Logo
image

আজি সপ্তমী উছৱমুখৰ পূজাস্থলী

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২১ অক্টোবৰঃ ৰাজ্যজুৰি আৰম্ভ হৈছে দুৰ্গতিনাশিনীৰ পূজা৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলে পৰম্পৰাগত বিধি অনুসৰি দেৱী দুৰ্গাৰ আৰাধনা কৰি আহিছে৷  শুকুৰবাৰে ষষ্ঠীৰ বেদীত বহিল দেৱী দুৰ্গা৷ পূজাৰীৰ মন্ত্ৰোচ্ছাৰণ, আয়তীৰ উৰুলি, ঢাক- শংখধবনিৰ সুললিত সমলয়ৰ মাজেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ল দুৰ্গতিনাশিনীৰ প্ৰতিমা৷ ইয়াৰ লগে লগে ভক্তৰ অধীৰ অপেক্ষাৰ অন্ত পৰিল আৰু ৰাজ্যজুৰি আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱ৷ শনিবাৰে মহাসপ্তমী৷ সমাজৰ অসূয়া-প্ৰীতি, মাৰি-মৰক, দুৰ্যোগ বিভীষিকা নাশ কৰি শান্তি আৰু সমৃদ্ধিৰ প্ৰাৰ্থনাৰে শনিবাৰে মহিষমৰ্দিনীৰ শ্ৰীচৰণত ভক্তসকলে পূজা–অৰ্চনা আগবঢ়াব৷ মহিষমৰ্দিনীৰ শ্ৰীচৰণত ধূপ, দ্বীপ, নৈবদ্য আগবঢ়াই দেশৰ, দহৰ মংগল কামনাৰে সেৱা জনাব৷ আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ৷ এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাঅষ্টমী, মহানৱমীত দেৱীক আৰাধনা কৰাৰ পাছত বিজয়া দশমীত দেৱীক অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়া হ’ব৷ এইবাৰ দেৱী দুৰ্গাৰ ঘোঁৰাত আগমন ঘটিছে আৰু ঘোঁৰাত গমন হ’ব৷ অপেক্ষাৰ অন্তত এইবাৰো ৰাজ্যজুৰি আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱ৷ এইবাৰ আড়ম্বৰপূৰ্ণভাৱে ৰাজ্যজুৰি অনুষ্ঠিত হৈছে দুৰ্গোৎসৱ৷ এইবাৰ বিগ বাজেটেৰে আৰু নানা থিম লৈ অনুষ্ঠিত হৈছে দুৰ্গাপূজা৷ বছৰজোৰা অপেক্ষাৰ অন্তত এইবাৰ ৰাজ্যজুৰি প্ৰায় সহস্ৰাধিক আৰু গুৱাহাটী মহানগৰীত ৫৪২খন পূজা সমিতিক প্ৰশাসনে যাৱতীয় বিধি অনুসৰি পূজা আয়োজনৰ অনুমতি দিছে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দুৰ্গা পূজাৰ মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই তোলা হৈছে৷  গুৱাহাটী মহানগৰীখনো আটক ধুনীয়াকৈ সজাই তোলা হৈছে৷ বিগত বৰ্ষৰ দৰে এইবেলিও দক্ষিণ শৰণীয়া গান্ধীমণ্ডপ পথৰ শ্ৰীশ্ৰী দুৰ্গামন্দিৰৰ প্ৰাংগণত ২০-২৪ অক্টোবৰলৈ পাঁচদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে দুৰ্গাপূজা উদযাপন কৰিব৷ পূজা পৰিচালনা কৰাৰ বাবে এখন পৰিচালনা সমিতি