবৰুৱা পুঁথিভড়াল পৰিদৰ্শন কৰে৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীজনে অমলপ্ৰভা দাস ছাত্ৰী নিৱাসত নিশাৰ আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে৷