বিশ্বকাপ ক্ৰিকেটৰ অপ্ৰত্যাশিত ফল
এইবাৰৰ বিশ্বকাপ ক্ৰিকেট আৰম্ভ হোৱাৰ পূৰ্বে ক্ৰিকেট বিশেষজ্ঞসকলে ছেমি-ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সম্ভাব্য দল হিচাপে নিৰ্বাচন কৰিছিল আয়োজক দেশ ভাৰতৰ লগতে যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ড, পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানক৷ এইবাৰৰ বিশ্বকাপত ভাগ লোৱা দহটা দলৰ শীৰ্ষৰ চাৰিটা দল ছেমি-ফাইনেললৈ উন্নীত হ’ব৷ লীগ পৰ্যায়ত প্ৰতিটো দলে খেলিব ৯খনকৈ খেল৷ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে সোমবাৰপৰ্যন্ত টুৰ্নামেণ্টখনত চাৰিখন খেলৰ কেৱল এখন খেলত জয়ী হৈ পইণ্ট তালিকাৰ সৰ্বনিম্ন স্থানত আছে ইংলেণ্ড৷ তাৰ বিপৰীতে সৰ্বাধিকবাৰ বিশ্বকাপ জয় কৰা অষ্ট্ৰেলিয়া চাৰিখন খেলৰ দুখনত পৰাস্ত হৈছে৷ দলটো পৰাস্ত হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ হাতত৷ নেডাৰলেণ্ডছ আৰু আফগানিস্তানৰ দৰে দলক এইবাৰ বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল যদিও এই দুটা দলে এইবাৰৰ বিশ্বকাপত ঘটাইছে দুটা বৃহৎ অঘটন৷ নেডাৰলেণ্ডছে দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানে ইংলেণ্ডক পৰাস্ত কৰিব বুুলি হয়তো কোনেও ভবা নাছিল৷ কিন্তু কোৱা হয় ক্ৰিকেট অনিশ্চয়তাৰ খেল, আৰু এই খেলত অসম্ভৱ বুলি একোৱেই নাই৷ নেডাৰলেণ্ডছ সাধাৰণতে ফুটবলৰ বাবেহে বেছিকৈ পৰিচিত৷ কিন্তু সেই নেডাৰলেণ্ডছে দক্ষিণ আফ্ৰিকাক ৩৮ ৰানত পৰাস্ত কৰি সকলোকে আচৰিত কৰিছিল৷ একেদৰে আফগানিস্তানে ইংলেণ্ডক ৬৯ ৰানত পৰাস্ত কৰাটো আছিল এইবাৰৰ বিশ্বকাপৰ আন এটা অঘটন৷ ডিফেণ্ডিং চেম্পিয়নক পৰাস্ত কৰাৰ পাছত আত্মবিশ্বাস দুগুণ বৃদ্ধি পোৱা আফগানিস্তানে সোমবাৰে ১৯৯২ চনৰ চেম্পিয়ন পাকিস্তানক আঠ উইকেটত পৰাস্ত কৰি ঘটালে আন এটা অঘটন৷ বিশ্ব ক্ৰিকেটত আফগানিস্তানৰ এই উত্থান চৰ্চাৰ বিষয় হৈ পৰিছে৷ ২০২১ চনৰ আগষ্টত তালিবানে দেশৰ ক্ষমতা দখল কৰাৰ পাছত এবছৰতকৈও অধিক সময় আফগানিস্তানৰ ক্ৰিকেট দলটোৰ অস্তিত্ব নোহোৱা হৈ পৰিছিল৷ চৰম অনিশ্চয়তাত ভুগিছিল আফগানিস্তান ক্ৰিকেট ব’ৰ্ড৷ কিন্তু ২০২২ চনৰ নৱেম্বৰত ইউনাইটেড আৰব এমীৰেটছ [ইউ এ ই] ক্ৰিকেট ব’ৰ্ডৰ সৈতে হোৱা পাঁচ বছৰীয়া চুক্তিৰ পাছত নতুনকৈ প্ৰাণ পাই উঠে আফগানিস্তান ক্ৰিকেটে৷ আফগানিস্তান ক্ৰিকেট দলটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যুঁজ দিয়াৰ মানসিকতা আৰু এই কাৰকটোৱে দলটোক বৰ্তমানৰ পৰ্যায়ত উপনীত কৰাইছে৷ সোমবাৰৰ খেলখনত পাকিস্তানে আফগানিস্তানৰ সন্মুখত ২৮৩ ৰানৰ জয়ৰ লক্ষ্য বান্ধি দিয়াৰ পাছত দলটোৰ চাৰিজন বেটাৰেই পাকিস্তানৰ জয়ৰ আশা নিৰ্বাপিত কৰিছিল৷ ইংলেণ্ড আৰু পাকিস্তানৰ বিৰুদ্ধে দেখুওৱা প্ৰদৰ্শনৰ পাছত পৰৱৰ্তী খেলকেইখনত প্ৰতিদ্বন্দ্বী দলবোৰৰ পৰা আফগানিস্তানে নিঃসন্দেহে যথেষ্ট সমীহ আদায় কৰিব৷ এয়াই হৈছে ক্ৰিকেটৰ বিশেষত্ব৷ বিশ্বকাপ ক্ৰিকেটত ইয়াৰ পূৰ্বেও আয়াৰলেণ্ড, কেনিয়াৰ দৰে তুলনামূলকভাৱে দুৰ্বল দলে অঘটন ঘটোৱাৰ উদাহৰণ আছে৷
এইবাৰৰ বিশ্বকাপত আফগানিস্তান এতিয়ালৈকে ভাৰত, বাংলাদেশ আৰু নিউজীলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে জয়ী হৈছে ইংলেণ্ড আৰু পাকিস্তানৰ বিৰুদ্ধে৷ যি পৰিৱেশত ক্ৰিকেট খেলি আফগানিস্তানৰ ক্ৰিকেট বৰ্তমানৰ পৰ্যায়ত উপনীত হৈছে, তালৈ চাই বিশ্বকাপত দেখুওৱা প্ৰদৰ্শন দলটোৰ বাবে এক ডাঙৰ প্ৰাপ্তি বুলি ক’লেও ভুল কৰা নহ’ব৷ দুবাৰৰ প্ৰাক্তন চেম্পিয়ন ৱেষ্ট ইণ্ডিজে এইবাৰৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে৷ তাৰ বিপৰীতে বিশ্ব ক্ৰিকেটৰ এই মহাৰণত আফগানিস্তান আৰু নেডাৰলেণ্ডছৰ দৰে দলে দেখুওৱা প্ৰদৰ্শনে নিশ্চয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলকো যথেষ্ট উৎসাহিত কৰিব৷