গঠন কৰে৷ পূৱ গুৱহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, স্থানীয় পাৰিষদ মেঘনা হাজৰিকাক পৃষ্ঠপোষক, দুৰ্গা প্ৰসাদ ডেকাক সভাপতি, পৰেশ মহন্তক কাৰ্যকৰী সভাপতি, জয়ন্ত শৰ্মাক সম্পাদক হিচাপে লৈ পূজা পৰিচালন সমিতি গঠন কৰা হয়৷ সম্পাদক জয়ন্ত শৰ্মাই জানিবলৈ দিয়া অনুসৰি, আজি ষষ্ঠী পূজাৰ দিনা দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস৷ সপ্তম পূজাৰ পৰা নৱমী পূজালৈ দিনৰ ভাগত  সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে পূজাভাগ অনুষ্ঠিত হ’ব৷ দুপৰীয়া প্ৰতিদিনে ভক্তৰ বাবে ভোগৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে পূজাৰ প্ৰতিমা দান কৰে জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপে৷ আনহাতে ২৮ অক্টোবৰ শনিবাৰে শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু ১২ নবেম্বৰত শ্ৰীশ্ৰী কালী পূজা অনুষ্ঠিত হ’ব বুলি সমিতিয়ে জনায়৷ বৃহস্পতিবাৰে ছাত্ৰীবাৰী সাৰ্বজনীন দেৱপূজাস্থান সমিতিয়ে আয়োজন কৰা দুৰ্গোৎসৱ এইবেলি  গ্ৰমোফোন আৰু টেলিভিছন থিম হাতত লৈ দূৰদৰ্শন আৰু আকাশবাণী দুটা কাৰ্যালয় বনোৱা হৈছে৷ পুৰণি টেলিভিছনৰ ভিতৰত মা দুৰ্গাক স্থাপন কৰা হ’ব লাইটিঙৰ জৰিয়তে৷ লগতে পুৰণি স্মৃতি ঘূৰাই অনাৰ বাবে গ্ৰমোফোন ৰেডিঅ’ কেছেট আৰু বহুতো সজাই পৰাই ৰখাৰ ব্যৱস্থা কৰা হৈছে৷  বৃহস্পতিবাৰে সন্ধিয়া ৭-৩০ বজাত পূজামণ্ডপৰ থিম উদ্বোধন কৰিছে বোলছবি নিৰ্মাতা অভিনেতা যতীন বৰাই৷ পূজাৰ লগত সংহতি ৰাখি ‘দেৱী’ আলোচনী উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকা আৰু বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ দয়ানন্দ পাঠক, নাট্যকাৰ তথা প্ৰাক্তন আৰক্ষী বিষয়া প্ৰফুল্ল বৰ্মন, আকাশ বাণী গুৱাহাটীৰ  ৰবীন বড়ো উপস্থিত থাকে৷  গুৱাহাটীৰ বিষ্ণুপুৰ, ভাস্কৰ নগৰ, বিমল নগৰ, পাণ্ডুৰ আজাদ হিন্দ ক্লাব, জয় হিন্দ ক্লাব, পাণ্ডু ৰেষ্টকেম্প, কালিবাৰী, কুমাৰপাৰাৰ নয়নতৰা, আঠগাঁও পুখুৰীপাৰ, ভৰলুৰ শ্লুইছগেট, লতাশিল, গীতানগৰ সাৰ্বজনীন দুৰ্গা পূজাত নানা থিম লৈ পূজাৰ আয়োজন কৰা হৈছে৷ ইফালে উজান বজাৰৰ বাৰোৱাৰী পূজা সমিতি, হৰিসভা, উগ্ৰতাৰা, শক্তিপীঠ কামাখ্যাত বৈদিক ৰীতি- নীতিত গুৰুত্ব দি অধ্যাত্মিকভাৱে দুৰ্গাপূজা পালন কৰা হৈছে৷

