Logo
image

গোলাঘাটত দুৰ্গা পূজা সমিতিক চৰকাৰৰ আৰ্থিক অনুদান

ডিজিটেল সংবাদ, গোলাঘাটঃ দুৰ্গা পূজা সমিতিসমূহত চৰকাৰে আৰ্থিক অনুদান আগবঢ়াব বুলি ঘোষণা কৰাৰ পিছত শুকুৰবাৰে গোলাঘাট জিলাত তিনি বছৰ সম্পূৰ্ণ কৰা দুৰ্গা পূজা সমিতিসমূহক আৰ্থিক অনুদান আগবঢ়োৱা হয়৷ গোলাঘাট পৌৰসভা কাৰ্যলয়ৰ সভাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওঁগে গোলাঘাটৰ প্ৰায় ৫৪ খন পূজা সমিতিক চেক বিতৰণ কৰে৷ এই চেক বিতৰণ অনুষ্ঠানত গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, গোলাঘাটৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন, গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া ঋষিকেশ বৰুৱা, পৌৰসভাৰ বিষয়াসকলৰ লগতে পূজা সমিতি সমূহৰ সভাপতি, সম্পাদকসকল উপস্থিত থাকে।