Logo
image

কটন বিশ্ববিদ্যালয়ত লিংগ ভিত্তিক অধ্যয়ন পাঠ্যক্ৰম মুকলি

আমাৰ অসম, ৫ ফেব্ৰুৱাৰীঃ ২০২০-২১ শৈক্ষিক বৰ্ষৰ বাবে কটন বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন কেন্দ্ৰই আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে লিংগ ভিত্তিক অধ্যয়নত নতুনকৈ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম। এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে লেখিকা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তিলোত্তমা মিশ্ৰই। বিশ্ববিদ্যালয়খনে এনে এক পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে অভিনন্দন জনায় মিশ্ৰই। অধ্যাপকগৰাকীয়ে কয় যে লিংগ ভিত্তিক অধ্যয়নে বহুল বিষয়ক সামৰি লোৱাৰ লগতে প্ৰাসংগিক শক্তিকেন্দ্ৰসমূহকো দায়বদ্ধ কৰি তুলবলৈ সক্ষম হ'ব। তেওঁ পুনৰ কয় যে লিংগ ভিত্তিক অধ্যয়নে আমাৰ সমাজ ব্যৱস্থাত চলি অহা পাৰম্পৰিক বিশ্বাস, উপাখ্যান আদি অবিজ্ঞানসন্মত ধাৰণাক নস্যাত কৰিব।

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাসে এই পাঠ্যক্ৰমৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কয় যে এই শৈক্ষিক কাৰ্যসূচীৰ জন্মৰ সাক্ষী হৈ তেওঁ সুখী অনুভৱ কৰিছে। ইপিনে অনুষ্ঠানটোৰ সময়ত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়ক ড° সঞ্জয় কুমাৰ দত্তই নতুন পাঠ্যক্ৰমৰ মুকলি কৰাৰ প্ৰসংগত এক ৰূপৰেখা দাঙি ধৰে। কেন্দ্ৰটোৰ মুৰব্বী আৰু কাৰ্যসূচী সমন্বয়ক ড° ৰাখী কলিতা ম'ৰলে শুভাৰম্ভ অনুষ্ঠানত পাঠ্যসূচীৰ উপস্থাপন সম্পৰ্কে উল্লেখ কৰে। উল্লেখ্য যে  মুঠ ১৭ জন শিক্ষাৰ্থীয়ে নতুনকৈ আৰম্ভ কৰা এই পাঠ্যক্ৰমত নামভৰ্তি কৰিছে।