বিল্বেশ্বৰ দেৱালয়ৰ পূজাত বিশাল শোভাযাত্ৰা

‘আমাৰ অসম’ৰ চামতাৰ প্ৰতিবেদকঃ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ ১০ দিনীয়া শাৰদীয় দুৰ্গা পূজাৰ আজি ষষ্ঠীৰ দিনটোত বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰা হয়৷ দেৱালয়ৰ দুৰ্গা পূজা পৰিচালনা সমিতিয়ে পুৱা বিশাল শোভাযাত্ৰা কৰি দেৱালয়ৰ পৰা প্ৰায় ৬ কিলোমিটাৰ দূৰত্বৰ গামাৰিমূৰীৰ ওচৰৰ খাটাৰূপীয়াবাথান গাঁৱৰ পৰা দেৱীৰূপী ৰামকল গছ জোপা দেৱালয়ৰ পূজা মণ্ডপলৈ আদৰি অনা হয়৷ বিল্বেশ্বৰ দেৱালয়ৰ পৰা ফুলৰ মালাৰে সু-সজ্জিত এখন ঘোঁৰাগাড়ীৰ লগত শতাধিক ই-ৰিক্সা আৰু চাৰিচকীয়া বাহনত সহস্ৰাধিক পুৰুষ-মহিলা, কুমাৰী-অকুমাৰী কন্যা, যুৱক-যুৱতীয়ে  ‘দুৰ্গা মা কি জয়’ ধবনি দি বিশাল শোভাযাত্ৰা কৰি গন্ধিয়া-চামতা- কুলবিলঘাট- সাহপুৰ - ৰাজঘাট হৈ খাটাৰূপীয়াবাথানৰ ধনেশ্বৰ বৰ্মনৰ ঘৰলৈ গৈ তেওঁৰ ঘৰত হোৱা ৰামকল গছ জোপা পূজা অৰ্চনা কৰি নতুন বস্ত্ৰৰে মেৰীয়াই সু-সজ্জিত ঘোঁৰাগাড়ীত তুলি দেৱালয়ৰ পূজা মণ্ডপলৈ আদৰি নিয়ে৷ সন্ধিয়া যথাৰীতি মতে বি{¤বোধন কৰি দেৱীক ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হয়৷

ঢেকীয়াজুলিৰ পূজা মণ্ডপত স্থান পাইছে বীৰ শ্বহীদে

‘আমাৰ অসম’ৰ ঢেকীয়াজুলিৰ প্ৰতিবেদকঃ এয়া সময় শৰতৰ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া আটকধুনীয়াকৈ সজাই তোলা হৈছে পূজা মণ্ডপসমূহ৷ প্ৰতিখন দুৰ্গাপূজা কমিটীয়েই ৰঙচঙীয়াকৈ সজাই পৰাই তোলাৰ প্ৰয়াস কৰিছে নিজা নিজা মণ্ডপসমূহ৷ তাৰ মাজতেই চৰ্চালৈ আহিছে শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ এখন বিশেষ পূজা মণ্ডপ৷ য’ত দেখিবলৈ পোৱা গৈছে জাতিৰ পিতা মহাত্মা গান্ধী, ভগৎ সিং, চন্দ্ৰশেখৰ, আজাদ আদিকে ধৰি ভাৰত ত্যাগ আন্দোলনৰ বীৰ শ্বহীদসকলক৷ ঢেকীয়াজুলিৰ শান্তিপাড়া যুৱ সংঘই আটকধুনীয়াকৈ সাজি উলিয়াইছে ‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক মঞ্চ সজ্জাৰে এটা পূজা মণ্ডপ৷ ৫০ বছৰৰো অধিক পুৰণি এই দুৰ্গা পূজা ভাগত শান্তিপাড়া যুৱ সংঘই প্ৰতি বছৰেই মণ্ডপ সজ্জাৰ জৰিয়তে এটি বিশেষ বাৰ্তা প্ৰেৰণৰ প্ৰয়াস কৰি আহিছে৷ এইবেলি বিশেষকৈ স্বাধীনতা আন্দোলনৰ বীৰ সেনানীসকলক সন্মান প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰিছে সংঘই৷ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ দিনটোত ঢেকীয়াজুলি আৰক্ষী চকীৰ পৰা বৃটিছৰ ইউনিয়ন জেক আঁতৰাবলৈ আগবাঢ়ি আহিছিল এদল মুক্তিপ্ৰয়াসী মৃত্যুবাহিনী৷ ‘কৰিম কিম্বা মৰিম’– এই লক্ষ্যৰে আগবাঢ়ি অহা মৃত্যু বাহিনীৰ ওপৰত জঁপিয়াই পৰিছিল বৃটিছ সৈন্য৷ বৃটিছৰ গুলীত নিহত হৈছিল ঢেকীয়াজুলিৰ ১৩ জনকৈ স্বাধীনতাকামী বীৰ শ্বহীদ৷ যাৰ বাবে গৌৰৱান্বিত আজি ঢেকীয়াজুলিবাসী৷ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ সেই ১৩ জন শ্বহীদৰ স্বৰ্ণিল ইতিহাসৰ স্মৃতি প্ৰতিফলিত হৈ উঠিছে সংঘৰ এই বিশেষ পূজা মণ্ডপত৷ শ্বহীদসকলক সন্মান জনোৱাৰ লগতে নৱ-প্ৰজন্মক বীৰ শ্বহীদসকলৰ সৈতে পৰিচয় কৰোৱাৰ উদ্দেশ্যেৰে এই পদক্ষেপ লোৱা হৈছে বুলি জনাইছে পূজা কমিটীৰ সভাপতি তপন দাস তথা সম্পাদক অভিজিত মজুমদাৰে৷ মণ্ডপৰ আৰ্হিৰ বিষয়ে আলোচনা হওঁতে শান্তিপাড়াৰ স্থানীয় যুৱতী ৰাগিনী চক্ৰৱৰ্তীয়ে এইবাৰৰ আৰ্হিৰ বিষয়ে পূজা কমিটীৰ বিষয়ববীয়া সকলক প্ৰস্তাৱ আগবঢ়ায়৷ সৰ্বসন্মতি মৰ্মে এই প্ৰস্তাৱ গ্ৰহণ উক্ত বিষয়বস্তুৰে মণ্ডপ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে বুলি সাংবাদিকক জনাইছে উদ্যোক্তাসকলে৷

