Logo
image

অসমত চলচ্ছিত্ৰ সমালোচনা এতিয়াও চালুকীয়া পৰ্যায়ত

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৯ অক্টোবৰঃ অসমত চলচ্ছিত্ৰ সমালোচনা বিষয়টো অতি চালুকীয়া অৱস্থাতে আছে৷ আনকি অসমতো বাদেই ভাৰততো চলচ্ছিত্ৰ সমালোচনাৰ শক্তিশালী ধাৰা নাই৷  এই মন্তব্য বিশিষ্ট সাংবাদিক, ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ৷ বুধবাৰে বিয়লি গুৱাহাটীৰ অসম সাহিত্য সভাৰ কাৰ্যালয় চৌহদৰ লক্ষ্মীৰাম বৰুৱা সদনত অপৰাজিতা পূজাৰীৰ চলচ্ছিত্ৰ সমালোচনা গ্ৰন্থ ‘মাদাৰ ফুলৰ জুই চলচ্ছিত্ৰ কথা’ উন্মোচন কৰি এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত এই মন্তব্য কৰে মনোজ কুমাৰ গোস্বামীয়ে৷ অনুষ্ঠানটোত মনোজ কুমাৰ গোস্বামীয়ে কয়– ‘১৯৩৫ চনতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ ছবি নিৰ্মাণেৰে অসমত চলচ্ছিত্ৰ নিৰ্মাণৰ ধাৰা আৰম্ভ কৰিছিল৷ তাৰ পাছতো সুদীৰ্ঘ বছৰসমূহত চলচ্ছিত্ৰ সমালোচনাৰ ধাৰাটো অসমত গঢ় লৈ নুঠিল৷ ৭০ আৰু ৮০ৰ দশকত দুজনমানে সমালোচনা আগবঢ়াইছিল৷ সন্ধ্যাৰাগ নামৰ চলচ্ছিত্ৰখনৰ সমালোচনাৰে পৱিত্ৰ ডেকাই আৰম্ভ কৰিছিল যদিও বিশেষ আগনাবাঢ়িল৷ অসমীয়া চলচ্ছিত্ৰ জগতখনৰ পৰিসৰ কম, বজাৰ সীমিত আৰু এইক্ষেত্ৰখনৰ লগতে জড়িত ইজনে-সিজনক চিনি পায় বাবে হয়তো তেনে কাৰণতে চলচ্ছিত্ৰ সমালোচনাৰ ধাৰাটো ঠন ধৰি নুঠিল৷ অসমীয়া চলচ্ছিত্ৰ সমালোচনাৰ ধাৰাটোৰ ইতিহাস অগভীৰ বুলি ব্যক্ত কৰি মনোজ কুমাৰ গোস্বামীয়ে বিগত সময়চোৱাত অসমীয়া চলচ্ছিত্ৰ জগতৰ কেইবাজনো সমালোচকৰ সমালোচনাৰ চমু ব্যাখ্যা দাঙি ধৰে৷ ইফালে, নয়ন প্ৰসাদে আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড॰ কুলধৰ শইকীয়া, চলচ্ছিত্ৰ নিৰ্মাতা মঞ্জু বৰা, অপূৰ্ব শৰ্মা আৰু মনোজ বৰপূজাৰী৷ অনুষ্ঠানটোত ভাষণ প্ৰসংগত অপূৰ্ব শৰ্মাই কয়– দাদা চাহেব ফাল্কেই ভাৰতত চলচ্ছিত্ৰ নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল৷ তেওঁ ভাৰতীয় চলচ্ছিত্ৰৰ জন্মদাতা আৰু জনক৷ সমালোচকৰ মতে ১৯৯৭ চনতে সত্যজিৎ ৰায়েহে আধুনিক ভাৰতীয় চলচ্ছিত্ৰ নিৰ্মাণ কৰা বুলি দাবী কৰে৷ একোজন চলচ্ছিত্ৰ নিৰ্মাতাই বহু সংগ্ৰামৰ মাজেৰে একোখন ছবি নিৰ্মাণ কৰিবলগীয়া হয়৷ তেনে সংগ্ৰামৰ মাজেৰে জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী নিৰ্মাণ কৰিছিল৷ আনহাতে, অসমীয়া চলচ্ছিত্ৰ সমালোচনাৰ ধাৰাটো ঠন ধৰি নুঠা বাবে চলচ্ছিত্ৰ নিৰ্মাণত বিসংগতি থাকে বুলি অপূৰ্ব শৰ্মাই সদৰী কৰে৷ তেনেদৰে ড॰ কুলধৰ শইকীয়াই ভাষণত অসমীয়া চলচ্ছিত্ৰৰ সমালোচনাৰ ধাৰাটোৰ নিজস্ব অভিজ্ঞতাৰ কথা সদৰী কৰি বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাই চলচ্ছিত্ৰ নিৰ্মাতাৰ সন্মুখত কাহিনীকে ধৰি কি কি ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি আহিছে তাৰো ব্যাখ্যা দাঙি ধৰি এইক্ষেত্ৰত এনে ধৰণৰ গ্ৰন্থ লিখা বাবে অপৰাজিতা পূজাৰীৰ শলাগ লয়৷ তেনেদৰে মঞ্জু বৰাই কয়– চলচ্ছিত্ৰ সমালোচনা এটা টান বিষয়৷ নতুন প্ৰজন্মৰ অপৰাজিতা পূজাৰীয়ে এনেধৰণৰ জটিল বিষয় এটাত গ্ৰন্থ লিখা বাবে ধন্যবাদ জ্ঞাপন কৰিছে৷ এইক্ষেত্ৰত তেওঁ বহুখিনী সফল হৈছে৷ তেনেদৰে মনোজ বৰপূজাৰীয়ে ভাষণত অসমীয়া চলচ্ছিত্ৰৰ বিবৰ্তনৰ ধাৰা আৰু সমালোচনাৰ ইতিহাস চমুকৈ ব্যক্ত কৰে৷ আনহাতে, গ্ৰন্থখনৰ লেখক অপৰাজিতা পূজাৰীয়ে এইক্ষেত্ৰত নিজৰ অভিজ্ঞতা দাঙি ধৰি কয়– ২০১২ চনৰ পৰাই চলচ্ছিত্ৰৰ সমালোচনা সম্পৰ্কেলেখা-মেলা আৰম্ভ কিৰছিলোঁ৷ কিন্তু গ্ৰন্থখন লিখাত বহু পলম হ’ল৷ চলচ্ছিত্ৰৰ সৈতে মোৰ আত্মিক সম্পৰ্ক আছে৷ সমালোচনা সদায় বস্তুনিষ্ঠ আৰু নিৰ্মোহ হ’ব লাগে৷ আনহাতে, বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত চলচ্ছিত্ৰ আৰু সাংস্কৃতিক জগতৰ লগত জড়িত বহু বিশিষ্ট লোক উপস্থিত থাকে৷