Logo
image

তুলসীৰ তলে মৃগপহু চৰে... আজি কাতি বিহু

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৮ অক্টোবৰঃ তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে৷ ‘বুধবাৰে কাতি বিহু৷ অসমীয়াৰ প্ৰণৰো প্ৰাণ তিনিটা বিহুৰ অন্যতম কাতি বিহু৷ চহা জীৱনৰ সৈতে সংপৃক্ত হৈ আছে অসমীয়াৰ জাতীয় উৎসৱ সমূহ৷ বিহুয়ে অসমীয়াৰ জাতীয় কৃষ্টি-সংস্কৃতি প্ৰতিফলিত কৰে৷ সমগ্ৰ ৰাজ্যজুৰি কৃষিজীৱী অসমীয়াৰ কৃষ্টি আৰু পৰম্পৰাৰ অনন্য অংশস্বৰূপ, বাপতিসাহোন তিনিটা বিহুৰ অন্যতম কাতি বিহু বুধবাৰে পালন কৰা হ’ব৷ শ্যামল শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰি অসমীয়া কৃষিজীৱী ৰাইজে আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰে৷  অসমৰ কৃষিজীৱী লোকে খেতি পথাৰত আৰু ঘৰে ঘৰে তুলসী পুলি ৰুই সন্ধিয়া তুলসী তলত চাকি জ্বলাই শস্যৰ সমৃদ্ধি কামনা কৰাৰ লগতে বন্তিৰ পোহৰেৰে অশুভ শক্তিৰ বিনাশ কামনা কৰে৷ পৰম্পৰাগত ৰীতি-নীতিৰে কাতি বিহু পালনৰ কৰিবলৈ কৃষিজীৱী অসমীয়াই কঙালী বিহু পৰম্পৰাগত ৰীতি নীতিৰে পালনৰ প্ৰস্তুতি চলাইছে৷ বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে৷ জেঠ, আহাৰ, শাওণ মাহ খেতিৰ বতৰ৷ কপালৰ ঘাম মাটিত পেলাই হাড়ভঙা পৰিশ্ৰমেৰে খেতিয়কে পথাৰত ভূঁই ৰুই অন্ত কৰে৷ শস্যডৰা নদন-বদন হ’ব, অন্তৰত হেঁপাহ, এদিন সোণ গুটিৰে ভঁৰাল ভৰিব, সকলো অভাৱ অনাটন দূৰ হ’ব সেই আশা বুকুট বান্ধে৷ এনে সময়ত শস্য নষ্টকাৰী কীট-পতংগ, পোক-পৰুৱা, চৰাই-চিৰিকটি, নিগনি-এন্দুৰৰ লগতে প্ৰাকৃতিক উপসৰ্গসমূহে নকৈ ফুলাম হৈ পৰা ধাননিডৰাৰ যাতে অপকাৰ সাধিব নোৱাৰে, তাৰ বাবে খেতিয়কে কাতি বিহুৰ দিনাই আকাশবন্তি জ্বলাই নিজৰ খেতি দৰাৰ শ্ৰীবৃদ্ধি কামনা কৰে৷ অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰপূৰ্ণভাৱে পালন কৰি আহিছে৷ এই সময়তে সৰহ ভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ -অনাটনে কৃষক ৰাইজক হেঁচি ধৰে৷ সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে লোক-বিশ্বাস অনুসৰি কাতি বিহুৰ দিনা ঘৰ-দুৱাৰ, চোতাল-পদূলি পৰিষ্কাৰ হৈ থাকিলেহে শস্যৰ প্ৰতীক লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে৷ আহিন মাহৰ শেষ দিনাটোত প্ৰতিজন কৃষকেই নিজৰ নিজৰ কামত ব্যস্ত হয়৷ চোতালৰ আগৰ ভঁৰালৰ কাষত নতুন ৰঙা মাটিৰে ঢিপ তুলি তুলসী-ভেটি স্থাপন কৰে৷ এটি সুন্দৰ তুলসী পুলি ৰুই মচি-কাচি নিকা কৰি থয়৷ কোনো কোনোৱে তুলসী-ভেটিৰ চাৰিওফালে চাৰিটা কলৰ পুলিও ৰোৱে৷ সন্ধিয়া এই তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ-ছাগলীৰ গৰালৰ সন্মুখত মাটিৰ চাকি জ্বলোৱা হয়৷ বিশেষকৈ গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি অমিতা ফালি বা ঔটেঙাৰ বকলা ব্যৱহাৰ কৰে৷ আবেলি পথাৰখন চাই অহাৰ নিয়ম৷ নহ’লে মখিমীয়ে গিৰিহঁত নাই বুলি ভাবে আৰু তেনে ব্যক্তিৰ ঘৰলৈ লখিমীৰ আগমন নহয়৷ ফলত তেনে