Logo
image

বি বৰুৱা কলেজলৈ ‘নাক’ৰ এ++

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ অক্টোবৰঃ ৰাষ্ট্ৰীয় মূল্যাংকন আৰু স্বীকৃতি পৰিষদৰ [নাক] ফলাফলত ইতিহাস সৃষ্টি কৰিলে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ে৷ বৃহস্পতিবাৰে ঘোষণা কৰা ‘নাক’ৰ ফলাফল অনুসৰি, বি বৰুৱা কলেজে এ++ গ্ৰেড লাভ কৰিছে৷ চিজিপিএ ৩.৬২ নম্বৰেৰে উত্তৰ-পূৰ্বাঞ্চলৰ চৰকাৰী প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহৰ ভিতৰত সৰ্বোচ্ছ স্থান লাভ কৰিছে বি বৰুৱা কলেজে৷ কেৱল সেয়ে নহয়, সৰ্বভাৰতীয় ক্ষেত্ৰত ২০২২-২৩ বৰ্ষত চিজিপিএ হিচাপত মহাবিদ্যালয়সমূহৰ ভিতৰত বি বৰুৱা কলেজে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে মহাবিদ্যালয়-বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অষ্টম স্থান লাভ কৰিছে৷ উল্লেখ্য, ১৯৪৩ চনৰ পৰাই বি বৰুৱা কলেজে অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতি, সমাজ আৰু ৰাজনৈতিক জগতত বিশেষ স্থান দখল কৰি আহিছে৷ চলিত বৰ্ষৰ ১২ আৰু ১৩ অক্টোবৰ তাৰিখে হৈ যোৱা ‘নাক’ৰ মূল্যাংকনৰ ফলাফলে বি বৰুৱা কলেজৰ গৰিমাময় ইতিহাস আৰু অধিক সমৃদ্ধ কৰিলে৷ অধ্যাপক হৃদয়শংকৰ সিংহৰ নেতৃত্বত অহা ‘নাক’ৰ তিনিজনীয়া দলটোৰ আন দুজন সদস্য আছিল অধ্যাপক ৰবীন্দ্ৰ কুমাৰ শুক্লা আৰু মুৰুলীধৰ কুৰহাৰ৷ দুদিনীয়া কাৰ্যসূচীৰে বি বৰুৱা কলেজত উপস্থিত হৈ ‘নাক’ৰ দলটোৱে তৎপৰতাৰে সকলো দিশ নিৰীক্ষণ কৰে৷ ‘নাক’ৰ ফলাফল ঘোষণা হোৱাৰ লগে লগেই বি বৰুৱা কলেজ চৌহদত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে বহু শুভাকাংক্ষী আৰু অভিভাৱকৰ উপৰি বহুসংখ্যক ছাত্ৰ-ছাত্ৰী কলেজত উপস্থিত হৈ কাৰ্যতঃ বিজয়োৎসৱ পালন কৰে৷ এই সাফল্যৰ বাবে বি বৰুৱা কলেজৰ অধ্যক্ষ ড॰ সত্যেন্দ্ৰনাথ বৰ্মনক সকলোৱে ধন্যবাদ জনাই কয় যে ড॰ বৰ্মনৰ নেতৃত্বত বি বৰুৱা কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীকে ধৰি বৃহত্তৰ পৰিয়ালটোৱে যিধৰণে সেৱা আগবঢ়ালে, তাৰ ফলত ‘নাক’ৰ মূল্যাংকনত মহাবিদ্যালয়খনে কাৰ্যতঃ ইতিহাস সৃষ্টি কৰিলে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে টুইটযোগে এই সফলতাৰ বাবে বি বৰুৱা কলেজৰ অধ্যক্ষ ড॰ সত্যেন্দ্ৰনাথ বৰ্মন আৰু তেখেতৰ দলক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছে৷ বি বৰুৱা কলেজৰ এই সাফল্যত কলেজ পৰিয়ালৰ উপৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উৎফুল্ল হৈ পৰিছে৷