Logo
image

ওঁঠত চিগাৰেট, হাতত সুৰা... শশী থাৰুৰৰ সৈতে মহুৱাৰ ছবিক লৈ আন এক বিতৰ্ক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ অক্টোবৰঃ তৃণমূল কংগ্ৰেছৰ সুন্দৰী সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে সংসদত উপঢৌকন আৰু ধন লৈ প্ৰশ্ন কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ সৈতে হাতত সুৰাৰ গিলাচ আৰু ওঁঠত চিগাৰেট লৈ কৰা পাৰ্টীৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ হোৱাত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ মহুৱা মৈত্ৰই  কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ সৈতে কোনো এক স্থানত এটা পাৰ্টীত মিলিত হৈছিল৷ য’ত দুয়োকে অতি ঘনিষ্ঠ অৱস্থাত থকা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ এখন ফটোত থাৰুৰ আৰু মহুৱাই হাতত সুৰাৰ গিলাচ লৈ ছিয়েৰ্ছ কৰিছে, আন এখনত থাৰুৰৰ বক্ষলগ্না হৈ ৰৈছে সুন্দৰী মহুৱা৷ সেই ফটোত শশী থাৰুৰৰ  সোঁহাতত সুৰাৰ গিলাচ আৰু তেওঁৰ বাওঁহাত মহুৱা মৈত্ৰৰ কঁকালৰ খাঁজত৷  আন এখন ফটোত মহুৱা মৈত্ৰই ওঁঠত এটা চিগাৰ লৈ ফটোৰ পজ দিছে৷ ছ’চিয়েল মিডিয়াত শশী থাৰুৰ আৰু মহুৱা মৈত্ৰক এই ফটোৰ বাবে ব্যাপক ট্ৰল কৰা হৈছে৷ এজনে লিখিছে– ইণ্ডি-জামাত.... সুৰাত চুমুক আৰু চিগাৰেটত এহোপা দি দুয়ো জোঁটৰ বন্ধন শক্তিশালী কৰিছে৷ অৱশ্যে মহুৱা মৈত্ৰই ছ’চিয়েল মিডিয়াতে দাবী কৰিছে, তেওঁৰ চিগাৰেটৰ প্ৰতি এলাৰ্জি আছে৷ কেৱল ফটোৰ পজৰ বাবেহে তেওঁ ওঁঠত চিগাৰেট লগাইছিল৷ অৱশ্যে শশী থাৰুৰৰ বক্ষলগ্না হৈ থকা ফটোৰ ক্ষেত্ৰত তেওঁ কোনো স্পষ্টীকৰণ আগবঢ়োৱা নাই৷ বৰং কৈছে, বাঙালী মহিলায়ো জীৱনটো উপভোগ কৰে৷ 

ইপিনে সংসদত ধন আৰু উপহাৰ লৈ মহুৱা মৈত্ৰই প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগে ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ মহুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা বিজেপি সাংসদ নিশিকান্ত ডুবেই দাবী কৰিছে, তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে তেওঁৰ উদ্যোগপতি বন্ধু দৰ্শন হীৰানন্দানিক লোকসভাৰ ৱেবছাইট খুলিব