Logo
image

হাঁপানিৰ পৰা হাত সাৰিবলৈ এইখিনি কৰক

হাঁপানি সাধাৰণ অসুখ যদিও সময়ত যত্ন নল’লে ই মাৰাত্মক হৈ উঠিব পাৰে৷ খাদ্যাভাসৰ বাবেও এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ এই বাবে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সচেতন হ’ব লাগে৷ 
ভিটামিনযুক্ত খাদ্যঃ ভিটামিন ‘চি’ আৰু ‘ই’, বিটা কেৰাটিন আৰু ওমেগা  ৩ ফেটি এছিড সমৃদ্ধ খাদ্য নিয়মীয়াকৈ খালে হাঁপানিৰ পৰা হাত সাৰিব পাৰি৷ এইখাদ্যত প্ৰচুৰ এণ্টি অক্সিডেণ্ট  থাকে৷ যি দেহৰ কোষ বিলাকক বিভিন্ন ক্ষতিৰ পৰা ৰক্ষা কৰে৷ 
ফল-শাকপাচলিঃ বিভিন্নধৰণৰ ফল আৰু শাক-পাচলিত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট পোৱা যায়৷ সেইবাবে নিয়মীয়াকৈ বিভিন্নধৰণৰ ফলৰ লগতে সেউজীয়া শাক-পাচলি খোৱাৰ অভ্যাস কৰিব লাগে৷ 
ভিটামিন ডিঃ শৰীৰত ভিটামিন ‘ডি’ অভাৱ হ’লে সহজেই হাঁপানিত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ সেই বাবে ভিটমিন ‘ডি’ সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে৷ এই ক্ষেত্ৰত গাখীৰ, কনী আৰু মাছ নিয়মীয়াকৈ খাব লাগে৷ 
এলাৰ্জিৰ পৰা সাৱধান হওকঃ কেতিয়াবা কিছুমান খাদ্য গ্ৰহণ কৰিলে এলাৰ্জি হ’ব পাৰে এই এলাৰ্জিৰ ফলতো হাঁপানিৰ সমস্যা বৃদ্ধি পায়৷ সেয়েহে এলাৰ্জি হ’ব পৰা খাদ্য এৰাই চলিব লাগে৷