Logo
image

মণ্ডপে মণ্ডপে সাজু চন্দ্ৰযান

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ অক্টোবৰঃ আজি মহা ষষ্ঠী৷ ঢাকৰ শব্দত প্ৰাণ পাই উঠিব মহিষমৰ্দিনী মা দেৱী দুৰ্গাই৷ বেলবৰণৰে দশভূজা দেৱী দুৰ্গাক বেদিত স্থাপিত কৰাৰ লগে লগে আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ৷ দুৰ্গা পূজাক লৈ এতিয়া যেন ব্যস্ততাৰ অন্ত নাই আয়োজক সমিতিসমূহৰ৷ লাখ লাখ টকা বাজেটেৰে আয়োজকসকলে আটকধুনীয়াকৈ সজাই তুলিছে পূজাৰ মণ্ডপসমূহ৷ একপ্ৰকাৰ পূজাৰ মণ্ডপক লৈ অঘোষিত প্ৰতিযোগিতাত ব্যস্ত হৈ পৰিছে আয়োজকসকল৷ কোনো আয়োজক সমিতিয়েই নিজ নিজ পূজা মণ্ডপসমূহ আকৰ্ষণীয়কৈ সজাই তোলাত অলপো কৃপণালি কৰা নাই৷ ক’ৰবাত যদি আয়োজক সমিতিয়ে বৃন্দাবনৰ চন্দ্ৰোদয়া মন্দিৰৰ আৰ্হিত মণ্ডপ সাজি ভক্ত-দৰ্শনাৰ্থীক চমক দিবলৈ সাজু হৈছে, আন ক’ৰবাত আকৌ ৰং-বিৰঙৰ আলোকসজ্জাৰে  উজ্বলাই তুলিছে পূজাৰ মণ্ডপ৷ অৱশ্যে অসমত এইবাৰ পূজা মণ্ডপসমূহৰ অন্যতম আকৰ্ষণ হৈ পৰিছে চন্দ্ৰযান-৩৷ মহাকাশ বিজ্ঞানত ইতিহাস ৰচি ভাৰতে উৎক্ষেপণ কৰা চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা দৃশ্যক পূজা মণ্ডপসমূহত অন্যতম থিম হিচাপে উপস্থাপন কৰিছে৷ বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি সমগ্ৰ অসমতে এইবাৰ ১৫খন পূজা মণ্ডপ চন্দ্ৰযানৰ আৰ্হিত সজাই তোলা হৈছে৷ ইয়াৰ ভিতৰত অন্যতম হৈছে গুৱাহাটীৰ বেলতলাৰ লক্ষী মন্দিৰ দুৰ্গা পূজা৷ বেলতলাৰ লক্ষী মন্দিৰ পূজাৰ মণ্ডপ চন্দ্ৰযানৰ আৰ্হিত নিৰ্মাণ কৰা নাই যদিও চন্দ্ৰযান-৩ৰ বিশেষ কাৰুকাৰ্য প্ৰদৰ্শন কৰিব৷ বেলতলাৰ লক্ষীমন্দিৰ পূজাৰ উদ্যোক্তাসকলে প্ৰতিবছৰে বিভিন্ন চমক সৃষ্টি কৰি অহাত এইবাৰ চন্দ্ৰযান-৩ক বিশেষভাৱে উপস্থাপন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷ ইয়াৰ বিপৰীতে কাজিৰঙাৰ কঁহৰাৰ বাৰোৱাৰী দুৰ্গা পূজাত চন্দ্ৰযান-৩ৰ আৰ্হিৰে তোৰণ নিৰ্মাণ কৰা দেখা গৈছে৷ একেদৰে ডিফুৰ ধৰমনলাত চন্দ্ৰযান-৩ৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰাৰ বিপৰীতে দৰঙৰ খাৰুপেটীয়াৰ টাইগাৰ ক্লাবৰ পূজা মণ্ডপতো চিত্ৰশিল্পী আলী হাইদৰৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে চন্দ্ৰযান-৩য়ে৷ ইফালে, বাগ্‌সা আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী মধ্য কাটাঝাৰ শ্ৰীশ্ৰী শাৰদীয় দুৰ্গা পূজাতো চন্দ্ৰযান-৩ৰ আৰ্হিত সাজি উলিয়াইছে পূজা মণ্ডপ৷ নগাঁওবাসীয়েও দেখা পাব চন্দ্ৰযান-৩৷ নগাঁৱৰ ৰণথলীৰ ডুগডুগী দুৰ্গা পূজা মণ্ডপ এইবাৰ চন্দ্ৰযানৰ আৰ্হিত সাজাই তোলা হৈছে৷ একেদৰে দেৰগাঁৱৰ দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱত ১৮ লাখ টকা ব্যয়ৰে ৯০ ফুট উচ্ছতাৰ চন্দ্ৰযান-৩ৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰাৰ লগতে লামডিং বজাৰৰ ঠাকুৰবাড়ী ৰোড দুৰ্গা পূজাৰ মণ্ডপো চন্দ্ৰযানৰ আৰ্হিত সজাই তোলা হৈছে৷ চন্দ্ৰযানে চমক সৃষ্টি কৰাৰ পৰা বাদ পৰি ৰোৱা নাই ধুবুৰী চহৰো৷ ধুবুৰীৰ শান্তি নগৰ পূজা কমিটীয়েও চন্দ্ৰযান ৩ৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷ ইফালে, তীৰ্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত অনুষ্ঠিত দুৰ্গোৎসৱৰ মূল আকৰ্ষণ হ’ব যন্ত্ৰচালিত চন্দ্ৰযান৷ গোৱালপাৰাৰ মৰনৈ বেবেজীয়াতো ব্যৱসায়ী সন্থাই আয়োজন কৰা পূজাৰ মণ্ডপ চন্দ্ৰযান-৩ৰ আৰ্হিত সজাই তুলিছে৷ গুৱাহাটীৰ সমীপৱৰ্তী চাংসাৰি পূজাতো চন্দ্ৰযান-৩ৰ আৰ্হিত নিৰ্মাণ কৰিছে পূজাৰ মণ্ডপ৷ মহানগৰীৰ গড়ল তালুকৰ শাৰদীয় দুৰ্গা পূজাতো এইবাৰ আলোকসজ্জাৰে প্ৰদৰ্শন কৰিব চন্দ্ৰযান-৩৷ মুঠৰ ওপৰত এইবাৰ শদিয়াৰ পৰা ধুবুৰীলৈ ভক্ত-দৰ্শনাৰ্থীয়ে দুৰ্গা পূজাত শ্ৰীহৰিকোটাৰ পৰিৱৰ্তে অসমতে দেখা পাব চন্দ্ৰযান-৩৷

ডিফুত চন্দ্ৰযান-৩ৰ আৰ্হিত পূজা মণ্ডপ

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ এইবাৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা নহয়, এইবাৰ চন্দ্ৰযান উৎক্ষেপণ কৰা হ’ব পাহাৰীয়া চহৰ ডিফুৰ পৰা৷ ডিফুৰ ধৰমনলাত চন্দ্ৰযান-৩ৰ আৰ্হিত নিৰ্মিত পূজা মণ্ডপ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ শক্তি নাশিনী, দহভোজ দেৱীক পূজাৰ  মাজেৰেই দেশৰ মহাকাশ বিজ্ঞানৰ ইতিহাস বহনকাৰী গৌৰৱোজ্জ্বল এই বিশেষ ক্ষণটোক এনেদৰেই পূজাৰ মণ্ডপৰ জৰিয়তে ধৰি ৰখাৰ প্ৰয়াস কৰিছে উদ্যোক্তাসকলে৷ আধ্যাত্মিকতাৰ সৈতে বিজ্ঞানৰ সংমিশ্ৰণ ঘটাই আকৰ্ষণ বৃদ্ধি কৰা এই পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে ডিফুৰ ধৰমনলাৰ চন্দ্ৰছিং টেৰণ হাইস্কুলৰ বাকৰিত৷