পলাশবাৰীৰ মিৰ্জা পাঁচদিনীয়া পূজা আৰম্ভ

‘আমাৰ অসম’ৰ পলাশবাৰীৰ প্ৰতিবেদকঃ পলাশবাৰীৰ মিৰ্জা আঞ্চলিক শ্ৰীশ্ৰীদুৰ্গা পূজা সমিতিৰ আজিৰ পৰা পাঁচ দিনীয়াকৈ মিৰ্জাস্থিত পূজা মণ্ডপ প্ৰাংগণত দুৰ্গা পূজাৰ শুভাৰম্ভ কৰা হয়৷ এই উপলক্ষে পুৱা পূজা সমিতিৰ সম্পাদক ৰত্নকান্ত শৰ্মাই আঁত ধৰা কাৰ্যসূচীত ধৰ্মধবজ্জা উত্তোলন কৰে পূজা সমিতিৰ সভাপতি ৰাজেন চন্দ্ৰ কুমাৰে [মেধি]৷ তেওঁ আধ্যাত্মিক ভাষণ প্ৰদান কৰি কয়– দুৰ্গা পূজাৰ অৰ্থই হ’ল আসুৰিক শক্তিৰ বিনাশ কৰা৷ মাতৃশক্তি মানেই দেৱী দুৰ্গা৷ শেষত দেৱী দুৰ্গাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই ৰাইজৰ মংগল কামনা কৰি সকলোৱে যাতে শান্তি, ঐক্য আৰু ভ্ৰাতৃত্বৰে জীয়াই থাকিব পাৰে তাৰেই প্ৰাৰ্থনা কৰে৷  অইনবাৰৰ দৰে এইবেলিও এই পূজাত যাত্ৰাভিনয়, ওজাপালি, সাংস্কৃতিক অনুষ্ঠান আদিৰে প্ৰায় বিশ লাখ টকাৰ বাজেটেৰে এই পূজাখনি পালন কৰাৰ বাবে দিহা কৰিছে৷ আনহাতে উপৰহালী ৰাইজ গয়ৰহে পৰম্পৰাগতভাৱে উদযাপন কৰি অহা মাঁ শক্তিদেৱী শ্ৰীশ্ৰী দুৰ্গাদেৱীৰ পূজাভাগ এইবেলিও যথাবিহিত মাংগলিক কাৰ্যসূচীৰে আজিৰে পৰা ২৪ অক্টোবৰলৈ অনুষ্ঠিত কৰিছে৷ পূজাৰ আটাইকেইদিন ওজাপালি, আৰতি, বৰিহাট আমৰঙ্গাৰ গোপীনাথ নাট্যগোষ্ঠীৰ যাত্ৰাভিনয়, ৰাণী মৈৰাপুৰৰ শিৱ শংকৰ ছোৱালীৰ ঘোষানাম,  শ্ৰীকৃষ্ণ ঢুলীয়া নাট্য দলৰ নাট পৰিৱেশন আদি অনুষ্ঠিত হ’ব৷ ইতিমধ্যে পূজা পৰিচালনা কৰাৰ বাবে অজিত চন্দ্ৰ ঠাকুৰীয়াক সভাপতি, কমলেশ্বৰ তালুকদাৰ আৰু সুভাষ দাসক উপ-সভাপতি, পবিত্ৰ কুমাৰ তালুকদাৰক সাধাৰণ সম্পাদক; হেমন্ত ঠাকুৰীয়া, বিজয় তালুকদাৰ, প্ৰদীপ দাসক সহঃ সম্পাদক হিচাপে লৈ এখন পূজা সমিতি গঠন কৰিছে৷ আনহাতে ২৮ অক্টোবৰত উপৰহালীস্থিত ঐতিহাসিক শ্ৰীশ্ৰী ভাঙৰা-গোঁপাল গোঁসাই ঘৰত মাঁ শ্ৰীশ্ৰী লক্ষ্মীদেৱীৰ পূজা অনুষ্ঠিত হ’ব৷ লক্ষ্মীপূজাৰ লগত সংগতি ৰাখি সিদিনা নিশা উপৰহালী ৰণাংগন শিল্পী গোষ্ঠীৰ দ্বাৰা অৱতাৰ সিঙৰ ‘মন বাগিচাৰ গাভৰু’ নামৰ এখন সামাজিক নাট প্ৰদৰ্শন কৰা হ’ব৷ আনহাতে পলাশবাৰী, ঝাৰোবড়ী, বাটৰহাট, দখলা আদি বিভিন্ন অঞ্চলৰ লগতে কিছুসংখ্যক ব্যক্তিয়ে নিজাববীয়াকৈ দুৰ্গা পূজা অনুষ্ঠিত কৰিছে৷

