
হিতাধিকাৰী কোন
বিগত দুটা দিনত অসমৰ সামাজিক মাধ্যমত সজোৰে উত্থাপন হৈছে এক প্ৰতিবাদ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে অসমৰ শিক্ষকসকলক চৰকাৰৰ হিতাধিকাৰী বুলি মন্তব্য কৰাক লৈ প্ৰতিবাদ কৰিছে মহাবিদ্যালয়ৰ শিক্ষক, অধ্যক্ষ আৰু বিদ্যালয়ৰ একাংশ শিক্ষকে৷ নিজকে চৰকাৰৰ হিতাধিকাৰী নহয় বুলি পতিয়ন নিয়াবলৈ কেইজনমান মহাবিদ্যালয়ৰ অধ্যাপকে বিশ্ববিদ্যালয়ৰ পৰীক্ষাত ‘টপাৰ’ আছিল বুলি নিজৰ গৰ্বখিনি নিজেই ৰাজহুৱা কৰিলে৷ সম্পূৰ্ণ নিজৰ দক্ষতাত শিক্ষকতা বা অধ্যাপনাৰ চাকৰি লাভ কৰা ব্যক্তিকেইজনৰ মতে, শিক্ষক চৰকাৰৰ হিতাধিকাৰী নহয় বা হ’বই নোৱাৰে৷ সমালোচনাবোৰৰ পৰা এটা কথা পৰিষ্কাৰ হৈছে যে অসমৰ শিক্ষিত, মহাবিদ্যালয় বা বিদ্যালয়ৰ শিক্ষকসকলৰ দৃষ্টিত ‘হিতাধিকাৰী’ শব্দটোৰ লগত সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ নাগৰিকসকল জড়িত থাকে৷ সমালোচনাবোৰৰ পৰা আৰু এটা কথা বুজিব পাৰি যে হিতাধিকাৰীসকল সমাজৰ কাৰণে এক বিশেষ শ্ৰেণীৰ নাগৰিক, যিসকল শিক্ষক শ্ৰেণীৰ সমকক্ষৰ নহয়৷ ৰাইজৰ ধনৰ অনুদানত জীৱন নিৰ্বাহ কৰি সমাজৰ কাৰণে এক বোজাস্বৰূপ চৰকাৰী হিতাধিকাৰীসকলক লৈ মুঠেও সুখী নহয় মধ্যবিত্তৰ অসমৰ শিক্ষকসকল৷
হিতাধিকাৰীৰ সংজ্ঞা কি বুলিলে সেইসকল ব্যক্তিক বুজোৱা হয়, যিসকলে চৰকাৰৰ অনুগ্ৰহত বিনামূলীয়াকৈ বা আংশিক মূল্য পৰিশোধ কৰি কোনো এক দ্ৰব্য বা সামগ্ৰী বা সেৱা লাভ কৰে৷ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ পুঁজিৰে নিৰ্মিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা বাসগৃহ, মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ ৰেহাই আঁচনি, ছাত্ৰ-ছাত্ৰীলৈ প্ৰদান কৰা বিনামূলীয়া শিক্ষা, বিনামূলীয়া মধ্যাহ্ন ভোজন, বিনামূলীয়া চাইকেল বা স্কুটী, অৰুণোদয় আঁচনিৰ অধীনত প্ৰতিমাহে লাভ কৰা চাউলৰ উপভোক্তাসকলক হিতাধিকাৰী বুলি কোৱা হয়৷ হিতাধিকাৰীসকল যে অকল দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা নাগৰিক তেনে নহয়, কাৰণ আৰ্থিকভাৱে সচ্ছল পৰিয়ালৰ মহিলায়ো লাভ কৰিছে মাইক্ৰ’ ফাইনেঞ্চৰ ধন ৰেহাই৷ চৰকাৰে প্ৰদান কৰা বিনামূলীয়া চাইকেল বা স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল দৰিদ্ৰ ঘৰৰ নহয়, বৰং বিদ্যালয়ৰ শিক্ষকৰ সন্তানেও লাভ কৰিছে তেনে আঁচনিৰ সুবিধা৷ মহাবিদ্যালয়ৰ শিক্ষকসকলে পঢ়োৱা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰি চৰকাৰে সজীৱ কৰিছে অসমৰ উচ্ছ শিক্ষাৰ ক্ষেত্ৰখনক৷
