Logo
image

দশমীতো খোলা ৱাইন শ্বপ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ অক্টোবৰঃ শাৰদীয় দুৰ্গা পূজালৈ মাজত আৰু এটা দিন বাকী৷ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব দেৱী দূৰ্গাৰ পূজা-অৰ্চনা৷ ইতিমধ্যে পূজাৰ মণ্ডপসমূহ সজাই পৰাই তোলা হৈছে৷ আকৰ্ষণীয় পূজা মণ্ডপেৰে চমক দিবলৈ সাজু হৈছে পূজা কমিটীসমূহ৷ দুৰ্গা পূজা মানেই যেন পুতুলা-পিষ্টল, বেলুনৰ সমাহাৰ আৰু দেৱী মা দূৰ্গাৰ আৰতিৰ ধবনি৷ কিন্তু দুৰ্গা পূজাৰ দিনকেইটাত একাংশই যেন সুৰাত ডুব গৈ থাকিব বিচাৰে৷ ৰাজ্য চৰকাৰে দুৰ্গা পূজাৰ দিনকেইটাত উৎসৱৰ আনন্দৰ অজুহাতেৰে অভিলেখ হাৰত আবকাৰী ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ উদ্বেগজনকভাৱে পূজাৰ আনন্দ-উল্লাহৰ মাজতে একাংশই আকৌ অত্যধিক সুৰাপান কৰি দুৰ্ঘটনা সংঘটিত  কৰি আহিছে৷ বিশেষকৈ বিজয়া দশমীৰ দিনটোত সুৰাপায়ীৰ সংখ্যা বৃদ্ধি পোৱাত দুৰ্ঘটনা প্ৰতিৰোধ আৰু আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে উক্ত দিনটোত প্ৰতি বছৰে ড্ৰাই ডে’ ঘোষণা কৰি আহিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে ডেৰ লাখ কোটি টকা ঋণত ডুব গৈ থকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আবকাৰী ৰাজহৰ স্বাৰ্থত এইবাৰ দুৰ্গা পূজাত কোনো ড্ৰাই ডে’ ঘোষণা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বিজয়া দশমীৰ দিনটোত ড্ৰাই ডে’ দিলে প্ৰায় দহ কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হোৱাৰ আশংকাতে এইবাৰ ড্ৰাই ডে’ উঠাই দিয়াৰ সিদ্ধান্ত লৈছে৷ অৱশ্যে ড্ৰাই ডে’ দিলে সুৰাৰ চোৰাং বেহা চলা উদ্ভট যুক্তি দি পূজাৰ আটাইকেইটা দিনেই ৱাইন শ্বপ খুলি ৰখাৰ যুক্তি দিছে মুখ্যমন্ত্ৰীয়ে৷ একথাত পূজাৰ দিনকেইটাত আৱকাৰী ৰাজহ সংগ্ৰহৰ কোনো সুযোগ এৰিব বিচৰা নাই বিজেপি মিত্ৰজোঁটৰ চৰকাৰে৷ এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় এইদৰে– পূজাত মদ বন্ধ কৰি দিলে চোৰাং মদৰ বেপাৰ বৃদ্ধি পাব৷ আজি যদি ঘোষণা কৰো, তেনেহ’লে আজিয়েই বহুতে দোকানৰ পৰা অধিক মদ ক্ৰয় কৰি চোৰাং বিক্ৰীৰ বাবে মজুত কৰিব৷ পাছত সাংবাদিকেই বাতৰি কৰিব মদ বন্ধ ভেকোঁভাওনা  হ’ল বুলি৷ বাস্তৱত পূজাত মদ বন্ধ কৰাটো সম্ভৱ নহয়৷ কিয়নো বহুত জনজাতীয় লোকে পৰম্পৰাগতভাৱে মদ খোৱাৰ নিয়ম আছে৷ বহুতে ধৰ্মীয় কামতো মদৰ ব্যৱহাৰ কৰে৷ কেতিয়াবা কামাখ্যা মাৰ মন্দিৰতো মদৰ ব্যৱহাৰ কৰোঁ৷ এই বিষয়টোৰ সন্দৰ্ভত ঘপকৈ সিদ্ধান্ত লোৱাৰ কথা নহয়৷ কিবা কাৰণত যদিহে বন্ধ দিয়াটো ভাল হয় বুলি সকলোৱে ভাৱে, আমি এক্সিডেণ্ট পইণ্ট অৱ ভিউৰ পৰা তাক চাব পাৰোঁ৷ ৰাইজে যদি ড্ৰাই ডে’ দিয়াটো বিচাৰে, তেনেহ’লে আমাৰ আপত্তি নাই৷ কিন্তু এইবিলাক বিষয় আলাপ-আলোচনাৰ মাজেৰে সিদ্ধান্ত ল’লে ভাল৷ এনেই আগতে পূজাত এদিন ড্ৰাই ডে’ থাকে৷