টিহুৰ বাৰোৱাৰী পূজা মহোৎসৱত উছৱমুখৰ পৰিৱেশ

‘আমাৰ অসম’ৰ টিহুৰ প্ৰতিবেদকঃ ঐতিহ্যমণ্ডিত ১২০সংখ্যক টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসৱক লৈ চলিছে ব্যাপক প্ৰস্তুতি৷ উল্লেখ্য, আজিৰে পৰা টিহু নৈৰ পাৰৰ হাটখলাত অৱস্থিত দুৰ্গা মন্দিৰ প্ৰাংগনত বৰ্ণিল কাৰ্যসূচীৰে পালন কৰিব লগা দুৰ্গোৎসৱৰ বাবে পৱন হালৈক সভাপতি, হিমাংশু শৰ্মাক সম্পাদক হিচাপে লৈ ইতিমধ্যে গঠন কৰা উদযাপন সমিতিৰ উপৰিও কেবাখনো উপ-সমিতি গঠন কৰা হৈছে৷ কেবালক্ষ টকাৰ বাজেটেৰে উদযাপন কৰিব লগা টিহু বাৰোৱাৰী দুৰ্গাপূজা মহোৎসৱৰ লগত সংগতি ৰাখি গুণজিৎ কলিতাৰ সম্পাদনাত ‘কাত্যায়নী’ নামৰ এখন মুখপত্ৰ প্ৰকাশৰো যো-জা চলোৱা হৈছে৷  ইপিনে, টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজাৰ মূল আকৰ্ষণ বিজয়া দশমীৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰাৱণ দাহন উৎসৱৰো ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে৷ বিগত বছৰৰ দৰে এইবেলিও ৰাৱণ দাহনক কেন্দ্ৰ কৰি সমগ্ৰ টিহু অঞ্চলৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে৷ টিহু হাইস্কুল খেলপথাৰত উদযাপিত হ’ব লগা ৰাৱণ দাহন উৎসৱৰ বাবে বিশিষ্ট ভাস্কৰ্য শিল্পী ভাৰত তালুকদাৰৰ নীতি-নিৰ্দেশনাত ব্যয়বহুল পৰিকল্পনাৰে আকৰ্ষণীয় ৰূপত বিশাল আকৃতিৰ ৰাৱণৰ প্ৰতিমূৰ্তিৰ নিৰ্মাণ কাৰ্যও ইতিমধ্যে আৰম্ভ হৈছে৷ কাৰ্যসূচী অনুসৰি ২৪ অক্টোৱৰৰ সন্ধিয়া ৰং-বিৰঙৰ আতজবাজীৰে আকাশ আলোকিত কৰি বিশাল আকৃতিৰ ৰাৱণৰ প্ৰতিমূৰ্তি অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত দাহন কৰা হ’ব৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে৷ ইয়াৰ পূৰ্বে দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি সু-সজ্জিত হাতী, বাহন আৰু সুমধুৰ বেণ্ডেৰে টিহু নগৰ পৰিভ্ৰমণ কৰাৰ অন্তত টিহু নৈৰ শ্বহীদ স্মৃতি উদ্যান ঘাটত বিসৰ্জন দিয়া হ’ব৷ উল্লেখযোগ্য যে ৰাৱণ দাহন কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে প্ৰতিবছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ  দৰ্শনাৰ্থীৰ সমাগম ঘটে৷ এইবাৰো টিহুত সমাগম হ’বলগীয়া দৰ্শনাৰ্থীক আদৰিবলৈ দুৰ্গা পূজা আয়োজক সমিতি আৰু প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷

কৃষ্ণাইত উৰুলিধবনিৰ মাজেৰে হাতী লৈ পানী তোলা পৰ্ব

‘আমাৰ অসম’ৰ কৃষ্ণাইৰ প্ৰতিবেদকঃ সমগ্ৰ ৰাজ্যখনৰ লগতে গোৱালপাৰা জিলাতো শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ বৃহত্তৰ কৃষ্ণাই অঞ্চলত এইবেলি মুঠ তেৰখন পূজা মণ্ডপত দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে৷ সেই পূজা মণ্ডপ কেইখন হৈছে– বাবুপাৰা, জাগ্ৰতপাৰা, কৰ্মকাৰপাৰা, আশুডুবি, দুৰ্গাবাড়ী, পাখিৰীগুৰি, শীতলাবাড়ীৰ লগতে জ্যোতিনগৰত চাৰিখন আৰু বেকীপুলৰ দুখন৷ ইয়াৰ উপৰিও কৃষ্ণাইৰ কাষৰীয়া মেন্দিপথাৰ, খাৰদাং, জিৰা তথা শ্ৰীশ্ৰী টুক্ৰেশ্বৰী দেৱালয়তো আয়োজন কৰা হৈছে দুৰ্গা পূজা৷ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠা পূজা মণ্ডপসমূহ বিভিন্ন আলোকসজ্জাৰে চালে চকুৰোৱাকৈ সজাই পৰাই কৰি তোলা হৈছে৷ আজি ষষ্ঠীৰ দিনা আবেলি বাবুপাৰা, জ্যোতিনগৰ, বেকীপুল আদি পূজা সমিতিয়ে উলিয়ায় বিশাল শোভাযাত্ৰা৷ দেৱীক গা ধুৱাবলৈ নৈৰ পৰা পানী তোলা পৰ্বক কেন্দ্ৰ কৰি উলিওৱা হয় এই শোভাযাত্ৰা৷  আয়তীৰ উৰুলি, ঢাকোৱালৰ ঢাকৰ শব্দেৰে উলিওৱা এই শোভাযাত্ৰাত পোহনীয়া হাতী এটাক সজাই পৰাই অংশগ্ৰহণ কৰোৱা হয়৷

