Logo
image

তিতাবৰত আৰক্ষী থানাৰ সমীপৰ পৰাই ছাত্ৰ নেতাৰ বাইক চুৰি

ডিজিটেল সংবাদ, তিতাবৰঃ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫:৪০ বজাত তিতাবৰ আৰক্ষী থানাৰ পৰা মাত্ৰ কেইমিটাৰমান নিলগৰ গড়আলি পথৰ ব্যৱসায়িক স্থলীৰ পৰা শিলিখাবাৰীৰ ৰাজীৱ শৰ্মাৰ এএছ ০৩ কে ৪৮৩৪ নম্বৰৰ ৰঙা ৰঙৰ এখন হিৰ' ছুপাৰ স্পেলেণ্ডাৰ লৈ উধাও হয় চোৰ। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতিৰ দায়িত্বত থকা ৰাজীৱ শৰ্মাই মটৰ চাইকেলখন নিজা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সমীপতে মটৰ চাইকেলৰ হেণ্ডেলত তলা লগাই ৰাখিছিল বুলি তেওঁ জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে তেওঁ তিতাবৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ ইপিনে দুৰ্গা পূজাৰ প্ৰাৰম্ভতে আৰক্ষী থানাৰ সমীপৰ পৰাই বাইক চুৰি কাণ্ডই শংকিত কৰি তুলিছে ৰাইজক। আৰক্ষীক চোৰৰ বিৰুদ্ধে অচিৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ।