Logo
image

...ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো বিজয়াৰ বিফল সন্ধ্যাত

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৫ অক্টোবৰঃ দেৱী দুৰ্গাৰ বিসৰ্জনৰ দিনটো যে অতি বেদনাদায়ক সেই কথা স্পষ্টভাৱে প্ৰকাশ পাইছিল কবি দেৱকান্ত বৰুৱাৰ কবিতাত৷ তেওঁ এই বেদনা গধুৰ মুহূৰ্তক অংকিত কৰিছিল ‘...তুমি নুবুজিবা সখি! কিনো বেদনাত ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত!’ সঁচাকৈ বিজয়া দশমীৰ দিনটো অতি বেদনাদায়ক৷ কিয়নো ষষ্ঠীৰ বেদীত দেৱীৰ প্ৰতিষ্ঠা কৰাৰ দিনটোৰ পৰাই ভক্তৰ মন উলাহে নধৰা হয়৷ এনেদৰে মন উল্লাসিত হৈ পৰাৰ সময়ত দশমীৰ দিনটোত আহিলেই মন ভাগি পৰে শিশুৰ পৰা বৃদ্ধলৈ, কিশোৰীৰ পৰা বৃদ্ধালৈ৷ উল্লেখ্য, ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেবী দুৰ্গাক মঙলবাৰে ৰাজ্যবাসীয়ে অশ্ৰুশিক্ত নয়নেৰে বিদায় দিয়ে৷ ঘোঁৰাত আগমন হোৱা দেৱী দুৰ্গাই মঙলবাৰে ঘোঁৰাতে গমন কৰে৷ হিন্দু ধৰ্মাবলম্বী লোকৰ বিশ্বাস অনুসৰি বিজয়া দশমীৰ দিনটোত ভগবান ৰামে লংকাৰ অধিপতি ৰাৱনক বধ কৰি  সীতাক উদ্ধাৰ কৰিবলৈ অকালবোধন দুৰ্গা পূজা৷ বিজয়া দশমীৰ দিনটোত দশমুৰীয়া ৰাৱনৰ পতন হোৱা বাবে এই দেৱীক দশেৰা বুলিও জনা যায়৷ অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে দেশৰ ভিন্ন প্ৰান্তত উদ্‌যাপন কৰা হয় বিজয়া দশমী৷ ৰাৱনে সীতাক হৰণ কৰাৰ পাছত ৰাৱন আৰু ভগৱান শ্ৰীৰামৰ মাজত দহ দিন ধৰি যুদ্ধ চলিছিল৷ শেষত আহিনৰ শুক্লা দশমীৰ দিনা মাতৃ দূৰ্গাৰ পৰা লাভ কৰা দিব্যাস্ত্ৰৰ সহায়ত ভগৱান ৰামে  অহংকাৰী ৰাৱনক বধ কৰে৷ ভগৱান ৰামে ৰাৱনৰ সৈতে যুদ্ধ কৰি জয়লাভ কৰিছিল বাবেই এই দিনটোক বিজয়া দশমী বুলি কোৱা হয়৷ অন্যায়ৰ ওপৰত ন্যায় প্ৰতিষ্ঠা কৰিবলৈ দেৱী দুৰ্গাই বিজয় দশমীৰ দিনটোত মহিষাসুৰকো বধ কৰিছিল৷ দেৱীৰ বিজয়ত সন্তুষ্ট হৈ দেৱতাসকল বিজয়া দেৱীক পূজা কৰি অহা বুলি বিশ্বাস কৰা হয়৷ বিজয়া দশমীৰ দিনটোত দেৱীৰ মূৰ্তিও বিসৰ্জন দিয়া হয়৷ ইয়াৰ সমান্তৰালভাৱে বিজয়া দশমীৰ দিনটোতে অস্ত্ৰ-শস্ত্ৰৰো পূজা কৰা হয়৷ ৰাজ্যত প্ৰায় ১৫৪০খন আৰু গুৱাহাটী মহানগৰত ৫৪২ পূজা কমিটীক যাৱতীয় বিধি অনুসৰি দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হৈছিল৷ দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়াৰ বাবে ৰাজ্যৰ বিভিন্ন নদ-নদীত বিশেষ ব্যৱস্থা কৰা হয়৷ গুৱাহাটীত দেৱী  প্ৰতিমা বিসৰ্জনৰ বাবে বিভিন্ন নদ-নদীৰ ৮টা ঘাট সাজু কৰি তোলা হয়৷ গুৱাহাটীৰ ছুনচালি, কাছমাৰি, পাণ্ডু, চন্দ্ৰপুৰ, ডিমৰীয়া, বশিষ্ঠ, বাহিনী আৰু ধাৰাপুৰ ঘাটত দেবী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হয়৷ দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া চলি থকাৰ সময়তে কাছমাৰি ঘাটত গুলী চালনাৰ ঘটনা সংঘটিত হয়৷ আৰক্ষীয়ে মঙলবাৰে উক্ত ঘাটটোত শূন্যলৈ ১৫জাঁই গুলী চলায়৷ অৱশ্যে কোনো লোক উক্ত গুলী চালনাৰ ফলত কোনো লোক হতাহত হোৱা নাই৷

হাতীগাঁৱত দুৰ্গা পূজাৰ স্মৃতিগ্ৰন্থ ছিন্নমস্তা উন্মোচন

মহানগৰীৰ বৃহত্তৰ হাতীগাঁও সৰ্বজনীন দুৰ্গাপূজা উদযাপন সমিতিৰ স্মৃতিগ্ৰন্থ ছিন্নমস্তা সপ্তমী পূজাৰ দিনাৰ সন্ধিয়া আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়৷ এই উপলক্ষে হাতীগাঁৱৰ কেতেকীতলস্থিত স্থায়ী দুৰ্গা মন্দিৰ প্ৰাংগণৰ পূজা থলীত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ৩৪ সংখ্যক বৃহত্তৰ হাতীগাঁও সাৰ্বজনীন দুৰ্গাপূজা উদ্‌যাপন সমিতিৰ সভাপতি কল্যাণ কুমাৰ শৰ্মাই৷ ঋষিকন্যা শইকীয়াই পৰিৱেশন কৰা দুৰ্গা বন্দনাৰে সভাৰ শুভাৰম্ভ কৰা হয়৷ সভাত আজিজুৰ ৰহমান শইকীয়া সম্পাদিত স্মৃতিগ্ৰন্থ ‘ছিন্নমস্তা’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, সাহিত্যিক ধীৰেন শৰ্মাই৷