Logo
image

গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ চাৰ্জশ্বিট দাখিল

ডিজিটেল সংবাদ, গোলাঘাটঃ যোৱা ২৪ জুলাইত গোলাঘাটৰ হিন্দী হাইস্কুল ৰোডত সংঘটিত ৰাজ্যজুৰি  শিহৰণ সৃষ্টি কৰা ত্ৰিপুল মাৰ্ডাৰৰ কাণ্ডৰ গোলাঘাট সদৰ থানাত পঞ্জীভূত ২০০/২০২৩ নং গোচৰৰ চাৰ্জশ্বিট শুকুৰবাৰে গোলাঘাট আৰক্ষীয়ে আদালতত দাখিল কৰে। নিৰ্ধাৰিত ৯০ দিনৰ সময়সীমাৰ তিনিদিনৰ পূৰ্বেই আৰক্ষীয়ে  অভিযুক্ত মঃ নাজিবুৰ ৰহমান বৰা(২৫), মঃ হিবজুৰ ৰহমান বৰা(৩১) ওৰফে  পাপু  আৰু চালেহা বেগমৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ আইনৰ ৪৪৮ ,৩০২ ,৪৪৯,১০৯ ধাৰাৰ অন্তৰ্গত ৪৮ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে। 

ইয়াৰে হিবজুৰ ৰহমান বৰা হৈছে নাজিবুৰ ৰহমান বৰাৰ জেষ্ঠ ভাতৃ আৰু চালেহা বেগম হৈছে নাজিবুৰৰ ৰহমান বৰাৰ মাতৃ। বৰ্তমান তিনিও অভিযুক্ত জে'লত আছে। শুকুৰবাৰে সন্ধিয়া গোলাঘাট সদৰ আৰক্ষী থানাত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে আৰক্ষী অধীক্ষকৰাজেন সিঙে। আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলত গোচৰৰ তদন্তৰ কালত ৪৮ জন সাক্ষীৰ জৱানবন্দি লোৱাৰ লগতে ৪২টা প্ৰদৰ্শক সংগ্ৰহ কৰি চাৰ্জশ্বিটৰ লগত দাখিল কৰিছে বুলিও জানিবলৈ দিছে । সংবাদমেলত জনোৱা মতে, তদন্তৰ সময়ত এই শিহৰণকাৰী হত্যাকাণ্ডত ব্যৱহৃত মাৰণাস্ত্ৰ ২৫ জুলাই তাৰিখে অভিযুক্তই দেখুৱাই দিয়া মতে আৰক্ষীয়ে উদ্ধাৰ কৰে। 

অভিযুক্তই ব্যৱহাৰ কৰা মাৰণাস্ত্ৰ আৰু যাৱতীয় নথি-পত্ৰসমূহৰ পৰীক্ষাৰ প্ৰতিবেদন কাহিলীপাৰাস্থিত ৰাজ্যিক ফৰেনচিক লেবৰেটৰীৰ পৰা সংগ্ৰহ কৰাৰ লগতে হায়দাৰাবাদৰ চেণ্টাৰ ফৰ ডিএনএ ফ্ৰিংগাৰ প্ৰিন্টিং এণ্ড ডাইগেনিচৰ পৰা ১৩ দিনৰ ভিতৰতে আনিবলৈ সক্ষম হৈছিল বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ এগৰাকী অতিৰিক্ত মহাধিবক্তা গোচৰৰ বিশেষ চৰকাৰী অধিবক্তা হিচাপে নিয়োজিত হ'বলৈ আবেদন জনাইছে গোলাঘাট আৰক্ষীয়ে। ইতিমধ্যেই বিশেষ চৰকাৰী অধিবক্তা হিচাপে গোলাঘাটৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা দূৰ্গাপ্ৰসাদ জয়ছোৱালক নিয়োগ কৰিছে বুলি জানিব পৰা গৈছে। গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) মৃন্ময় দাস আৰু গোলাঘাট সদৰ থানাৰ আৰক্ষী বিষয়া জিতুমনি বৰাৰ নেতৃত্বত ৰাজ্য চৰকাৰে এই হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা বিশেষ দলটোত আছিল আৰক্ষী বিষয়া ক্ৰমে বিতোপন চুতীয়া, কৌস্তুভমণি গগৈ,বৰ্ষা দেউৰী, চন্দন জ্যোতি শইকীয়া, সন্ধিৰাম বৰুৱা আৰু জিতু কুমাৰ দাস। 

সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীৰ উপৰিও উপস্থিত আছিল অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) মৃন্ময় দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক (আইন) জন দাস, উপ-আৰক্ষী অধীক্ষক সুভাষ বৈশ্য, সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকা । উল্লেখ্য যে এই হত্যাকাণ্ডৰ সূত্ৰপাত হৈছিল ২০২০ চনত। সেই সময়ত অভিযুক্ত নাজিবুৰ ৰহমান বৰাই নিজকে ৰিমন বৰা হিচাপে পৰিচয় দি সঞ্জীৱ ঘোষৰ জেষ্ঠ কন্যা সংঘমিত্ৰা ঘোষৰ সৈতে চিনা পৰিচয় হৈছিল। পৰিয়ালৰ অলক্ষিতে লাহে লাহে দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়ে আৰু ২০২০ চনৰ ৩ অক্টোবৰত সংঘমিত্ৰা ঘোষে ফাইন আৰ্টছৰ এটা পৰীক্ষা দিবলৈ বোকাখাট লৈ যাওতে প্ৰথমবাৰৰ বাবে নাজিবুৰে সংঘমিত্ৰাক পলুৱাই নাছিল। নাজিবুৰে প্ৰথমে সংঘমিত্ৰাক কিছু দিন বঙাইগাঁৱত ৰাখি জোৰ-জুলুমকৈ ক'ৰ্ট মেৰেজ কৰোৱাৰ কাগজত চহী লৈছিল। তাৰপাছত নাজিবুৰে সংঘমিত্ৰাক কলিকতালৈ নি বিবাহ পাশত আৱদ্ধ হৈছিল। ইফালে সংঘমিত্ৰা নোহোৱা হোৱাৰ পাছতে পিতৃ সঞ্জীৱ ঘোষ আৰু মাতৃ জুন ঘোষে গোলাঘাট সদৰ থানাত অপহৰণৰ এক গোচৰ দাখিল কৰে। তেনে সময়তে সংঘমিত্ৰাই তেওঁৰ এজন বন্ধুক ফোন কৰি সমগ্ৰ ঘটনা বিবৰণ দিয়াত বন্ধুগৰাকীয়ে বিষয়টো সঞ্জীৱ ঘোষৰ পৰিয়ালক অৱগত কৰে। সেই অনুসৰি সঞ্জীৱ ঘোষৰ পৰিয়ালে গোলাঘাট আৰক্ষীৰ সহযোগত কলিকতাৰ বুড বুড অঞ্চলৰ পৰা সম্পূৰ্ণ ১৯ দিনৰ পাছত সংঘমিত্ৰাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

কিন্তু সেই সময়ত সংঘমিত্ৰাৰ শাৰিৰীক অৱস্থা সুস্থ নাছিল বুলি মন্তব্য কৰি সংঘমিত্ৰাৰ ভগ্নী অংকিতা ঘোষে কয় যে কেতিয়াও চুপাৰি এটুকুৰা নুখুৱা সংঘমিত্ৰাই উদ্ধাৰৰ পাছত ড্ৰাগছ, চিগাৰেট আদি বিচাৰি চিৎকাৰ কৰিবলৈ ধৰে৷ যাৰ ফলত তেওঁলোকৰ পৰিয়ালে এই কথা স্পষ্টভাৱে বুজি উঠিছিল যে সংঘমিত্ৰাই নিয়মিত ড্ৰাগছ সেৱনৰ এটা অভ্যাস গঢ়ি উঠিছিল। ভগ্নী অংকীতাই দাবী কৰা মতে, নাজিবুৰে সংঘমিত্ৰাক তেওঁৰ পিতৃ-মাতৃ আৰু ভগ্নীক মাৰি পেলোৱাৰ ভাবুকিৰে বলপূৰ্বক বিয়া কৰোৱাৰ লগতে ড্ৰাগছ সেৱন কৰোৱাই পৰিয়ালৰ মানুহ সংঘমিত্ৰাই চিনি নোপোৱাৰো এক পৰিবেশ ৰচনা কৰিছিল। ইয়াৰ পাছত কিছু দিন সংঘমিত্ৰাই পিতৃ গৃহত থাকি ২০২১ চনৰ মাৰ্চ মাহত স্থানীয় এখন মহাবিদ্যালয়ত বেকলগৰ পৰীক্ষা দিবলৈ গৈ ঘূৰি অহাৰ পথতে পুনৰ দ্বিতীয়বাৰৰ বাবে নাজিবুৰে সংঘমিত্ৰাক পুনৰ পলুৱাই নিয়ে। 

সেইবাৰ সঞ্জীৱ ঘোষৰ পৰিয়ালে পুনৰ সংঘমিত্ৰাক ঘূৰাই অনাৰ চেষ্টা কৰে যদিও সংঘমিত্ৰাই নাজিবুৰৰ লগতে থকাৰ কথা কোৱাত পৰিয়ালটোৱে নিজ কন্যাক ঘূৰাই আনিবলৈ সক্ষম নহয়। পাছত সংঘমিত্ৰাৰ মাতৃ জুন ঘোষে সংঘমিত্ৰাই তেওঁলোকৰ ঘৰৰ পৰা সামগ্ৰী চুৰি কৰা বুলি নিজ কন্যাৰ বিৰুদ্ধে গোলাঘাট সদৰ থানাত এক এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সংঘমিত্ৰাক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে। প্ৰায় ১ মাহ জে'লত থকাৰ অন্তত পুনৰ সঞ্জীৱ ঘোষৰ পৰিয়ালে সংঘমিত্ৰাক নিজৰ জিম্মালৈ আনি ডিমাপুৰত কিছুদিন ৰাখি পুনৰ গোলাঘাটলৈ ঘূৰাই আনে বুলি অংকিতাই জানিবলৈ দিয়ে। ইয়াৰ পাছত সংঘমিত্ৰাই পুনৰ ২০২২ চনৰ জানুৱাৰী ৩০ তাৰিখে ফাইন আৰ্টছৰ এটা পৰীক্ষা দিবলৈ যায়। সেই পৰীক্ষা দিবলৈ যাওতে পুনৰ নাজিবুৰ ৰহমানে সংঘমিত্ৰাক তৃতীয়বাৰৰ বাবে লগত লৈ উধাও হয়।

এইবাৰো পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে সংঘমিত্ৰাৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহয় বুলি অংকিতাই মন্তব্য কৰি কয় যে প্ৰায় এবছৰ দিন সংঘমিত্ৰাৰ সৈতে পিতৃ পৰিয়ালৰ কোনো যোগাযোগ নাছিল যদিও ২০২৩ৰ মাৰ্চ মাহত পুনৰ সংঘমিত্ৰা পিতৃ গৃহলৈ উভতি আহে। এটি পুত্ৰ সন্তানসহ পিতৃ গৃহলৈ আহি সংঘমিত্ৰাই ২০২৩ চনৰ ২১ মাৰ্চত নাজিবুৰ ৰহমানে তেওঁৰ ওপৰত শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱা বুলি গোলাঘাট থানাত এক গোচৰ দাখিল কৰে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে নাজিবুৰক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে। নাজিবুৰে কিছুদিন জে'লত থকাৰ পাছত মুকলি আকাশৰ তললৈ অহাৰ পাছৰে পৰা সময়ে সময়ে সঞ্জীৱ ঘোষৰ ঘৰলৈ গৈ সংঘমিত্ৰা আৰু তেওঁৰ পৰিয়ালৰ সৈতে কাজিয়া কৰা আৰম্ভ কৰে বুলি অংকিতাই দাবী কৰে। যাৰবাৰে এনে কাজিয়াৰ পৰা গৈয়ে  নাজিবুৰ ৰহমানে অতি নৃশংসভাৱে তিনিজনকৈ লোকক ঘপিয়াই হত্যা কৰা বুলি অংকিতাই অভিযোগ উত্থাপন কৰে। অংকিতাই লগতে কয় যে নাজিবুৰে প্ৰায়ে সংঘমিত্ৰাক তেওঁৰ পিতৃৰ পৰিয়ালটোৰ নিঃশেষ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰি অহাৰ বাবেই বাৰে বাৰে সংঘমিত্ৰাই অনিচ্ছা স্বত্ত্বেও নাজিবুৰ সৈতে যাবলৈ বাধ্য হৈছিল। আনহাতে পিতৃ গৃহত থকাৰ সময়ত নাজিবুৰে পোনপটীয়াকৈ সংঘমিত্ৰাৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল যদিও সংঘমিত্ৰাৰ পৰিয়ালৰ একাংশ লোক আৰু হিন্দী স্কুল পথৰ তেওঁলোকৰ একাংশ প্ৰতিৱেশীয়ে নাজিবুৰক সংঘমিত্ৰাৰ গতিবিধি সন্দৰ্ভত ডাৰৰ বাতৰি ডাৰে দি থাকে বুলি অংকিতাই দাবী কৰিছে। এইক্ষেত্ৰত মৃত ভগ্নী সংঘমিত্ৰাই জীৱিত অৱস্থাতে পিতৃ পৰিয়ালক জনাইছিল বুলি অংকিতাই জানিবলৈ দিয়ে।