Logo
image

ভোট আহিছে, ৰাজ্যৰ ৰাজনীতিত বান্দৰৰ পিঠা ভগোৱাৰ সাধু

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ অক্টোবৰঃ সন্মুখত লোকসভাৰ নিৰ্বাচন৷ শাসকীয় দল বিজেপিয়ে এই নিৰ্বাচনত ১৪টা সমষ্টিৰ ভিতৰত ১২টাই নিজৰ দখললৈ আনিব বুলি দৃঢ়তাৰে দাবী কৰি আছে৷ কিন্তু এইপৰ্যন্ত এটা কথা স্পষ্ট হোৱা নাই যে দুই মিত্ৰদল অগপ আৰু ইউপিপিএলক বিজেপিয়ে কেইখনকৈ আসন এৰি দিব৷ বিজেপিৰ মিত্ৰদল অগপই লোকসভাৰ আগন্তুক নিৰ্বাচনত ৫ টা সমষ্টি নিজৰ বাবে বিচাৰিছে বিজেপিৰ পৰা৷ ইতিমধ্যে অগপ নেতৃত্বই এই ৫টা সমষ্টিৰ তালিকা বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ ওচৰত দাখিল কৰিছে৷ কিন্তু এইপৰ্যন্ত বিজেপিয়ে স্পষ্টভাৱে কোৱা নাই যে মিত্ৰদল অগপক তেওঁলোকে কেইখন আসন এৰি দিব৷ ইয়াৰ পৰিৱৰ্তে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ স্পষ্ট মত যে এইপৰ্যন্ত অগপক দিবলগীয়া আসনক লৈ কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই৷ বিজেপিৰ এই ভূমিকাক লৈ ইতিমধ্যে উদ্বিগ্ন হৈ পৰিছে অগপৰ একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশী৷ বিজেপিৰ এক সূত্ৰৰ মতে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি দুটা অগপক এৰি দিয়াৰ পক্ষপাতী দলটোৰ ৰাজ্যিক নেতৃত্ব৷ অৱশ্যে আসন এৰি দিয়া সন্দৰ্ভত মত প্ৰকাশ কৰি সভাপতি ভৱেশ কলিতাই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কয়– এতিয়ালৈ আমাৰ আসন ভাগ-বটোৱাৰা হোৱা নাই৷ বিজেপি দলে কোনকেইটা সমষ্টিত খেলিব, অগপ বা ইউপিপিএলক কোনটো সমষ্টি এৰি দিয়া হ’ব সেই সন্দৰ্ভত এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই৷ মুখ্যমন্ত্ৰীয়ে কৈছে যে চাৰে এঘাৰটা সমষ্টিত আমি জিকিম৷ মানে ১২টা সমষ্টিতে আমি জিকিম৷ বাকী দুটা সমষ্টিৰ বাবেও আমি চেষ্টা কৰিম৷

‘বিৰোধীৰ মিত্ৰতা আদৰ্শগত নহয়’

‘আমাৰ অসম’ৰ ভৱানীপুৰৰ প্ৰতিবেদকঃ ‘বিজেপি দল আৰু বিজেপিৰ নেতৃত্বত গঠিত চৰকাৰ বটবৃক্ষৰ দৰে৷ বিজেপি দলৰ পৰিৱেশ ফলে-ফুলে জাতিষ্কাৰ৷ বটবৃক্ষৰ ছাঁৰ দৰে মানুহক শান্তি আৰু নিৰাপত্তা দিছে বিজেপিয়ে৷’ –এইদৰে কয় বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভৱেশ কলিতাই৷ আজি সৰুপেটাত ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ বিজেপিৰ স্থায়ী কাৰ্যালয় উদ্বোধনৰ মুকলি সভাত মুখ্য অতিথিৰ ভাষণত তেওঁ কয়– ‘নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত৷’ সৰুপেটাৰ মিলন মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ভৱানীপুৰৰ বিজেপি নেতা কিশোৰ কুমাৰ ডেকা, বুদ্ধদেৱ পাটগিৰি আৰু নাগেশ কুমাৰ বৈশ্যই আঁত ধৰা তথা পৰিচালনা কৰা সভাৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে অসম মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ সভাত বিধায়ক ফণীধৰ তালুকদাৰে তেওঁৰ ভাষণত কয়– ‘বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত অসমৰ তথা সমগ্ৰ ভাৰতবৰ্ষৰ জনজীৱনৰ অৰ্থনৈতিক দিশৰ উন্নয়ন হৈছে৷ বিজেপিৰ দ্বাৰা সৃষ্টি হোৱা উন্নয়নৰ ধাৰা কোনেও ৰোধ কৰিব নোৱাৰে৷’ সভাত বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰীয়েও ভাষণ দিয়ে৷ সভাত  বিতোপন ৰয়, ধনেশ্বৰ তালুকদাৰ, মামণি পাটগিৰি, সঞ্জিৎ নাথ, ৰঞ্জিত শালৈ, বৰ্ষীয়ান নেতা বিপুলানন্দ শৰ্মায়ো অতিথিৰূপে উপস্থিত থাকে৷ আনহাতে কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত ভৱেশ কলিতাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে বিৰোধীক চোকা সমালোচনা কৰি কয়– ‘ভূপেন বৰাই বৰপেটা বা ধুবুৰীত লোকসভা নিৰ্বাচন খেলিলে ভাল হয়৷ যিহেতু তেওঁ এজন সাংসদো নহয়৷ ধুবুৰীত নিৰ্বাচন খেলিলে অন্ততঃ সাংসদ এজন হ’ব পাৰিব৷’ ভৱেশ কলিতাই বিৰোধীক অধিক চোকা সমালোচনাৰে কয়– ‘বিৰোধীৰ মিত্ৰতা আদৰ্শগত মিত্ৰতা নহয়৷ তেওঁলোকৰ লক্ষ্য কেৱল শাসন কৰিব লাগে আৰু শোষণ কৰিব লাগে৷ কংগ্ৰেছৰ নেতৃত্বত ৰাষ্ট্ৰীয় পৰ্যায়তো বিৰোধীয়ে মিত্ৰতা কৰিছে, অসমতো কৰিছে৷ ২০১৯তো অসমত মহাজোঁটৰ মিত্ৰতা হৈছিল৷ ২০২১তো মহাজোঁট গঠন কৰিছিল৷ বিৰোধীৰ মিত্ৰতা থানবান, অসাৰ, শূন্য হ’ব৷’ উল্লেখ্য, আজি বিজেপি দলৰ ভৱানীপুৰ-সৰভোগ সমষ্টি ভিত্তিক নৱনিৰ্মিত স্থায়ী কাৰ্যালয় ভৱনটো ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰৰ উপস্থিতিত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ কাৰ্যালয় উদ্বোধনী তথা মুকলি সভাত কণ্ঠশিল্পী সম্ৰাট কুমাৰ সাহা ৰয়, ভৱানীপুৰ-সৰুপেটা অঞ্চলৰ প্ৰাক্তন সৈনিক, কৃষকসহ দুই শতাধিক লোকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