কমলপুৰত ধৰ্মধবজা উত্তোলনেৰে পূজা আৰম্ভ

‘আমাৰ অসম’ৰ কমলপুৰৰ প্ৰতিবেদকঃ কামৰূপ জিলাৰ কমলপুৰত কমলপুৰ আঞ্চলিক সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা উদযাপন সমিতিয়ে এইবেলি ৭২সংখ্যক শাৰদীয় দুৰ্গোৎসৱৰ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ কালি পুৱা ৯ বজাত ধৰ্মধবজা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়৷ শতাধিক জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ কেন্দ্ৰীয় সংঘাধিকাৰ প্ৰণৱ কুমাৰ শৰ্মাই মুখ্য ধৰ্মধবজা উত্তোলন কৰে৷ ধবজা উত্তোলনৰ পূৰ্বে শৰ্মাই ধবজাৰ বেদীত বন্তি আৰু ধূপ প্ৰজ্বলন কৰাৰ লগতে উদ্‌যাপন সমিতিয়ে শঙ্খ, ঘণ্টা, বৰকাঁহ আদি মাংগলিক বাদ্য বজাই আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে৷ ৭২ সংখ্যক দুৰ্গাপূজা উপলক্ষে মুখ্য ধবজা উত্তোলকৰ উপৰিও ৭২ গৰাকী জ্যেষ্ঠ নাগৰিকৰ দ্বাৰা ৭২খন ধবজা উত্তোলনৰ পূৰ্বে দুৰ্গোৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি যোগেন চন্দ্ৰ দাস, কাৰ্যকৰী সভাপতি দীপক দাস আৰু সাধাৰণ সম্পাদক বিপুল ডেকাই প্ৰতিগৰাকী উত্তোলকক ফুলাম গামোচাৰে শাৰদীয় শুভেচ্ছা জনায়৷ ধবজা উত্তোলনৰ অন্তত মুখ্য উত্তোলকৰ ভাষণ প্ৰসংগত প্ৰণৱ কুমাৰ শৰ্মাই অসমত দেৱীপূজাৰ বিষয়ে কোৱাৰ উপৰিও বৈষ্ণৱ যুগতো বৈদিক বৈষ্ণৱ গুৰু শ্ৰীমৎ দেৱদামোদৰদেৱে তেখেতৰ শিষ্য কোচ ৰজা লক্ষ্মী নাৰায়ণক হিংসাবৰ্জিতভাৱে দুৰ্গাদেৱীৰ পূজা কৰিবলৈ অনুমতি দিয়া বুলি উল্লেখ কৰে৷ অৰ্থাৎ বলিবিহীনভাৱে দেৱীপূজা কৰিবলৈ গুৰুজনাই ৰজাক আজ্ঞা দিয়াৰ কথা উল্লেখ কৰে৷ সংঘাধিকাৰ শৰ্মাই কমলপুৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণৰ বায়ুকোণত এটি হনুমান মন্দিৰ প্ৰতিষ্ঠাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱাত উপস্থিত সকলোৱে হাত চাপৰিৰে সমৰ্থন জনায়৷ স্মৃতি তৰ্পণ কৰে উদ্‌যাপন সমিতিৰ মুখ্য সভাপতি যোগেন চন্দ্ৰ দাসে৷ গছপুলি ৰোপণ কৰে দুৰ্গা মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি হৰিচৰণ ডেকা আৰু উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি দীপক দাসে৷ সন্ধিয়া দেৱীৰ ষষ্ঠাদিকল্পাৰম্ভ, অধিবাস, বিল্ববৰণ আদি কাৰ্যসূচীৰ লগতে বিশিষ্ট অতিথিৰ দ্বাৰা বন্তি প্ৰজ্বলন আদিও কৰা হ’ব৷ পাঁচদিনীয়া দুৰ্গোৎসৱৰ সকলো কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে উদ্‌যাপন সমিতিয়ে৷ কমলপুৰৰ উপৰিও এই অঞ্চলটোৰ পুঠিমাৰী, ক’লাজল, বাইহাটা, সোণেশ্বৰ, কুসুমপুৰ, বোৰ্কা,  বৰুৱাজানী আদি গাঁৱৰ দহখনৰো অধিক পূজা মণ্ডপত আজিৰে পৰা পাঁচদিনীয়াকৈ শাৰদীয় দুৰ্গাপূজা আৰম্ভ কৰা হৈছে৷