লোকৰ ঘৰত আকাল হয়, দুখ-কষ্ট হয়৷ সেয়ে ঘৰৰ মূল মহিলা গৰাকীয়ে হাতত কাঁচি লৈ ধান চাবলৈ যায়৷ তিনিখন থুৰিয়া তামোল আগলি কলপাতত আগবঢ়াই ধাননি-পথাৰত সেৱা লৈ আই লখিমীক গৃহলৈ আমন্ত্ৰণ জনায়৷ অজ্ঞাতে অকা দোষ-ত্ৰুটিৰ মাৰ্জনা বিচাৰে৷ সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হয় বন্তি প্ৰজ্বলন৷ এই কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়৷ কাতি মাহ হিন্দু দৰ্শন মতে পবিত্ৰ মাহ৷ আহাৰ, শাওন, ভাদ আৰু কাতি মাহত হৰি শয়ণ অৱস্থাত থাকে৷ এই পৱিত্ৰ দিনটোতে হৰি বা ভগৱান সাৰ পায় আৰু অন্য দেৱ– দেৱীও মানৱৰ পৰা নৈবেদ্য গ্ৰহণ কৰিবলৈ পৃথিৱীলৈ নামি আহে৷ সেয়েহে এই কাতি বিহুৰ দিনাৰ পৰাই ধৰ্মীয় চিন্তা-চৰ্চা, ধৰ্ম শাস্ত্ৰ পাঠ আৰু ঈশ্বৰৰ চিন্তাত মগ্ন হয়৷ এই কাতি বিহুৰ দিনাৰ পৰাই সমগ্ৰ কাতি মাহত তুলসী তলত অসমীয়া ৰাইজে বন্তি জ্বলায়৷ গঞাৰ বিশ্বাস এনে কৰি মনৰ আশা পূৰ্ণ হয়৷ এই কাৰণতে নানা শাস্ত্ৰ অধ্যয়ন কৰি পূৰ্ণ অৰ্জনত খেতিয়ক সকল ব্ৰতী হয় আৰু পাপ নাশৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়৷ মুঠতে কাতি বিহুক কেন্দ্ৰ কৰি আমাৰ সমাজত যিমানবোৰ পৰম্পৰা প্ৰচলিত হৈ আছে সকলোতে যুক্তি নিষ্ঠতা নিহিত হৈ আছে৷ কাতিৰ উদং ভঁৰালে খেতিয়কৰ অৰ্থনৈতিক অৱস্থাও শোচনীয় কৰি তোলে৷ শস্য সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৃষকে সমাজে যিদৰে কৰি আহিছে সিয়েই হ’ল কাতি বিহুৰ সাম্প্ৰতিক ৰুপ৷ কঙাল বা অভাৱ-অনাটনৰ দিনত এই বিহু উদ্‌যাপিত হ’লেও ইয়াৰ প্ৰাসঙ্গিকতা এৰাই চলিব নোৱাৰি৷ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো কাতি বিহু পালনৰ প্ৰস্তুতি চলিছে৷ কাতি বিহু উপলক্ষে অসমীয়াই ঘৰ, পদূলি, নামঘৰ আদি চিকুনাই তুলিছে৷ ইফালে গুৱাহাটীৰ পাশ্বৰ্ৱৰ্তী ঠাই সমূহৰ পৰা অহা থলুৱা ব্যসায়ীসকলে কাতি বিহুৰ প্ৰয়োজনীয় সামগ্ৰী লৈ ভিৰ কৰিছে৷ কাতি বিহু উপলক্ষে ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াই ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই শুভেচ্ছা বাৰ্তাত কয় যে কৃষিৰ সমৃদ্ধি কামনা কৰি পালন কৰা এই বিহুৰ গভীৰ তাৎপৰ্য্য আছে৷ কাতি বিহু পালন কৰিবলৈ উদ্যোগ লৈছে অসম চৰকাৰৰ কৃষি বিভাগে৷ এই উদ্দেশ্যে ৰাজ্যখনৰ সকলো কৃষি মহকুমাতে কাতি বিহুৰ সৈতে সাঙোৰ খাই থকা বিভিন্ন লোকাচাৰ পালনৰ লগতে কৃষি মহকুমাসমূহৰ প্ৰগতিশীল কৃষকক সম্বৰ্ধৰ্না, বিভিন্ন বিভাগীয় আঁচনিয়ে কৃষকলৈ আগবঢ়োৱা সা-সুবিধাসমূহৰ বিষয়ত আলোচনা, হিতাধিকাৰীৰ মাজত কৃষি সামগ্ৰী আদি বিতৰণ, আকাশ বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী পালনৰ ব্যৱস্থা লোৱা হৈছে৷ কাতি বিহু পালনৰ এই কাৰ্যসূচীসমূহত কৃষক, কৃষি বিজ্ঞানী আত্মসহায়ক গোট আদিৰ লগতে স্থানীয় জনপ্ৰতিনিধিৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈকো জিলা কৃষি বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ কাতি বিহুৰ পৱিত্ৰ ক্ষণত প্ৰতিগৰাকী কৃষকৰ লগতে অসমবাসীৰ মংগল কামনা কৰিছে৷ কৃষি মন্ত্ৰী অতুল বৰাইও এটা বাৰ্তাত অসমৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে সাঙোৰ খাই থকা কাতি বিহুৰ প্ৰাক্‌ক্ষণত ৰাজ্যখনৰ সমূহ কৃষক আৰু সাধাৰণ ৰাইজলৈ শুভেচ্ছা আৰু ওলগ যাচিছে৷ ৰাজ্যখনৰ কৃষি ক্ষেত্ৰত আধুনিক কৃষি প্ৰযুক্তিৰ ব্যৱহাৰে সম্প্ৰতি কাতি বিহুক ৰঙালী আৰু ভোগালী বিহুৰ দৰেই বিশেষ মৰ্যাদা প্ৰদান কৰা বুলি উল্লেখ কৰি কৃষি মন্ত্ৰী বৰাই কাতি বিহুৰ তুলসী তলৰ চাকিৰ পৱিত্ৰ আভাই ৰাজ্যখনৰ কৃষক ৰাইজক নতুন শক্তিৰে আলোকিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে৷

কাতি বিহুত চাকি জ্বলাবলৈও পথাৰত ধান নাই বহু কৃষকৰ 

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ ফলত এই বছৰৰ ‘হটেষ্ট ছেপ্টেম্বৰ’ৰ প্ৰভাৱ অসমৰ কৃষি খণ্ডত পৰিছে৷ ‘হটেষ্ট ছেপ্টেম্বৰ’ৰ বাবেই এইবাৰ কাতিবিহুত পথাৰত চাকি জ্বলাবলৈ উৎসাহ নাই ৰাজ্যৰ বহু কৃষকৰ৷ উল্লেখ্য, ন-ভূই ৰোৱাৰ সময়ৰে পৰা গেঁৰ ধৰালৈকে পথাৰত উপযুক্ত পানীৰ প্ৰয়োজন৷ কিন্তু এইবছৰ ছেপ্টেম্বৰ মাহটো সমগ্ৰ বিশ্বৰ লগতে অসমতো প্ৰৱল উষ্ণ প্ৰবাহৰ লগতে বৰষুণৰ পৰিমাণ ব্যাপক হাৰত কমি যায়৷ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধাননি পথাৰত চিঁৰাল ফাট মেলে, ৰঙা পৰি যায় ধাননি পথাৰ৷ কাতিবিহুৰ সময়তে আগতীয়া ধান গাখীৰতী হোৱাৰ বিপৰীতে শেহতীয়া জাতৰ ধানত গেঁৰ ধৰে৷ কিন্তু যোৰহাট আৰু গোলাঘাট জিলাৰ বৃহৎ পৰিমাণৰ ধাননি পথাৰত এইবাৰ গেঁৰ ধৰা নাই৷ যোৰহাটৰ বালিগাঁও অঞ্চলৰ এজন কৃষকে জানিবলৈ দিয়া মতে তেওঁৰ ১২ বিঘা মাটিৰ প্ৰায় ছবিঘা মাটিৰ ধান সম্পূৰ্ণৰূপে নষ্ট হ’ল৷ অৱশিষ্ট ছয় বিঘা মাটিতো পূৰ্বৰ তুলনাত ধানৰ উৎপাদন বহু পৰিমাণে কম হোৱাটো নিশ্চিত৷ গোলাঘাট জিলাৰ দেৰগাঁও অঞ্চলক এজন কৃষকে জনোৱা মতে তেওঁৰ পথাৰতো ধানৰ উৎপাদন হ্ৰাস পোৱাটো নিশ্চিত৷ পৱিত্ৰ ভাদ মাহত পথাৰ শুকাই ৰোৱা ৰঙা পৰি গৈছিল৷ শেহতীয়াকৈ কিছু বৰষুণ হোৱাত পথাৰলৈ সজীৱতা আহিছে যদিও ইতিমধ্যেই খেতিপথাৰৰ ব্যাপক ক্ষতি হ’ল৷ উল্লেখ্য, বিশ্ব বতৰবিজ্ঞান সংস্থাই এই বছৰৰ ছেপ্টেম্বৰ মাহটো ‘হটেষ্ট ছেপ্টেম্বৰ’ হিচাপে ঘোষণা কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে প্ৰকাশ কৰা মতে এইবাৰ ছেপ্টেম্বৰ মাহত গোলকীয় উষ্ণতা গড়ে ১৬.৩৮ ডিগ্ৰী ছেলচিয়াছ৷ মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ২০২০ চনটো হটেষ্ট ছেপ্টেম্বৰ আছিল আৰু সেই বছৰৰ তুলনাত এইবাৰ গড়ে ০.৫ ডিগ্ৰী ছেলচিয়াছ উষ্ণতা বৃদ্ধি পায়৷ এয়া গ্ৰীণ হাউচ গেছৰ প্ৰভাৱত হোৱা জলবায়ু পৰিৱৰ্তনৰ ফল বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে৷ ইয়াৰ প্ৰভাৱ অসমৰ কৃষি খণ্ডত পৰিছে৷ সেয়ে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যখনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো অপৰিহাৰ্য হৈ পৰিছে৷