পৰাকৈ ব্যৱস্থা কৰি দিছিল৷ সেয়া এক অপৰাধ৷ কিয়নো প্ৰত্যেকজন সাংসদৰ হাততহে থাকে লোকসভাৰ ৱেবছাইট খোলাৰ পাছৱৰ্ড৷ যোৱা দেওবাৰে তৃণমূল কংগ্ৰেছৰ বাকপটু সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে সংসদত ২০০৫ চনৰ বিজেপি সাংসদৰ দৰে ‘ধনৰ বিনিময়ত প্ৰশ্ন কাণ্ড’ৰ পুনৰাবৃত্তি কৰাৰ গুৰুতৰ আৰু চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছিল৷ মমতা বেনাৰ্জীৰ দলৰ সাংসদ মহুৱা মৈত্ৰই উপঢৌকন আৰু ধনৰ বিনিময়ত সংসদত প্ৰশ্ন উত্থাপন কৰাৰ নিৰ্দিষ্ট অভিযোগ উত্থাপন কৰি দেওবাৰে বিজেপিৰ ঝাৰখণ্ডৰ সাংসদ নিশিকান্ত ডুবেই লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল৷ সেই পত্ৰত নিশিকান্ত ডুবেই তৃণমূল কংগ্ৰেছৰ কৃষ্ণনগৰৰ সাংসদ মহুৱা মৈত্ৰৰ সাংসদ পদ কাঢ়ি নিয়াৰ [নিলম্বিত] আবেদন জনাইছিল৷ একে সময়তে বিজেপিৰ সমৰ্থক এজন অধিবক্তা অনন্ত দেহদৰিয়ে মহুৱা মৈত্ৰ বিৰুদ্ধে একেই অভিযোগ উত্থাপন কৰি চি বি আইৰ সঞ্চালক প্ৰবীণ সূদলৈ পত্ৰ প্ৰেৰণ কৰি তদন্তৰ আহ্বান জনাইছিল৷ দুয়োৰে অভিযোগ, ব্যৱসায়ী দৰ্শন হীৰানন্দানিৰ পৰা ধন আৰু উপহাৰ লৈ সাংসদ মহুৱা মৈত্ৰই লোকসভাত বিজেপিৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে ৫০টাকৈ প্ৰশ্ন উত্থাপন কৰিছিল৷ অভিযোগ অনুসৰি মহুৱা মৈত্ৰই আদানিৰ বিৰুদ্ধে প্ৰদান কৰা বক্তব্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো জড়িত কৰিছিল৷ ঝাৰখণ্ডৰ গোড্ডাৰ বিজেপি সাংসদ নিশিকান্ত ডুবেই ওম বিৰলালৈ প্ৰেৰণ কৰা পত্ৰত মহুৱা মৈত্ৰৰ বিৰুদ্ধে স্বাধিকাৰ ভংগ আৰু সংসদ অৱমাননাৰ অভিযোগ উত্থাপন কৰে৷ তদুপৰি ডুবেই মহুৱাৰ এই কাৰ্যক ফৌজদাৰী অপৰাধ বুলি দাবী কৰে৷ ডুবেৰ দাবী, মুম্বাইৰ প্ৰখ্যাত হীৰানন্দানি ৰিয়েল ইষ্টেটৰ চিইঅ’ ৪২ বছৰীয়া সুদৰ্শন উদ্যোগপতি দৰ্শন হীৰানন্দানিৰ সৈতে তৃণমূল সাংসদ মহুৱা মৈত্ৰৰ ঘনিষ্ঠ সম্পৰ্ক৷ বিদেশলৈকো ৰিয়েল ইষ্টেট ব্যৱসায় সম্প্ৰসাৰণ কৰা আৰু অন্যান্য একাধিক ব্যৱসায়ৰ সৈতে জড়িত দৰ্শন হীৰানন্দানিৰ নিউয়ৰ্কৰ ৰক’ষ্টাৰ ইনষ্টিটিউট অব টেকন’ল’জিৰ এম বি এ৷ আনহাতে আমেৰিকাৰ মাছাছুছেটছৰ মাউণ্ট