Logo
image

সমলিংগ বিবাহক বৈধতা প্ৰদানত অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

‘আমাৰ অসম’, ১৭ অক্টোবৰঃ ভাৰতৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে মঙলবাৰে বহু প্ৰত্যাশিত ৰায় প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে  সমলিংগ বিবাহক আইনী বৈধতা দিবলৈ অস্বীকাৰ কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে  সমলিংগ বিবাহক বৈধতা প্ৰদানৰ বাবে দাখিল কৰা ২১ খন আৱেদনৰ ওপৰত ৰায় প্ৰদান কৰি কয় যে, বিশেষ বিবাহ আইন পৰিৱৰ্তন কৰাটো সংসদৰ কাম।  ন্যায়ালয়ে কেৱল আইনৰ ব্যাখ্যা কৰিব পাৰে, নতুন আইন প্ৰস্তুত কৰিব নোৱাৰে। ন্যায়ালয়ৰ বিচাৰপীঠে গোচৰটোত ৪ টা ভিন্ন ৰায় প্ৰদান কৰে। 

সমলিংগ বিবাহৰ গোচৰৰ ৰায় প্ৰদান কৰা ৫ বিচাৰপীঠত আছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ হিমা কোহলি আৰু ন্যায়াধীশ পি এস নৰসিমহা। মুখ্য ন্যায়াধীশগৰাকীৰ উপৰিও ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ পি এন নৰসিমহাই পৃথক পৃথক ৰায় প্ৰদান কৰে। মুখ্যন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে গোচৰটোত কয়, ন্যায়ালয়ে আইন তৈয়াৰ নকৰে। কেৱল আইনৰ ব্যাখ্যা কৰে আৰু ইয়াক কাৰ্যকৰী কৰিব পাৰে।তেওঁ লগতে কয়, সমকামিতা কেৱল নগৰীয়া ধাৰণা নহয় বা সমাজৰ উচ্চ বৰ্গলৈ সীমাবদ্ধ নহয়। ইয়াৰোপৰি কয়, বিশেষ বিবাহ আইনৰ ব্যৱস্থা সলনি কৰাৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে সিদ্ধান্ত সংসদে ল’ব লাগিব।

মুখ্য ন্যায়াধীশগৰাকীয়ে পুনৰ কয়, কেৱল চহৰাঞ্চলতে সমকামিতা আছে বুলি ধাৰণা কৰাটো সেইবোৰ নিৰ্মূল কৰাৰ দৰে হ'ব। যিকোনো জাতি বা শ্ৰেণীৰ ব্যক্তি সমকামী হ'ব পাৰে।