Logo
image

ৰহাত কেদাৰনাথ মন্দিৰৰ আৰ্হিত পূজা মণ্ডপঃ কেদাৰনাথ দৰ্শন কৰিবলৈ ভক্তৰ ভিৰ

ডিজিটেল সংবাদ, ৰহাঃ কেদাৰনাথ মন্দিৰৰ কথা নিশ্চয় শুনিছে। সুউচ্চ পৰ্বতৰ মাজত অৱস্থিত কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ যথেষ্ঠ কষ্ট কৰিবলগীয়া হয়। বৰফৰ মাজেৰে সুউচ্চ পৰ্বতমালাক অতিক্ৰম কৰি মাইলৰ পাছত মাইল খোজ কাঢ়ি মহাদেৱৰ দৰ্শন লাভ কৰে ভক্তই। কিন্তু বৰ্তমান সেই সুউচ্চ পৰ্বতমালাৰ সলনি অসমতে দৰ্শন কৰিব পাৰিব বাবা কেদাৰনাথ মন্দিৰ।

ৰাজ্যৰ চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ পাৰভঙা উছাহ। বিভিন্ন ঠাইত নানা আকৃতিৰ পূজা মণ্ডপ সজাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে পূজা সমিতিয়ে। সেইদৰে নগাঁও জিলাৰ ৰহাত নিৰ্মাণ হৈছে সুউচ্চ বাবা কেদাৰনাথ মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ। চলিত বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত উপনীত হোৱা ৰহা পুৰণা চাৰিআলি দুৰ্গা পূজা উদযাপন সমিতিয়ে ১৪ লাখ টকা বৃহৎ বাজেটেৰে দৰ্শকৰ বাবে তৈয়াৰ কৰিছে বাবা কেদাৰনাথ মন্দিৰৰ আৰ্হিৰে পূজা মণ্ডপ। 

প্ৰায় এশফুট উচ্চতাত স্থাপন কৰা হ'ব  বাবা কেদাৰনাথ মন্দিৰ। সুৰঙ্গৰ মাজেৰে ওপৰলৈ উঠি বাবা কেদাৰনাথক দৰ্শন কৰি পুনৰ তলতৈ নামি আহি দৰ্শন কৰিব পাৰিব মা দূৰ্গাক। প্ৰায় এমাহ ধৰি পশ্চিম বংগৰ পৰা অহা ভাস্কৰ্য শিল্পীয়ে দিনে নিশাই ব্যস্ত হৈ বাবা কেদাৰনাথ মন্দিৰ সম্পূৰ্ণ কৰি উলিয়াইছে। কাৰ্যসূচী অনুসৰি সপ্তমী, অষ্টমী, নৱমীত নামতী দলৰ নাম প্ৰসংগৰ লগতে দশমীৰ নিশা আছে জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠা৷ ইয়াৰ লগতে ৰহাৰ অন্যতম ৩৬ বৰ্ষত উপনীত হোৱা জ্যোতি সংঘ দুৰ্গা পূজা উদযাপন সমিতিয়েও দৰ্শকৰ আকৰ্ষণৰ বাবে তৈয়াৰ কৰিছে এক আকৰ্ষণীয় মণ্ডপ। ভগৱানৰ শংখ, চক্ৰ, গদা, পদ্মৰ চানেকীৰে থলুৱা সামগ্ৰীৰে সজাই তুলিছে পূজা মণ্ডপ। প্ৰখ্যাত ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ তত্বাৱধানত এমাহ ধৰি থলুৱা শিল্পীসকলে নিৰ্মাণ কৰিছে মণ্ডপটো আৰু ইয়াৰ বাজেট প্ৰায় ৬ লাখ টকা। শেহতীয়াকৈ ৰহা পুৰণা চাৰিআলি আৰু ৰহা জ্যোতি সংঘ এনে ব্যতিক্ৰমী দুৰ্গা পূজাৰ মণ্ডপ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।