Logo
image

পৰ্যটকৰ বাবে মুকলি কৰা হ’ল পবিতৰা অভয়াৰণ্য

আমাৰ অসমৰ জাগীৰোডৰ বিশেষ প্ৰতিবেদক; ২০ অক্টোবৰঃ বহু অপেক্ষাৰ অন্তত আজি মুকলি হ'ল পবিতৰা অভয়াৰণ্য । দেশী-বিদেশী পৰ্যটকৰ বাবে এই বৰ্ষত সাজু কৰি তুলিছে ২০ খন জীপ ছাফাৰী আৰু ১৩ টাকৈ বিভাগীয় হাতী ছাফাৰী । এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যত ফিতা কাটি হাতী ছাফাৰীৰ আমেজ লয় বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ অভয়াৰণ্যখনত সম্প্ৰতি ১০৭ টা গঁড়, পাঁচ শতাধিক বনৰীয়া মহ, সহস্ৰাধিক বন গাহৰিৰ উপৰিও প্ৰায় ৩৮৫ টা প্ৰজাতিৰ দেশীয়-বিদেশীয় পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰে ৷ বহু প্ৰতীক্ষাৰ অন্তত আজি এক উখল-মাখল পৰিৱেশৰ মাজতে মুকলি হ'ল অভয়াৰণ্যখন ৷ অনুষ্ঠানত বনমন্ত্ৰীগৰাকীক সংগ দিয়ে জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা, জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ, বন বিভাগৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া আৰু জিলা প্ৰশাসনৰ লোকসকলে ৷