হলিঅ’ক কলেজৰ এম বি এ আৰু জে পি মৰগান বেংকৰ নিউয়ৰ্ক তথা লণ্ডনত বেংকাৰ হিচাপে এসময়ত কৰ্মৰত মহুৱা মৈত্ৰৰ দৰ্শন হীৰানন্দানিৰ সৈতে সম্পৰ্ক পুৰণি আৰু এতিয়া ঘনিষ্ঠ বুলি প্ৰকাশ৷ মহুৱা মৈত্ৰই দৰ্শন হীৰানন্দানিৰ ব্যৱসায়ক সুৰক্ষা দিয়াৰ বাবে সংসদত আদানি-বিৰোধী প্ৰশ্ন কৰা বুলি অভিযোগ কৰে সাংসদ ডুবে আৰু অধিবক্তা দেহদৰিয়ে৷ অভিযোগ অনুসৰি মহুৱা মৈত্ৰই লোকসভাত কৰা ৬১ টা প্ৰশ্নৰ ৫০ টাই দৰ্শন হীৰানন্দানিৰ ব্যৱসায়ৰ সৈতে সম্পৰ্ক থকা আৰু গৌতম আদানিক শলঠেকত পেলোৱাৰ উদ্দেশ্যে কৰা৷ এই ৫০টা প্ৰশ্নৰ বিনিময়ত মহুৱা মৈত্ৰই দৰ্শন হীৰানন্দানি পৰা ধন আৰু উপহাৰ গ্ৰহণ কৰিছে বুলি অভিযোগ৷ সাংসদ ডুবেৰ অভিযোগ, মহুৱাৰ প্ৰশ্নৰ পাছতে উদ্দেশ্যপ্ৰণোদিতভাৱে কেইবাজনো সাংসদ সংসদত বাৰম্বাৰ সৰব হৈছিল, য’ৰ অন্যতম তৃণমূলৰ প্ৰবীণ সাংসদ সৌগত ৰায়৷ 

বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই কিদৰে মহুৱা মৈত্ৰক নিলম্বিত কৰিব পাৰি, তাৰো পৰামৰ্শ দিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক৷ ডুবেই কৈছে, ২০০৫ চনত চতুৰ্দশ লোকসভাত এনে ঘটনা সংঘটিত হওঁতে তৎকালীন অধ্যক্ষই এখন তদন্ত কমিটী গঠন কৰিছিল আৰু তাৰ ২৩ দিনৰ ভিতৰত ১০জন লোকসভাৰ সাংসদক বৰ্খাস্ত কৰা হৈছিল৷ ডুবেৰ মতে মহুৱাকো তেনেদৰেই অপসাৰণ কৰিব লাগে৷ বিজেপিৰ সাংসদজনে যি ঘটনাৰ কথা উল্লেখ কৰিছে, সেয়া বিজেপিৰ বাবে সংসদত সৰ্বকালৰ কলংকিত অধ্যায়৷ যি ১০ জন সাংসদক লোকসভাৰ পৰা ধনৰ বিনিময়ত প্ৰশ্ন কৰাৰ বাবে বৰ্খাস্ত কৰা হৈছিল, তাৰ ৬ জনেই আছিল বিজেপিৰ সাংসদ৷ তেওঁলোক আছিল ৱাই জি মহাজন, চত্ৰপাল সিং লোধা, আন্না চাহেব এম কে পাটিল, চন্দ্ৰপ্ৰতাপ সিং, নৰেন্দ্ৰ কুমাৰ  কুশৱাহা আৰু সুৰেশ চাণ্ডেল৷ এই ৬ বিজেপি সাংসদে সদনত প্ৰশ্ন কৰাৰ বিনিময়ত ধন লোৱাৰ লজ্জাজনক ঘটনা উন্মোচিত কৰিছিল ক’ব্ৰাপোষ্ট নামৰ এটা সংবাদ প্ৰতিষ্ঠানে৷ বৰ্খাস্ত কৰাৰ পাছত তেতিয়াৰ বিজেপিৰ লোকসভাৰ বিৰোধী দলপতি লালকৃষ্ণ আদৱানীয়ে কৈছিল–‘সাংসদ কেইজনে টকা লৈ যিমান কেলেংকাৰি কৰিছে, তাতকৈ মুৰ্খামি কৰিছে বেছি৷ তেওঁলোকৰ অপৰাধতকৈ শাস্তি অধিক গুৰুতৰ হ’ল৷’