কলেজৰ শিক্ষক বা অধ্যক্ষসকলৰ একাংশই নিজকে চৰকাৰৰ হিতাধিকাৰী নহয় বুলি দাবী কৰাৰ যুক্তিযুক্ততা কিমান আছে, তাৰ বিশ্লেষণৰ প্ৰয়োজন৷ হিতাধিকাৰীৰ সংজ্ঞাৰ ভিতৰত কিয় অন্তৰ্ভুক্ত নহ’ব সেইসকল অধ্যক্ষ-অধ্যাপক যিসকলে ‘আপোন ঘৰ’ আঁচনিত নিৰ্মাণ কৰিছে বাসগৃহ৷ সত্যটো হৈছে, উক্ত আঁচনিত ঋণৰ সুতৰ এটা অংশ পৰিশোধ কৰে ৰাজ্য চৰকাৰে৷ অসমত নাগৰিকসকলে বিদ্যুতৰ মাচুল পৰিশোধ কৰে চৰকাৰী ৰেহাইৰ সুবিধা লৈ৷ প্ৰতি ইউনিট বিদ্যুতৰ বাবদ অসমৰ গ্ৰাহকসকলে পৰিশোধ কৰিব লাগে প্ৰকৃত মূল্যতকৈ কম মাচুল৷ সত্যটো হৈছে, অসমৰ প্ৰতিজন বিদ্যুতৰ গ্ৰাহক হৈছে [বাণিজ্যিক সংযোগ বাদ দি] হিতাধিকাৰী৷ অসমৰ বহুতো চৰকাৰী কৰ্মচাৰীয়ে পত্নীৰ নামত ইন্ধনৰ সংযোগ লৈ লাভ কৰি আছে হিতাধিকাৰীৰ সুবিধা৷ অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া সেৱা লাভ কৰে প্ৰতিজন নাগৰিকে৷ ঘৰত হোৱা যিকোনো বিপদত আমন্ত্ৰণ কৰি অনা ১০৮ এম্বুলেঞ্চখনৰ সুবিধা লোৱা প্ৰতিজন ব্যক্তিয়ে চৰকাৰৰ হিতাধিকাৰী৷ পথৰ ওপৰত দুৰ্ঘটনাত আহত বা নিহত ব্যক্তিক আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ অহাৰ সেৱা বা সুবিধাখিনিও হিতাধিকাৰীৰ সুবিধা বুলি ক’ব পাৰি৷
হিতাধিকাৰী প্ৰসংগত একাংশ শিক্ষকৰ দাবী– তেওঁলোকে চাকৰি কৰে চৰকাৰৰ অধীনত৷ চৰকাৰৰ কৃপাত নহয়, বৰং নিজৰ দক্ষতাৰে সেৱা আগবঢ়াই অহা মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যক্ষ বা বিদ্যালয়ৰ শিক্ষকসকলে যিহেতু নিজকে হিতাধিকাৰীৰ শাৰীত থকাটো মানি ল’ব বিচৰা নাই, সেয়েহে চৰকাৰেও কিছুমান সিদ্ধান্তৰ সলনি কৰাটো সময়োপযোগী হ’ব৷ ‘আপোন ঘৰ’ আঁচনিৰ অধীনত চৰকাৰে প্ৰদান কৰি অহা সুতৰ অংশটো বন্ধ কৰা হওক৷ সকলো চৰকাৰী কৰ্মচাৰীৰ কাৰণে বিদ্যুতৰ মাচুল প্ৰকৃত ক্ৰয় মূল্যৰ ভিত্তিত নিৰ্ধাৰণ হওক, চৰকাৰী চিকিৎসালয়ত চৰকাৰী শিক্ষকে লোৱা সেৱাৰ এটা মূল্য পৰিশোধৰ ব্যৱস্থা কৰক৷ মহাবিদ্যালয় বা বিদ্যালয়ৰ শিক্ষকৰ পত্নীয়ে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফৰ সুবিধাৰ পৰা আঁতৰি আহক, বিনামূলীয়া চাইকেল বা স্কুটী প্ৰদানৰ সুবিধাৰ পৰা অধ্যাপক-শিক্ষকসকলে নিজৰ সন্তানক আঁতৰাই ৰাখক৷ হিতাধিকাৰী শব্দটোৱে আঘাত দিয়া অসমৰ প্ৰতিজন চৰকাৰী শিক্ষক-অধ্যাপক, অধ্যক্ষই নিজৰ আয়ৰ এটা অংশৰে সমাজৰ দৰিদ্ৰ পৰিয়ালক আৰ্থিক সহায় আগবঢ়াওক৷ চৰকাৰেও আগন্তুক দিনত কলেজৰ অধ্যাপক, অধ্যক্ষ আৰু বিদ্যালয়ৰ শিক্ষকসকলক হিতাধিকাৰী বুলি কোৱা বন্ধ কৰক৷ কাৰোবাৰ স্বাভিমানত আঘাত কৰা শব্দ বা বাক্যই সমাজক অস্থিৰ কৰে৷ সকলো সংযত হওক বাক্যবাণ নিক্ষেপ কৰোঁতে৷ শিক্ষকক হিতাধিকাৰী বুলি কওঁতে অসমৰ মাত্ৰ কেইজনমান অধ্যাপক, অধ্যক্ষ বা শিক্ষকে কিয় চৰকাৰৰ বিৰুদ্ধে নীতি বহিৰ্ভূতভাৱে সমালোচনাৰ স্থিতি ল’লে, তাকো বুজি পোৱাটো কঠিন হৈছে৷