Logo
image

দেৱদাৰু নগৰীত নিৰ্বাচনী বতাহঃ ১৪টা পদত ৩৫গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

ডিজিটেল সংবাদ, গুৱাহাটীঃ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচন মঙলবাৰে অনুষ্ঠিত হয়। ছাত্ৰ একতা সভাৰ নিৰ্বাচন উপলক্ষে মঙলবাৰে পুৱাৰে পৰা বিশ্ববিদ্যালয়ত এক উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰে। নিৰ্বাচন উপলক্ষে বিশ্ববিদ্যালয়খনৰ চৌদিশে কেৱল প্ৰাৰ্থীসকলৰ বৃহৎ বৃহৎ বেনাৰ-পোষ্টাৰ আৰি এক আকৰ্ষণীয় পৰিবেশৰ সৃষ্টি কৰে। আনকি ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰিবলৈ কটন বিশ্ববিদ্যালয়ৰ চৌহদত দ্ৰোণৰ সহায়ত কৰা হয় নিৰ্বাচনী প্ৰচাৰ। তাৰ মাজতে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা অনুষ্ঠিত হয় মুক্ত তৰ্ক অনুষ্ঠান। অধিকাংশ প্ৰাৰ্থীয়ে এইবাৰ দাবী কৰে এইবাৰ ৰাজনৈতিক দল অথবা ছাত্ৰ সংগঠনৰ পৰা মুক্ত হব ছাত্ৰ একতা সভা।

এইবাৰ ১৪টা পদত ৩৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। সেই অনুসৰি  সভাপতি পদত তিনিগৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। তেওঁলোক হৈছে অভিজিত দাস, বিনীত বিশাল বৰঠাকুৰ আৰু হিমাংশু কুমাৰ দাস। উপ-সভাপতি পদত অক্ষয়তা দাস, মেঘনা কলিতা আৰু ভায়লীনা বৰঠাকুৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। একেদৰে সাধাৰণ সম্পাদক পদতো তিনিগৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। তেওঁলোক হৈছে গুঞ্জন ডেকা, জাভেদ আসতাৰ আৰু ঋতুৰাজ নাথ। সহকাৰী সম্পাদক পদত অজিত বিশ্বাস, গাৰ্গী শৰ্মা, শিৱ বসুমতাৰী, কটনিয়ানৰ সম্পাদকৰ পদত অনিমেশ কুমাৰ মজুমদাৰ, ময়ুসী বেজবৰুৱা, মঞ্জুলা শৰ্মা, ছাত্ৰ জিৰণি চ'ৰা সম্পাদক পদত সামৰেজ আলী,মৃন্ময় বৈশ্য, ছাত্ৰী জিৰণি চ'ৰা সম্পাদক পদত কাজল হাজম, ৰীয়া সিং, সৃষ্টি সাণ্ডিল‍্য, তৰ্ক বিভাগৰ সম্পাদক পদত অংকিতা শৰ্মা বৰদলৈ, সাগৰিকা বৰুৱা, সংগীত বিভাগৰ সম্পাদক পদত আকাংক্ষা দাস, ইস্পিতা দত্ত আদি।

আলোচনী সম্পাদক, ছাত্ৰ আৰু জিৰণি কোঠা সম্পাদক, তৰ্ক সম্পাদক, সমাজ সেৱা সম্পাদক, সংগীত সম্পাদক, সাংস্কৃতিক সম্পাদক, ক্ৰীড়া সম্পাদক আদি পদত প্ৰাৰ্থীত্ব আগবঢ়াইছে কেইবাগৰাকী কটনিয়ানে। মঙলবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ২ বজালৈ ভোট গ্ৰহণ কৰা হয়। নিৰ্বাচনী বিষয়া ড০ হীৰেন ডেকাই জানিবলৈ দিয়া অনুসৰি এইবাৰ ৪৭ শতাংশ ছাত্ৰ-ছাত্রীয়ে ভোটদান কৰিছে। ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ পাছত ভোট বাকচ বিশ্ববিদ্যালয়ৰ ষ্ট্ৰং ৰূমত ৰখা হয়। এইবাৰ পানবজাৰ আৰক্ষীৰ নিৰীক্ষণত ভোট বাকচ ৰখা হৈছে। আনহাতে ভোট গণনা  মাণিক চন্দ্ৰ বৰুৱা প্ৰশাসনীয় ভৱনত ১৯ অক্টোবৰত পুৱা ১০ বজাৰ পৰা কৰা হ'ব আৰু ফলাফল সমূহো সেইদিনাই ঘোষণা কৰা হ'ব। তদুপৰি ২০ অক্টোবৰ পুৱা ১১ বজাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্রেক্ষাগৃহত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব।